ETV Bharat / briefs

বাংগালুৰুৰ এছএআইত প্ৰশিক্ষণপ্ৰাপ্ত হকী খেলুৱৈক এমাহৰ জিৰণিৰ নিৰ্দেশ

author img

By

Published : Jun 19, 2020, 8:31 PM IST

মহিলা হকীৰ দলটো ফেব্ৰুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰৰ বাবে এছএআইত আছিল । আনহাতে, পুৰুষৰ দলটোৱে এই বৰ্ষৰ আৰম্ভণিতে মাৰ্চৰ প্ৰথম সপ্তাহত এফ আই এছ হকী প্ৰ' লীগত অষ্ট্ৰেলিয়া,বেলজিয়াম আৰু নেদাৰলেণ্ডৰ বিৰুদ্ধে উল্লেখনীয় প্ৰদৰ্শন দেখুৱাই এছএআইত উপস্থিত হয় । দলৰ মুখ্য প্ৰশিক্ষক গ্ৰাহাম ৰীড আৰু সৌজৰ্দ মেৰিজেনৰ অনুমতি সাপেক্ষে খেলুৱৈসকলক ৮ সপ্তাহৰ বাবে জিৰণি লবলৈ কোৱা হয় ।

বাংগালুৰুৰ এছএআইত প্ৰশিক্ষণপ্ৰাপ্ত হকী খেলুৱৈক এমাহৰ জিৰণিৰ নিৰ্দেশ
বাংগালুৰুৰ এছএআইত প্ৰশিক্ষণপ্ৰাপ্ত হকী খেলুৱৈক এমাহৰ জিৰণিৰ নিৰ্দেশ

স্পোৰ্টছ ডেস্ক, ১৯ জুন : বাংগালুৰুৰ এছএআই কেন্দ্ৰত প্ৰশিক্ষণ লৈ থকা ভাৰতীয় পুৰুষ আৰু মহিলাৰ হকী কোৰ সাম্ভাব্য দলক এমাহৰ বাবে জিৰণি দিয়া হৈছে । শুকুৰবাৰে হকী ইণ্ডিয়াই ঘোষণা কৰে এই কথা ।

উল্লেখ্য যে, মহিলাৰ দলটো ফেব্ৰুৱাৰীৰ পৰা ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰৰ বাবে এছএআইত আছিল । আনহাতে,পুৰুষৰ দলটোৱে এই বৰ্ষৰ আৰম্ভণিতে মাৰ্চৰ প্ৰথম সপ্তাহত এফআইএছ হকী প্ৰ লীগত অষ্ট্ৰেলিয়া, বেলজিয়াম আৰু নেদাৰলেণ্ডৰ বিৰুদ্ধে উল্লেখনীয় প্ৰদৰ্শন দেখুৱাই এছএআইত উপস্থিত হয় ।

বাংগালুৰুৰ এছএআইত প্ৰশিক্ষণপ্ৰাপ্ত হকী খেলুৱৈক এমাহৰ জিৰণিৰ নিৰ্দেশ
বাংগালুৰুৰ এছএআইত প্ৰশিক্ষণপ্ৰাপ্ত হকী খেলুৱৈক এমাহৰ জিৰণিৰ নিৰ্দেশ

১৯ জুলাইত টকিঅ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে খেলৰ গতিবিধি পুনৰ আৰম্ভ কৰিবলৈ খেলুৱৈসকলক পুনৰ আমন্ত্ৰণ জনোৱা হ'ব। লক ডাউনৰ সময়খিনি এছএআইত পাৰ কৰাৰ পিছত খেলুৱৈসকলে ১০ জুনৰ পৰা বুনিয়াদী খেলৰ অনুশীলন আৰম্ভ কৰিছিল। অৱশ্যে দলৰ মুখ্য প্ৰশিক্ষক গ্ৰাহাম ৰীড আৰু সৌজৰ্দ মেৰিজেনৰ অনুমতি সাপেক্ষে খেলুৱৈসকলক ৮ সপ্তাহৰ বাবে জিৰণি লবলৈ কোৱা হয় ।

হকী ইণ্ডিয়াৰ অধ্যক্ষ মহম্মদ মোস্তাক আহমেদে সদৰী কৰে যে, ‘দুয়োটা দলৰ মুখ্য প্ৰশিক্ষকৰ পৰামৰ্শ লোৱাৰ পিছত হকী ইণ্ডিয়াই খেলুৱৈসকলক প্ৰয়োজনীয় জিৰণি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । কিন্তু জিৰণিৰ সময়তো খেলুৱৈসকলে চৰকাৰে নিৰ্ধাৰণ কৰা নীতিসমূহ মানি চলিব লাগিব । খেলুৱৈসকলে যাতে জিৰণিৰ পিছত শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণ সুস্থ হৈ বাংগালুৰুত উপস্থিত হ'ব পাৰে তাক লৈ আমি বিশ্বাসী ।''

লগতে পঢ়ক : এ আই ইউ ডিএফৰ বাবেই অসমত বিজেপিৰ চৰকাৰ হৈছেঃ মহিবুল হক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.