ETV Bharat / briefs

গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদ

author img

By

Published : Sep 24, 2020, 7:50 PM IST

Golaghat protest story
গোলাঘাটত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উত্তাল প্ৰতিবাদ

গোলাঘাটৰ বেজবৰুৱা পইণ্টত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ ৷ প্ৰতিকৃতি দাহ কৰিলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰী সকলে।

গোলাঘাট, ২৪ চেপ্টেম্বৰ: গোলাঘাটত বৃহস্পতিবাৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে সাব্যস্ত কৰে এক প্ৰতিবাদী কাৰ্যসূচী। গোলাঘাটৰ বেজবৰুৱা পইণ্টত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ প্ৰতিকৃতি দাহ কৰে প্ৰতিবাদকাৰী সকলে। অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিক লৈ এই প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে। অসম চৰকাৰ হায় হায়, বিজেপি চৰকাৰ গ'বেক, ফণীভূষণ চৌধুৰী মূর্দাবাদ আদি ধ্বনিৰে পৰিৱেশ উত্তাল কৰি তুলে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদকাৰী সকলে।

লগতে পঢ়ক: হোটেল ভাৰ্গৱত মহানগৰ ক্ৰাইম ব্ৰাঞ্চ আৰু চিআইডিৰ হাতোৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.