ETV Bharat / city

মঙলবাৰে ধুবুৰীত স্থানীয় বন্ধ ঘোষণা

author img

By

Published : Apr 19, 2021, 10:52 PM IST

মঙলবাৰে অশোকাষ্টমী উপলক্ষে ধুবুৰীত স্থানীয় বন্ধ ঘোষণা ৷ জিলা উপায়ুক্তৰ এক জাননীত এই ঘোষণা ৷

মঙলবাৰে ধুবুৰীত স্থানীয় বন্ধ ঘোষণা
মঙলবাৰে ধুবুৰীত স্থানীয় বন্ধ ঘোষণা

ধুবুৰী,19 এপ্ৰিল : অশোকাষ্টমী স্নান উপলক্ষে মঙলবাৰে ধুবুৰী জিলাত স্থানীয় বন্ধ ঘোষণা কৰিছে জিলা উপায়ুক্তই ৷ সোমবাৰে বন্ধ সন্দৰ্ভত জিলা উপায়ুক্ত দেৱ কুমাৰ কলিতাই এক নিৰ্দেশ জাৰি কৰে ৷ সেই অনুসৰি জিলাখনত থকা ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয়, ৰাজহ আৰু দণ্ডাধীশৰ আদালত, সকলো চৰকাৰী, বে-চৰকাৰী শিক্ষানুষ্ঠান, বেংক আদি বিত্তীয় প্ৰতিষ্ঠানৰ কাম কাজ কাইলৈ বন্ধ থাকিব ৷

মঙলবাৰে ধুবুৰীত স্থানীয় বন্ধ ঘোষণা
মঙলবাৰে ধুবুৰীত স্থানীয় বন্ধ ঘোষণা

অৱশ্যে বিভিন্ন পৰীক্ষা আয়োজনৰ লগত জড়িত আৰু নিৰ্বাচনৰ কামত নিয়োজিত লোকসকল এই নিৰ্দেশৰ আওতাৰ বাহিৰত থাকিব জাননীত প্ৰকাশ কৰে ৷

লগতে পঢ়ক : মহানগৰীত মাস্ক নিপিন্ধা লোকক ১০০০ টকা পৰ্যন্ত জৰিমনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.