ETV Bharat / business

বাজেট 2020: চলিত বৰ্ষৰ কৰ হ্ৰাসৰ ওপৰত অধিক গুৰুত্ব নিৰ্মলা সীতাৰমণৰ

author img

By

Published : Jan 30, 2020, 11:58 PM IST

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ দ্বিতীয়টো কাৰ্যকালত নিৰ্মলা সীতাৰমণৰ দৰে এগৰাকী মহিলাক বিত্তমন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰি দেশৰ অৰ্থনীতি উদ্ধাৰ কৰাটো অধিক প্ৰত্যাহ্বানৰূপে দেখা দিছে ৷ বৰ্তমান সময়ত চৰকাৰৰ পক্ষে দেখা দিয়া অতিকে কঠিন প্ৰত্যাহ্বানটো হৈছে ৰাজহ প্ৰণালী ৷

বাজেট 2020: চলিত বৰ্ষৰ কৰ হ্ৰাসৰ ওপৰত অধিক গুৰুত্ব নিৰ্মলা সীতাৰমণৰ
বাজেট 2020: চলিত বৰ্ষৰ কৰ হ্ৰাসৰ ওপৰত অধিক গুৰুত্ব নিৰ্মলা সীতাৰমণৰ

বিজনেছ ডেস্ক, 30 জানুৱাৰীঃ যেতিয়া বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ কাৰ্যকালৰ দ্বিতীয়খন পূৰ্ণকালীন বাজেট উত্থাপন কৰিবলৈ লৈছে, বিগত বৰ্ষৰ জুলাই মাহত তেওঁৰ প্ৰথমখন বাজেট উত্থাপনৰ সময়ত কোৱাৰ দৰে, ৰাজহ সংগ্ৰহৰ কৰিবলৈ সক্ষম হোৱা নাই ৷ শেহতীয়া চৰকাৰী তথ্য অনুসৰি, কেন্দ্ৰীয় চৰকাৰৰ চলিত বিত্তীয় বৰ্ষৰ প্ৰথম আঠটা মাহ (এপ্ৰিলৰ পৰা নৱেম্বৰ)ত মাত্ৰ 7.5 লাখ কোটি টকা সংগ্ৰহ হৈছে যিটো বিত্তীয় বৰ্ষৰ সম্পূৰ্ণ বাজেট 16.5 লাখ কোটিৰ মাত্ৰ 45.5 শতাংশ ৷

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ দ্বিতীয়টো কাৰ্যকালত নিৰ্মলা সীতাৰমণৰ দৰে এগৰাকী মহিলাক বিত্তমন্ত্ৰীৰ দায়িত্ব প্ৰদান কৰি দেশৰ অৰ্থনীতি উদ্ধাৰ কৰাটো অধিক প্ৰত্যাহ্বানৰূপে দেখা দিছে ৷ প্ৰধানমন্ত্ৰী মোডীয়ে তেওঁৰ বিশ্বস্ত সহযোগী অৰুন জেটলীক হেৰুওৱাৰ পিচতে এই প্ৰত্যাহ্বানমুলক কামৰ বাবে নিৰ্মলা সীতাৰমণক নিৰ্বাচন কৰিছিল ৷ মোডী 2.0ৰ আৰম্ভনিৰে পৰাই দুমুখীয়া সমস্যাৰ সৈতে যুঁজি আছে, কিয়নো তাৰ পূৰ্বৰে পৰাই দেশৰ অৰ্থব্যৱস্থা বেয়াৰ ফালে ঢাল খাইছিল ৷ তেনে অৱস্থাত নিৰ্মলা সীতাৰমণেও একেই সমস্যাৰে মুখামুখি হৈছে ৷

2018-19 বিত্তীয় বৰ্ষৰ শেষৰ ফালে দেশৰ জিডিপি 5.8 শতাংশলৈ অৱনমিত হৈ, 2019-20 বিত্তীয় বৰ্ষৰ এপ্ৰিলৰ পৰা জুলাই মাহৰ ভিতৰত 5 শতাংশলৈ হ্ৰাস পায় ৷ পৰৱৰ্তী সময়ত জুলাইৰ পৰা ছেপ্টেম্বৰ মাহত দেশৰ জিডিপি, মাত্ৰ 4.5 শতাংশলৈ হ্ৰাস পায়, যিটো 2012-13 বিত্তীয় বৰ্ষৰ তুলনাত সৰ্বনিম্ন হিচাপে বিবেচিত হৈছে ৷ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ প্ৰথমখন বাজেট উত্থাপনৰ সময়ত কোৱাৰ দৰে ৰাজহ সংগ্ৰহ কৰিবলৈয়ো সক্ষম হোৱা নাই চৰকাৰে ৷

"বৰ্তমান সময়ত চৰকাৰৰ পক্ষে অতিকে কঠিন সমস্যাটো হৈছে ৰাজহ সংগ্ৰহ ৷ বিকাশৰ হাৰ নিম্নগামী হোৱাৰ সময়তে ৰাজহ সংগ্ৰহৰ হাৰো কমি আহিছে ৷" ৰেটিং ইণ্ডিয়াৰ মুখ্য অৰ্থনীতিবিদ সুনীল সিনহাই এইদৰে উল্লেখ কৰে ৷ ভাৰতৰ লেখ মহানিৰ্দেশক (Controller General of Accounts)ৰ কাৰ্যালয়ৰ শেহতীয়া তথ্য অনুসৰি, কৰ্পৰেশ্বন কৰ, যিটো চৰকাৰৰ বাবে দেশৰ একমাত্ৰ ৰাজহৰ স্ৰোত, চলিত বিত্তীয় বৰ্ষত ইয়াৰ হাৰ কমি আহি 2,652 কোটিত সীমিত হৈ ৰয় ৷ 2019ৰ এপ্ৰিলৰ পৰা নৱেম্বৰৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে 2,91,254 কোটি ৰাজহ সংগ্ৰহ কৰিছে, যাৰ পৰিৱৰ্তে চলিত বৰ্ষত মাত্ৰ 2,88,602 কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে ৷ যদিও এইদৰে ৰাজহ সংগ্ৰহ হ্ৰাস পোৱাটো সাধাৰণ কথা, কিন্তু বিত্তমন্ত্ৰীয়ে বাজেট উত্থাপনৰ সময়ত উল্লেখ কৰা কৰ্পৰেট কৰৰ বৃদ্ধি 2018-19 বৰ্ষৰ 6.71 লাখ কোটিৰ বিপৰীতে 2019-20ত আশা কৰা 7.66 লাখ কোটি টকাত 14.15 শতাংশ হ্ৰাস পায় ৷ কৰ্পৰেট কৰৰ ক্ষেত্ৰত পৰিস্থিতি অধিক অৱনতি ঘটিব পাৰে বুলি আশংকা কৰা হৈছে, কিয়নো বিগত বৰ্ষৰ ছেপ্টেম্বৰত নিৰ্মলা সীতাৰমণে ঘোষণা কৰাৰ দৰে, ইয়াৰ প্ৰভাৱ আগন্তুক বাজেটত গম পোৱা যাব আৰু সংগ্ৰহ হোৱা ধনৰাশিৰ পৰিমান 2021 চনৰ ফেব্ৰুৱাৰীতহে গম পোৱা যাব ৷ কিন্তু ইয়াৰ বেয়া প্ৰভাৱ বিগত বৰ্ষৰ অক্টোবৰ আৰু নৱেম্বৰ মাহতে পৰিলক্ষিত হৈছিল, যি সময়ত কৰ্পৰেট কৰৰ পৰিমান ৰাজহুৱা কৰা হৈছিল ৷ 2018 বৰ্ষৰ একেই মাহত চৰকাৰে সংগ্ৰহ কৰা 26,648 কোটি টকাৰ কৰৰ বিপৰীতে 2019ত ইয়াৰ পৰিমান আছিল 23,429 কোটি টকা ৷ একেদৰেই 2018 বৰ্ষৰ ডিচেম্বৰ মাহত সংগ্ৰহ হোৱা 20,864 কোটি কৰ্পৰেট কৰৰ বিপৰীতে 2019ৰ ডিচেম্বৰ মাহত ইয়াৰ পৰিমান হ্ৰাস হৈ মাত্ৰ 15,846 কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হয় চৰকাৰে ৷ ইয়াৰ ফলত কেন্দ্ৰীয় চৰকাৰৰ সৰ্বমুঠ (প্ৰত্যক্ষ আৰু পৰোক্ষ) কৰ ৰাজহত 2018-19 বৰ্ষৰ 49.4 শতাংশৰ বিপৰীতে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম আঠটা মাহত 45.5 শতাংশ কৰ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷

অৰ্থনীতিবিদসকলে বিশ্বাস কৰে যে, জিএছটি আৰু ব্যক্তিগত আয় কৰ সংগ্ৰহত উন্নতিৰ পিচটো দেশৰ পৰিস্থিতি অধিক বেয়াৰ ফালে ঢাল খাইছে ৷ বাজেটৰ অনুমান অনুসৰি, কেন্দ্ৰ চৰকাৰৰ পক্ষে বিত্তীয় বৰ্ষৰ দ্বিতীয় আৰু তৃতীয় খণ্ডত 6.63 লাখ কোটি আৰু 5.69 লাখ কোটি ৰাজহ সংগ্ৰহ হৈছে ৷ "বিগত বৰ্ষত কৰ্পৰেট কৰত হ্ৰাস প্ৰদান কৰাৰ কথা ঘোষণাৰ পিচতে, আমি কেন্দ্ৰীয় চৰকাৰৰ কৰ সংগ্ৰহ হিচাপ কৰি 1.7ৰ পৰা 1.8 লাখ কোটি টকা পাইছিলো, যিটো বাজেটত কৰা ঘোষণাৰ তুলনাত কম ৷ আমাৰ গণনাই দেখাইছে যে, কৰ্পৰেট কৰৰ সম্পূৰ্ণ সংগ্ৰহ 1.45 লাখ কোটিৰ বিপৰীতে 70ৰ পৰা 80 হাজাৰ কোটিহে হ'ব ৷ কিন্তু প্ৰত্যক্ষ আৰু পৰোক্ষ কৰ সংগ্ৰহ সঞ্চয়ত হোৱা ঘাটি 1.7ৰ পৰা 1.8 লাখ কোটি টকা হ'ব ৷" ইটিভি ভাৰতৰ আগত এইদৰে উল্লেখ কৰে সুনীল সিনহাই ৷ বিগত সপ্তাহত ৰইটাৰছত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি, বিগত দুটা দশকৰ ভিতৰত এইটোৱে প্ৰথম য'ত প্ৰত্যক্ষ কৰ সংগ্ৰহত পূৰ্বৱৰ্তী বিত্তীয় বৰ্ষৰ তুলনাত চলিত বিত্তীয় বৰ্ষত ইয়াৰ পৰিমান হ্ৰাস পাইচে ৷

বিগত বৰ্ষৰ জুলাই মাহত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে তেওঁৰ বাজেট হিচাপত ধাৰনা কৰিছিল যে, প্ৰত্যক্ষ কৰ সংগ্ৰহ 2018-19ৰ 11.25 শতাংশ বিপৰীতে 2019-20ত 13.35 শতাংশৰে বৃদ্ধি হ'ব ৷ তেওঁৰ পূৰ্ণ বিশ্বাস আছিল, বিগত দুটা বিত্তীয় খণ্ডত কৰ্পৰেট কৰ আৰু ব্যক্তিগত আয়কৰ গুনগতভাৱে বৃদ্ধি পাইছিল, যাক 2017-18 আৰু 2018-19ত 1 লাখ কোটিলৈ পঞ্জীয়ন কৰা হৈছিল ৷ 2018-19ত কেন্দ্ৰই নিৰ্ধাৰণ কৰি লোৱা 6.21 লাখ কোটি(BE)ৰ বিপৰীতে কৰ্পৰেট কৰ সংগ্ৰহ আছিল 6.71 কোটি (RE), যিটো 2017-18ত সংগ্ৰহ কৰা 5.71 লাখ কোটিৰ তুলনাত 1 লাখ কোটি অধিক আছিল ৷ একেদৰেই ব্যক্তিগত আয়কৰ সংগ্ৰহো 2017-18 চনৰ 4.31 লাখ কোটিৰ পৰা 2018-19ত 5.29 লাখ কোটি সৰ্বমুঠ 1 লাখ কোটি বৃদ্ধি পায় ৷ অৱশ্যে 9 মাহৰ ভিতৰত জিডিপি 5.8 শতাংশৰ পৰা 4.5 শতাংশলৈ হ্ৰাস পোৱাৰ বাবেই বিকাশৰ ধাৰাটো ওপৰৰ পৰা তললৈ ঢাল খায় ৷ সুনীল সিনহাই কয় যে, কেন্দ্ৰ পূৰ্বানুমানত কৰ সংগ্ৰহৰ লক্ষ্য 1.7 লাখ কোটি বিগত বৰ্ষৰ বাস্তৱিক জিডিপি 5.5ৰ পৰা 5.6 শতাংশৰ ভিতৰত থাকিব ৷ তেওঁ কয় যে, এতিয়া বহুটো এজেন্সিয়ে অনুমানিক জিডিপি বিকাশৰ দৰ 5 শতাংশলৈ কম কৰি দিছে ৷

এইটো মাহত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধি সংস্থাই, দেশৰ জিডিপিৰ হাৰ 4.8 শতাংশলৈ হ্ৰাস পাব বুলি উল্লেখ কৰিছে ৷ কিন্তু বিত্ত মন্ত্ৰীৰ সমস্যাৰ ইয়াতে অন্ত নপৰে ৷ সুনীল সিনহাই প্ৰকাশ কৰে যে, কেন্দ্ৰই এতিয়াও ৰাজহ সংগ্ৰহৰ হাৰ 5.5 ৰ পৰা 5.6 শতাংশৰ ভিতৰত ধৰি আছে যিটো আচল নহয়, আৰু সমস্যাটো তাতেই আছে ৷ অৱশ্যে কৰ সংগ্ৰহে আচল জিডিপিৰ ওপৰত প্ৰভাৱ নেপেলাই, বাস্তৱিক জিডিপিৰ ওপৰত প্ৰভাৱ পেলাব ৷ "বাস্তৱিক জিডিপি বিকাশৰ হাৰ জুলাই-ছেপ্টেম্বৰ মাহত 8 শতাংশ হয় যিটো কেন্দ্ৰীয় চৰকাৰে বাজেটত বাস্তৱিক জিডিপি 11-12 শতাংশ অনুমান কৰিছিল ৷" তেওঁ লগতে কয় ৷ আচল জিডিপি বিকাশৰ হাৰ বাস্তৱিক জিডিপিৰ পাইকাৰী মূল্যৰ হাৰ হ্ৰাসৰ ওপৰত গণনা কৰা হৈছে, য'ত দেশৰ জিডিপিৰ মূল্য এটা নিৰ্দিষ্ট সময়সীমাৰ ওপৰত নিৰ্ভৰশীল ৷ সুনীল সিনহা যিয়ে ইণ্ডিয়া ৰেটিঙৰ বাবে মেক্ৰ ইক'নমিক ইন্দিকেটৰৰ ওপৰত বহুলভাৱে নজৰ ৰাখি আহিছে, চৰকাৰক কয় যে, কৰ সংগ্ৰহৰ ধাৰণা এক টছলৈ যাব, আৰু ইয়ে কৰ সংগ্ৰহৰ লক্ষ্য বহুত দুৰলৈ থেলি দিব ৷

Dear Rinkumoni
Please send the translated article by tomorrow i.e. 31st. Jan. by 4 pm.
Regards.

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.