ETV Bharat / briefs

নিৰ্বাচন বর্জনৰ সিদ্ধান্ত চৰাইদেউৰ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষীৰ

author img

By

Published : Mar 18, 2021, 5:50 PM IST

নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে চৰাইদেউৰ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী জোৱানসকলে ৷ নিৰ্বাচন বৰ্জনৰ সিদ্ধান্ত লোৱাৰ লগতে বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কৰ্ম বিৰতিৰো সিদ্ধান্ত লৈছে জোৱানসকলে ৷

Homeguard protest at Charaideo
নিৰ্বাচন বর্জনৰ সিদ্ধান্ত চৰাইদেউৰ প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষীৰ

মৰাণ,18 মাৰ্চ: বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কৰ্মবিৰতি পালন কৰাৰ লগতে ভোট বৰ্জন কৰাৰ এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে ৷ চৰাইদেউ জিলাৰ সোণাৰিত এক প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰৰ বিৰুদ্ধে অসন্তুষ্টি ব্যক্ত কৰি গৃহৰক্ষী জোৱানসকলে ভোট বৰ্জনৰ হুংকাৰ দিয়ে ৷

চৰকাৰৰ আলোচনাৰ জৰিয়তে জোৱানসকলৰ সমস্যাসমূহ সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে আহ্বান জনাই সদৌ অসম প্ৰশিক্ষণপ্ৰাপ্ত গৃহৰক্ষী সন্থাৰ চৰাইদেউ জিলা সমিতিয়ে তেওঁলোকে নিৰ্বাচনত ভোট বৰ্জন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, গৃহৰক্ষী জোৱানসকলে দীৰ্ঘদিনৰ পৰা চাকৰি নিয়মীয়াকৰণকে ধৰি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা মানি সমান কামৰ বাবে সমান মৰ্যদা বিচাৰি চৰকাৰক দাবী উত্থাপন কৰি আহিছে ৷ চৰকাৰে এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰিলে ভোট বৰ্জন কৰিব বুলিও জোৱানসকলে হুংকাৰ দি আহিছিল ৷ এনেক্ষেত্ৰত অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন থাকোতে গৃহৰক্ষী জোৱানসকলে ভোট বৰ্জনৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছে, সেই সিদ্ধান্তই নিশ্চয়কৈ 21 ৰ নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলাব ৷

লগতে পঢ়ক: শিৱসাগৰত প'ষ্টেল বেলটযোগে ভোট সংগ্ৰহ আৰম্ভ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.