ETV Bharat / business

43,574 কোটি টকাৰে ৰিলায়েন্স জিঅ'ৰ 9.9 শতাংশ অংশীদাৰিত্ব ক্ৰয় ফেচবুকৰ

author img

By

Published : Apr 22, 2020, 3:23 PM IST

Updated : Apr 22, 2020, 9:17 PM IST

চ'ছিয়েল মিডিয়া আৰু টেক্ জিয়ান্ট ফেচবুকে 43,574 কোটি টকাৰ বিনিময়ত ক্ৰয় কৰিলে ভাৰতীয় তেল,ৰিটেইল, টেলিকম উদ্যোগ ৰিলায়েন্স জিঅ'ৰ 9.9 শতাংশ শ্বেয়াৰ । যিকোনো টেকন্লজি কোম্পানীৰ দ্বাৰা কম সংখ্যক শ্বেয়াৰ কৰাৰ বাবে বৃহৎ পৰিমাণে ধন বিনিয়োগ কৰাটো এয়াই প্ৰথম ।

43,574 কোটি টকাৰে ৰিলায়েন্স জিঅ'ৰ 9.9 শতাংশ অংশীদাৰিত্ব ক্ৰয় ফেচবুকৰ
43,574 কোটি টকাৰে ৰিলায়েন্স জিঅ'ৰ 9.9 শতাংশ অংশীদাৰিত্ব ক্ৰয় ফেচবুকৰ

নিউজ ডেস্ক, 22 এপ্ৰিলঃ বুধবাৰে ফেচবুকে ঘোষণা কৰে যে, তেওঁলোকে 5.7 বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰিব ভাৰতীয় উদ্যোগ প্ৰতিষ্ঠান ৰিলায়েন্স জিঅ'ত। ভৰতীয় হিচাপত এই ধনৰ পৰিমাণ 43,574 কোটি টকা । এই বিনিয়োগেৰে ফেচবুকে মুকেশ আম্বানীৰ মালিকানাধীন ৰিলায়েন্স জিঅ'ৰ 9.9 শতাংশ অংশীদাৰিত্ব ক্ৰয় কৰিব । যিকোনো টেকন্ল'জি কোম্পানীৰ দ্বাৰা কম সংখ্যক অংশীদাৰিত্বৰ বাবে ইমান অধিক পৰিমাণৰ বিনিয়োগ এয়াই বিশ্বত প্ৰথম ।

আনহাতে ৰিলায়েন্সৰ পৰা প্ৰকাশিত আন এক বিবৃতিত উল্লেখ কৰে যে,ফেচবুকে জিঅ'ৰ 4.62 লাখ কোটি টকাৰ প্ৰি-মানি এন্টাৰপ্ৰাইজৰ মূল্যৰ (65.95 বিলিয়ন আমেৰিকান ডলাৰ,প্ৰতি ডলাৰত 70 টকা হিচাপত ) প্লেটফৰ্মত বিনিয়োগ কৰিব ।

জিঅ' প্লেটফৰ্ম সম্পূৰ্ণ মালিকানাধীন ৰিলায়েন্স ইণ্ডাষ্ট্ৰি লিমিটেডৰ সহায়ক কোম্পানী,যিয়ে ডিজিটেল সেৱা প্ৰদান কৰি আহিছে । ৰিলায়েন্স জিঅ' ইন্ফকাম লিমিটেডৰ চাস্ক্ৰাইবাৰৰ সংখ্যা হৈছে 388 মিলিয়ন । এই কোম্পানীটোৱে বেলেন্স ছিট নাইকিয়া কৰিবলৈ ৰণনীতি হিচাপে কৌশলগত ভাৱে অংশীদাৰিত্ব বিক্ৰী কৰিব বিচাৰিছিল ।

চাউদি আৰামকোক 20 শতাংশ অংশীদাৰিত্ব 15 বিলিয়ন আমেৰিকান ডলাৰত বিক্ৰীৰ বাবে ৰিলায়েন্সে কথা পাতিছে । তেলৰ পৰা ৰাসায়নিক ব্যৱসায়লৈ সকলোকে সামৰি ল'ব এই অংশীদাৰিত্বই । আনহাতে পৰৱৰ্তী বৰ্ষত ঋণহীন ব্যৱসায়ৰ বাবে ইন্ধনৰ ব্যৱসায়ত BP Plcৰ সৈতে সহযোগিতা কৰিছে । ৰিলায়েন্স জিঅ'ই গুগ'লৰ সৈতেও কথা পাতিছে,কিন্তু কি বিষয় লৈ কথা পাতিছে সেয়া স্পষ্টকে জানিব পৰা হোৱা নাই ।

ফেচবুক-জিঅ'ৰ চুক্তিয়ে দুয়োটা কোম্পানীকে লাভাৱান্বিত কৰিব । ইয়াৰ ফলত ফেচবুকে ভাৰতত আৰু অধিক দ'লৈ শিপাব পাৰিব, যিয়ে ভাৰতত চীনৰ পিচতে দ্বিতীয় সৰ্বাধিক বজাৰ দখল কৰি আছে । বৰ্তমান ফেচবুকৰ 400 মিলিয়ন হোৱাটছএপ ব্যৱহাৰকাৰী ভাৰততে আছে, যিয়ে বৰ্তমান পেমেণ্ট অফাৰ আৰম্ভ কৰিব বিচাৰিছে ।

ভাল টেলিকম সেৱাই ফেচবুকৰ চাহিদা বৃদ্ধি কৰাত আৰু অধিক লোকৰ মাজলৈ যোৱাত সহায় কৰিব । 2016 চনত আৰম্ভ কৰা ৰিলায়েন্স জিঅ'একমাত্ৰ ভাৰতীয় উদ্যোগ,যিয়ে যুক্তৰাষ্ট্ৰৰ দৰে দ্ৰুত বিকাশশীল উদ্যোগক প্ৰত্যাহ্বান জনাব পাৰিছে ।

হোৱাটছ্এপ, ইন্ষ্টাগ্ৰামৰ সৈতে ফেচবুকে ভৰতত অধিক ব্যৱহাৰকাৰী বৃদ্ধিত গুৰুত্ব প্ৰদান কৰিছে । 2022 চনলৈ ভাৰতত ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা 850 মিলিয়ন হোৱাৰ সম্ভাৱনা আছে । তথ্য অনুসৰি 2017 চনত ইয়াৰ সংখ্যা ৪৫০ মিলিয়ন আছিল ।

লগতে পঢ়কঃ বাংলাদেশ, ভূটান, শ্ৰীলংকা আৰু আফগানিস্তানলৈ প্ৰেৰণৰ বাবে ভাৰতীয় স্থলসেনাৰ দল

Last Updated : Apr 22, 2020, 9:17 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.