ETV Bharat / briefs

ফেচবুকে আতৰালে ড'নাল্ড ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ লগত জড়িত সকলো বিজ্ঞাপন

author img

By

Published : Jun 19, 2020, 5:21 PM IST

Facebook
Facebook takes down Trump campaign ads for violating policies against 'organised hate'

ফেচবুকৰ নীতি উলংঘা কৰাৰ অভিযোগত ড'নাল্ড ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ লগত সকলো বিজ্ঞাপন তথা প'ষ্ট আতৰাই দিয়ে কোম্পানীটোৱে।

ইণ্টাৰনেশ্বনেল ডেস্ক, ১৯ জুনঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পৰ বিতৰ্কিত প'ষ্টক লৈ অৱশেষত ব্য়ৱস্থা গ্ৰহণ কৰিলে ফেচবুকে। মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানীয়ে ড'নাল্ড ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ লগত জড়িত সকলো প'ষ্ট আৰু বিজ্ঞাপন ফেচবুকৰ পৰা আতৰাই দিয়ে। ফেচবুকৰ নীতি উলংঘা কৰাৰ অভিযোগত সকলো বিজ্ঞাপন তথা প'ষ্ট আতৰাই দিয়ে কোম্পানীটোৱে।

Facebook takes down Trump campaign ads for violating policies against 'organised hate'
ফেচবুকে আতৰালে নিৰ্বাচনী প্ৰচাৰৰ লগত জড়িত ড'নাল্ড ট্ৰাম্পৰ সকলো বিজ্ঞাপন

নাগৰিক অধিকাৰ কাৰ্যকৰ্তা,ৰাজনৈতিক নেতাৰ লগতে কোম্পানীটোৰ নিজৰ একাংশ কৰ্মচাৰীয়ে এই হিংসাত্মক প'ষ্টসমূহ আতৰোৱাৰ বাবে দাবী উত্থাপন কৰি আহিছিল। সেই অনুসৰি বৃহস্পতিবাৰে ফেচবুকে ট্ৰাম্পৰ নিৰ্বাচনী প্ৰচাৰৰ লগত জড়িত বিজ্ঞাপন আৰু প'ষ্টসমূহ আতৰাই দিয়ে। এই বিজ্ঞাপনসমূহত নাজী (Nazi)ৰ দ্বাৰা ব্যৱহাৰ কৰা প্ৰতীক চিহ্নৰ ব্যৱহাৰ কৰা হৈছিল। লগতে, ট্ৰাম্পৰ প'ষ্টসমূহে কোম্পানীৰ নীতি উলংঘন কৰে বুলি ফেচবুকৰ মুকপাত্ৰ এণ্ডি ষ্টোনে উল্লেখ কৰে।

লগতে চাওকঃ সংৰক্ষণৰ অভাৱত সংকটৰ গৰাহত শিৱসাগৰৰ ঐতিহাসিক বৰ পুখুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.