ETV Bharat / briefs

দিনজোৰা কাৰ্যসূচীৰে নলবাৰীত আছুৰ মুকলি বিহু

author img

By

Published : Apr 15, 2019, 7:44 PM IST

নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নগৰ উন্নতি সভাৰ সহযোগত উদযাপন কৰা মুকলি বিহু অনুষ্ঠানত বিহুৰ লগতে কেইবাটাও জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীত প্ৰদৰ্শন কৰে শিল্পী সকলে ৷

দিনজোৰা কাৰ্যসূচীৰে নলবাৰীত আছুৰ মুকলি বিহু

নলবাৰী, 15 এপ্ৰিলঃ ৰাজ্যজুৰি ৰঙালী বিহু উপলক্ষে দেখা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা । নলবাৰীতো পৰিলক্ষিত হৈছে একেই উৎসাহ ৷ সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নগৰ উন্নতি সভাৰ সহযোগত উদযাপন কৰা হয় মুকলি বিহু ৷ বিগত বছৰসমূহৰ দৰে এইবাৰো নলবাৰী অঞ্চলিক ছাত্ৰ সন্থাই জিলাখনৰ জ্যেষ্ঠ ব্যক্তি সকলক সন্মান জনাই প্ৰদৰ্শন কৰে কেইবাটাও জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীত । কন্ঠশিল্পী বাবু বৰুৱাৰ লগতে অভিনেত্ৰী মাধুৰীমা গোস্বামী আৰু বহু কেইগৰাকীও নৱ প্ৰজন্মৰ শিল্পীয়ে অংশ লয় এই সাংস্কৃতিক অনুষ্ঠানত৷

দিনজোৰা কাৰ্যসূচীৰে নলবাৰীত আছুৰ মুকলি বিহু
Slug=Aasu Mukali Bihu...15April..
FTP






 #নলবাৰী আছুৰ মুকলি বিহু#

V.O=আজি বহাগৰ পহিলা দিন লগতে মানুহ বিহু ।  ৰাজ্যজুৰি বিহু উপলক্ষে দেখা গৈছে ব্যাপক উৎসাহ-উদ্দীপনা । সোমবাৰে দিনযোৰা কাৰ্যসূচীৰে নলবাৰী  আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অাৰু নগৰ উন্নতি সভাৰ সহযোগত উদ্‌যাপন কৰে মুকলি বিহু ।অন্য বছৰসমূহৰ দৰে এই বৰ্ষটো নলবাৰী অঞ্চলিক ছাত্ৰ সন্থাই জিলাখনৰ জেষ্ঠ ব্যক্তি সকলক সন্মান জনোৱাৰ লগতে অনুষ্ঠানত প্ৰদৰ্শিত হয় কেইবাটাও জনগোষ্ঠীৰ পৰম্পৰাগত নৃত্য-গীত । কন্ঠশিল্পী বাবু বৰুৱাৰ লগতে অভিনেত্ৰী মাধুৰীমা গোস্বামী আৰু বহু কেইগৰাকীও নৱ প্ৰজন্মৰ শিল্পীয়ে অংশ লয় বিহু অনুস্থানত৷বিহুগীত আৰু বিহু নাচত মতলীয়া হৈ পৰে সকলো৷





কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.