ETV Bharat / city

অগ্নিপথ আঁচনিৰ বিৰুদ্ধে ধুবুৰীত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Jun 29, 2022, 7:17 PM IST

youth-congress-protest-against-agnipath-scheme-at-dhubri-in-assam
অগ্নিপথ আঁচনিৰ বিৰুদ্ধে ধুবুৰীত কংগ্ৰেছৰ প্ৰতিবাদ

অগ্নিপথ আঁচনি প্ৰত্যাহাৰৰ দাবীত দেশজুৰি অব্য়াহত প্ৰতিবাদ (Protest against Agnipath scheme ) ৷ বুধবাৰে অগ্নিপথ আঁচনিখন প্ৰত্যাহাৰৰ দাবীৰে ধুবুৰীত ৰাজীৱ ভৱনৰ সন্মুখত জিলা যুৱ কংগ্ৰেছে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

ধুবুৰী, 29 জুন: কেন্দ্ৰীয় কেবিনেটে বিগত 17 জুনত দেশৰ সশস্ত্ৰ বাহিনীৰ আধুনিকীকৰণ, যুৱসকলৰ বাবে দেশৰ সেৱা কৰাৰ সুযোগ সৃষ্টি কৰাৰ বাবে অগ্নিপথ আঁচনিত অনুমোদন জনাইছিল (Agnipath scheme by GOI) ৷ তাৰ পিছতেই অগ্নিপথ আঁচনি প্ৰত্যাহাৰৰ দাবীত দেশৰ আন প্ৰান্তৰ লগতে অসমতো আৰম্ভ হয় প্ৰতিবাদ (Protest against Agnipath scheme in Dhubri )।

অগ্নিপথ আঁচনিৰ বিৰুদ্ধে ধুবুৰীত কংগ্ৰেছৰ প্ৰতিবাদ

বুধবাৰে অগ্নিপথ আঁচনিখন প্ৰত্যাহাৰৰ দাবীৰে ধুবুৰীত ৰাজীৱ ভৱনৰ সন্মুখত জিলা যুৱ কংগ্ৰেছে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । লগতে কেন্দ্ৰীয় চৰকাৰৰ অগ্নিপথ আঁচনি বাতিলৰ দাবীত সংবাদমেল অনুষ্ঠিত কৰি বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰে ৷ ইপিনে যুৱ কংগ্ৰেছৰ উদ্যোগত উলিওৱা এই প্ৰতিবাদী সমদলটোক ৰাজীৱ ভৱনৰ সন্মুখতেই আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷

অগ্নিপথ আঁচনি বাতিলৰ দাবীত বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে জিলা যুৱ কংগ্ৰেছে । নিবনুৱাক লৈ এনেদৰে হেতালি খেলা বন্ধ কৰিবলৈ হুংকাৰ দি অগ্নিপথ আচনি প্ৰত্য়াহাৰ নকৰিলে জংগী আন্দোলন চলাই যাব বুলি চৰকাৰক সকীয়নি দিয়ে কংগ্ৰেছৰ নেতৃত্বই ।

লগতে পঢ়ক: একনাথ সিন্দেসহ চাৰিজন বিধায়ক কামাখ্যালৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.