একনাথ সিন্দেসহ চাৰিজন বিধায়ক কামাখ্যালৈ

author img

By

Published : Jun 29, 2022, 8:59 AM IST

Updated : Jun 29, 2022, 9:14 AM IST

একনাথ সিন্দেসহ চাৰিজন বিধায়ক কামাখ্যালৈ

পুৱাই কামাখ্যা মন্দিৰত উপস্থিত মহাৰাষ্ট্ৰৰ একাংশ বিসম্বাদী বিধায়ক ৷ কামাখ্যাৰ পৰা পোনে পোনে বৰঝাৰ বিমান বন্দৰলৈ যাব একনাথ সিন্দেসহ বিসম্বাদী বিধায়ককেইগৰাকী ।

গুৱাহাটী, 29 জুন: অৱশেষত হোটেল ৰেডিশ্যন ব্লুৰ পৰা বাহিৰলৈ ওলাই আহিল মহাৰাষ্ট্ৰৰ একাংশ বিসম্বাদী বিধায়ক । বিসম্বাদী নেতা একনাথ সিন্দেসহ চাৰিজন বিসম্বাদী বিধায়কে বুধবাৰে পুৱা কামাখ্যা মন্দিৰত উপস্থিত হয় ৷ পুৱা প্ৰায় ৭.৪৫ বজাত হোটেলৰ পৰা ওলাই আহে দলটো ৷ জানিব পৰা একনাথ সিন্দেসহ চাৰিওজন বিধায়ক কামাখ্যাৰ পৰা পোনে পোনে বৰঝাৰ বিমান বন্দৰলৈ যাব ।

একনাথ সিন্দেসহ চাৰিজন বিধায়ক কামাখ্যালৈ

তেওঁলোক মুম্বাই নে দিল্লীলৈ যাব সেয়া এতিয়াও স্পষ্ট হোৱা নাই । জানিব পৰা মতে দুটা ভাগত বিভক্ত হৈ বিসম্বাদী বিধায়কৰ দলটো যাত্ৰা কৰিব । বিগত 20 জুনৰ পৰা হোটেলখনত বাহৰ পাতি আছে মহাৰাষ্ট্ৰৰ বিসম্বাদী বিধায়কসকলে । শিৱসেনাৰ 39 আৰু শিৱসেনা সমৰ্থিত 9 জন নিৰ্দলীয় বিধায়ক আছে এই দলটোত ৷

লগতে পঢ়ক : Maharashtra political update : অতিশীঘ্ৰে বিধানসভাত শক্তি পৰীক্ষাৰ দাবী দেৱেন্দ্ৰ ফাড়নাভিছৰ

Last Updated :Jun 29, 2022, 9:14 AM IST

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.