ETV Bharat / business

ভাৰত হ'ব বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি

author img

By

Published : Jun 15, 2019, 1:32 PM IST

অহা পাঁচ বছৰত ভাৰতৰ অৰ্থনীতি পাঁচ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি হৈ বিশ্বৰ পঞ্চম বৃহৎ অৰ্থনীতিত পৰিনত হ'ব ৷ নতুন দিল্লীত ভাৰতীয় উদ্যোগ সংঘৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক সভাত কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়ে উল্লেখ কৰে এই কথা ৷

ভাৰত হ'ব বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি

নিউজ ডেস্ক, 15 জুনঃ বিশ্বৰ ভিতৰতে পঞ্চম বৃহৎ অৰ্থনীতিলৈ ৰূপান্তৰিত হ'ব ভাৰত ৷ নতুন দিল্লীত আয়োজিত কনফেডাৰেশ্বন অৱ ইণ্ডিয়ান ইণ্ডাষ্ট্ৰীজৰ ৰাষ্ট্ৰীয় আলোচনাচক্ৰত উত্থাপন হৈছে এই কথা ৷ কেন্দ্ৰীয় গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী হৰদীপ সিং পুৰীয়ে উল্লেখ কৰিছে এই কথা ৷

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, বৰ্তমানে 2.8 ট্ৰিলিয়ন ডলাৰৰ অৰ্থনীতিৰ গৰাকী ভাৰতে চলিত বৰ্ষতে এই পৰিসংখ্যা 3 ট্ৰিলিয়ন কৰিবলৈ সক্ষম হ'ব আৰু পৰৱৰ্তী সাধাৰণ নিৰ্বাচনৰ আগে আগে এই পৰিসংখ্যা পাঁচ ট্ৰিলিয়ন ডলাৰ হ'ব ৷ ইয়াৰ দ্বাৰাই ভাৰতে সংযুক্ত গণৰাজ্যক অতিক্ৰম কৰি বিশ্বৰ পঞ্চম সৰ্ববৃহৎ অৰ্থনীতিৰ গৰাকী হ'ব ভাৰত ৷ তেঁও লগতে উল্লেখ কৰে যে, 2030চনৰ ভিতৰত ভাৰতে দহ ট্ৰিলিয়ন ডলাৰ অৰ্থনীতিৰ গৰাকী হ'বলৈ সক্ষম হ'ব ৷

Intro:Body:

SDFSDFF


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.