ধুবুৰীত তৃণমূল কংগ্ৰেছৰ বিশাল কৰ্মীসভাত ৰিপুন বৰা

author img

By

Published : Sep 14, 2022, 10:53 PM IST

ধুবুৰীত তৃণমূল কংগ্ৰেছৰ বিশাল কৰ্মীসভাত ৰিপুন বৰা

বুধবাৰে ধুবুৰীৰ এখন দলীয় কৰ্মী সভাত অংশ লৈ বৰাই বিজেপি আৰু এ আই ইউ ডি এফকো তীব্ৰ ভাষাৰে সমালোচনা কৰে । উক্ত কৰ্মীসভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ (Assam TMC President Ripun Bora) লগতে অসম-বংগৰ কেইবাজনো নেতা উপস্থিত থাকে ।

ধুবুৰী, 14 ছেপ্টেম্বৰ: "২০২৬ চনত অসমত যদি তৃণমূলৰ চৰকাৰ হয় তেন্তে পশ্চিম বংগ চৰকাৰৰ দৰে ফৰ্মূলা চলিব অসমত । ধৰ্ম নিৰপেক্ষতা অসমত প্ৰতিষ্ঠা কৰা হ’ব । এন আৰ চিৰ পৰা বাদ পৰা ভাৰতীয় নাগৰিকৰ নাম এন আৰ চিত অন্তৰ্ভুক্ত কৰা হ’ব । উচ্ছেদৰ বিপৰীতে সংস্থাপন দিয়া হব ।" এই প্ৰতিশ্ৰুতি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ (Assam TMC)৷

বুধবাৰে ধুবুৰীৰ এখন দলীয় কৰ্মী সভাত অংশ লৈ বৰাই বিজেপি আৰু এ আই ইউ ডি এফকো তীব্ৰ ভাষাৰে সমালোচনা কৰে । তৃণমূল কংগ্ৰেছৰ ধুবুৰী জিলা সমিতিৰ সভাপতি মঞ্জুৰুল ইছলাম সৰকাৰৰ সভাপতিত্বত ধুবুৰী সমষ্টিৰ আদাবাৰী অঞ্চলত আজি এখন দলীয় বিশাল কৰ্মীসভা অনুষ্ঠিত হয় ।

ধুবুৰীত তৃণমূল কংগ্ৰেছৰ বিশাল কৰ্মীসভাত ৰিপুন বৰা

উক্ত কৰ্মীসভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ (Assam TMC President Ripun Bora) লগতে উপ-সভাপতি অধিবক্তা এন আই চৌধুৰী আৰু পশ্চিম বংগৰ প্ৰাক্তন সাংসদ পাৰ্থ প্ৰতিমকে ধৰি অসম-বংগৰ কেইবাজনো নেতা উপস্থিত থাকে ।

ৰিপুন বৰাই নিজৰ ভাষণত বিগত ৰাজ্যসভা নিৰ্বাচন আৰু ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পৱিত্ৰ কোৰবাণী বিতৰ্কক লৈ বিভিন্ন দিশ সামৰি লৈ আজমলক আক্ৰমণ কৰি কয়- "বিজেপি-আৰ এছ এছৰ শ্ৰুতলিপি মতেই আজমলে কাম কৰি গৈছে ।

প্ৰকৃততে বদৰুদ্দিন আজমল বিজেপিৰ বি টিম (MP Badruddin Ajmal) ।" লগতে ৰিপুন বৰাই নিজৰ ভাষণত জেহাদীৰ প্ৰসংগত কয় যে জেহাদীৰ বিৰুদ্ধে ব্যৱস্থা চৰকাৰে লওক তাত কোনো কথা নাই । লগতে জেহাদী মাটিৰ তলৰ পৰা আহিল নে আকাশৰ পৰা পৰিল বুলিও প্ৰশ্ন কৰে নেতাগৰাকীয়ে ৷ জেহাদী অসমত অহাৰ সময়ত কি কৰিছিল সীমান্তৰ নিৰাপত্তাৰক্ষীয়ে ? এই প্ৰশ্ন ৰিপুণ বৰাৰ ৷

আনহাতে এনকাউণ্টাৰ প্ৰসংগত ৰিপুন বৰাই কয়ঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ দিনত চাৰি শতাধিক যুৱকক হত্যা কৰা হৈছে । ইপিনে ধৰ্ম নিৰপেক্ষ দেশখনক হিন্দু ৰাষ্ট্ৰ হিচাপে গঢ় দিয়াৰ বাবে বিজেপিয়ে চেষ্টা চলাই যোৱা বুলি ৰিপুন বৰাই দাবী কৰি লগতে কয়- "আজি আমাৰ বাক স্বাধীনতা নাই । কোনে কি খাব সেয়া নিশ্চিত কৰে বিজেপি চৰকাৰে । গণতান্ত্ৰিক দেশখনত লুঙী-টুপি-দাড়ি থকা মানুহৰ অধিকাৰ নাই ৷"

সাংবাদিকৰ আগত ৰিপুন বৰাই ২০২৪ ৰ চেমি ফাইনেল আৰু ২০২৬ ৰ ফাইনেলত তৃণমূল কংগ্ৰেছে ভাল ফলাফল দেখুৱাব বুলি আশা প্ৰকাশ কৰাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলি মন্তব্য কৰে ।

আনহাতে পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ প্ৰাক্তন সাংসদ পাৰ্থ প্ৰতিমেও নিজৰ ভাষণত বিজেপি আৰু এ আই ইউ ডি এফৰ মুৰব্বী তথা এসময়ৰ সতীৰ্থ সাংসদ বদৰুদ্দিন আজমলক তীব্ৰ ভাষাৰে সমালোচনা কৰি আজমলে বিজেপিৰ হৈ কাম কৰিছে আৰু সংসদৰ মজিয়াত ধুবুৰী বা অসমৰ হৈ মাত মতা নাই বুলি অভিযোগ আনে ৷

উল্লেখ্য যে আজিৰ এই বিশাল কৰ্মী সভাত প্ৰায় সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰাৰ বিপৰীতে ৰিপুন বৰাক বিশাল বাইক ৰেলিৰে উষ্ম আদৰণি জনোৱা হয় ।

লগতে পঢ়ক: নিযুক্তিৰ নামত হোৱা দুৰ্নীতিৰ অভিযোগক লৈ সৰৱ বিৰোধী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.