ETV Bharat / city

DU Vice Chancellor suspension : ঘটনাক লজ্জাজনক আখ্যা পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাৰ

author img

By

Published : Nov 24, 2021, 10:36 AM IST

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক সোমবাৰে ৰাজ্যপালে অপসাৰণ তেওঁৰ পদৱীৰ পৰা অপসাৰণ কৰে (DU Vice Chancellor suspension)। উপাচাৰ্যগৰাকীক অপসাৰণ কৰাৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ ড৹ তামুলীক অপসাৰণ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱায়ো ৷

Tourism Corporation Chairman Rituparna Baruah
পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা

মৰাণ, 24 নৱেম্বৰ : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক ৰাজ্যপালে বৰ্খাস্ত কৰা ঘটনাই (DU Vice Chancellor suspension) ৰাজ্যৰ বৌদ্ধিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । ৰাজ্যৰ এখন বিশ্ববিদ্যালয়ৰ উপাচাৰ্যই দুৰ্নীতি সংঘটিত কৰি বৰ্খাস্ত হ'ব লগা বিষয়টো আজি সমাজৰ বাবে লজ্জাৰ বিষয় বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা (Assam Tourism Corporation Chairman Rituparna Baruah)ই ।

পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা

ঋতুপৰ্ণ বৰুৱাই কয় যে, বহু গুণী-জ্ঞানী লোকে উপাচাৰ্যৰ আসনত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত (Dibrugarh University) সেৱা আগবঢ়াই গৈছে তেনেস্থলত এজন উপাচাৰ্যই দুৰ্নীতি অনিয়ম সংঘটিত কৰা বিষয়টো দুখ লগা বিষয় । ড৹ ৰঞ্জিত কুমাৰ তামুলীয়ে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পদটোত কালিমা সানিলে । লগতে ড৹ ৰঞ্জিত কুমাৰ তামুলীক ৰাজ্যপালে বৰ্খাস্ত কৰি দুৰ্নীতিৰ বিৰুদ্ধে এটা ভাল বাৰ্তা দিছে বুলিও মন্তব্য কৰে ৰাজ্যৰ পৰ্যটন নিগমৰ অধ্যক্ষগৰাকীয়ে ।

তেওঁ লগতে কয় যে, ৰাজ্যপালে গঠন কৰি দিয়া উচ্চস্তৰীয় তদন্ত কমিটিৰ প্ৰতিবেদনৰ জৰিয়তে চলিত বৰ্ষৰ এপ্ৰিল মাহত তামুলীক নিলম্বন কৰাৰ পাছতে এক দীঘলীয়া ন্যায়িক যুঁজৰ অন্তত সোমবাৰে অপসাৰিত কৰিছে এসময়ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যজনক । ৰঞ্জিত কুমাৰ তামুলীৰ বিৰুদ্ধে বিভিন্ন অনিয়ম, বিত্তীয় কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছিল । ইয়াৰ পাছতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মজিয়াত আৰম্ভ হৈছিল আন্দোলনৰ প্ৰতিবাদ । আছু, বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ, শিক্ষক কৰ্মচাৰী সকলোৱে প্ৰতিবাদ কৰিছিল ৰঞ্জিত কুমাৰ তামুলীয়ে সংঘটিত কৰা অনিয়মৰ বিৰুদ্ধে ।

লগতে পঢ়ক : ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচার্য ড৹ ৰঞ্জিত কুমাৰ তামুলীক অপসাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.