ETV Bharat / city

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পখিলাৰ মেলা

author img

By

Published : Jul 29, 2021, 6:55 PM IST

পখিলাই ইয়াৰ সৌন্দৰ্য, ৰঙীণ অৱয়ৱৰ সংমিশ্ৰণ আৰু নান্দনিক সমাহাৰেৰে পতংগৰ জগতত এক সুকীয়া স্থান দখল কৰি আহিছে ৷ সমগ্ৰ অসমতেই প্ৰায় 962 বিধ প্ৰজাতিৰ পখিলাৰ আৱাসস্থল হিচাপে চিহ্নিত হৈছে ৷ দিহিং পাটকাই অসমৰ প্ৰথমখন বৰ্ষাৰণ্যৰ পখিলাৰ সন্দৰ্ভত এক বিশেষ প্ৰতিবেদন ...

butterfly-story-of-dihing-patkai
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পখিলাৰ মেলা

মৰাণ, 29 জুলাই : শৈশৱত আপুনি ৰং-বিৰঙী পখিলাৰ পিছে পিছে দৌৰি ফুৰা মনত আছে নে ? পখিলাৰ ৰঙবোৰে সকলোকে বিয়াকুল কৰি তোলে ৷ বিভিন্ন গীত, কবিতাত ঠাই দখল কৰি অহা পখিলা হৈছে প্ৰকৃতিৰ অন্যতম অনুপম সৃষ্টি ।

প্ৰকৃতিৰ এনে অলংকাৰসমূহে পৃথিৱীখন ধুনীয়াকৈ সজাই ৰাখিছে । পখিলাই ইতিমধ্যে প্ৰকৃতিবিদ আৰু বিজ্ঞানীসকলৰ মাজত চিন্তাৰ উদ্বেগ ঘটাই প্ৰকৃতিৰ এক অপূৰ্ব সৃষ্টি বুলি পৰিগণিত হৈছে ৷ পখিলাই ইয়াৰ সৌন্দৰ্য, ৰঙীণ অবয়ৱৰ সংমিশ্ৰণ আৰু নান্দনিক সমাহাৰেৰে পতংগৰ জগতত সুকীয়া স্থান দখল কৰি আহিছে ৷ আপুনি জানেনে সমগ্ৰ অসম প্ৰায় 962 বিধ প্ৰজাতিৰ পখিলাৰ আৱাসস্থল হিচাপে চিহ্নিত হৈছে ৷

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পখিলাৰ মেলা

তাৰ ভিতৰত জয়পুৰ বৰ্ষাৰণ্য বা সদ্য ঘোষণা কৰা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত প্ৰায় তিনি শতাধিক পখিলা সহজে দেখা পোৱা যায় । এইক্ষেত্ৰত অসমে এক অতি চহকী বৈচিত্ৰতাৰ চানেকি তুলি ধৰিছে । পৰিৱেশৰ ভাৰসাম্যতা আৰু তাৰতম্যৰ সংবেদনশীল মাপক হিচাপে পখিলাৰ গুৰুত্ব অসীম ৷

সৌন্দৰ্য, ৰঙীণ অবয়ৱৰ সংমিশ্ৰণ আৰু নান্দনিক সমাহাৰেৰে পতংগৰ জগতত এক সুকীয়া স্থান দখল কৰা পখিলা চাবলৈ বিভিন্ন দেশৰ পৰা গৱেষক, পৰ্যটক-প্ৰকৃতিপ্ৰেমীসকল অহা দেখা যায় ৷ কিন্তু ক'ভিডৰ ভয়াৱহতাৰ বাবে এই বৰ্ষত কোনো পৰ্যটক অহা পৰিলক্ষিত হোৱা নাই ৷ এই পখিলাসমূহে সৌন্দৰ্য বৰ্ধন কৰা দেখিবলৈ পোৱা গৈছে ৷

অসমৰ ক্ৰান্তীয় চিৰ সেউজীয়া অৰণ্য বুলি ক’লেই মনলৈ আহে দিহিং পাটকাই সংৰক্ষিত বনাঞ্চলৰ কথা ৷ ব্ৰাজিলৰ আমাজন অৰণ্যৰ সৈতে সাদৃশ্য থকা হেতুকে এই অৰণ্যক বহুজনে পূৱৰ আমাজন বুলিও কয় । ব্ৰিটিছ ঔপনিৱেশিক কালৰ 19 অক্টোবৰ 1888 চনত এই অৰণ্যক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে স্বীকৃতি প্ৰদান কৰে ।

দিহিং পাটকাই অসমৰ প্ৰথমখন বৰ্ষাৰণ্য । ২০০৪ চনৰ ১৩ জুনত জয়পুৰ, আপাৰ দিহিং আৰু ডিৰাক সামৰি দিহিং পাটকাই বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে স্বীকৃত লাভ কৰে । শেহতীয়াকৈ ২০২০ বৰ্ষত চৰকাৰে অসমৰ মানচিত্ৰত এই অভয়াৰণ্যক ষষ্ঠখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰে ।

লগতে পঢ়ক: দিহিং পাটকাইৰ কথাৰে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.