ETV Bharat / bharat

মিজোৰামৰ চিকিৎসালয়ত অক্সিজেন কনচেনট্ৰেটৰ যোগান ধৰিছে 'ইউ মেটাৰে'

author img

By

Published : Jun 1, 2021, 3:50 PM IST

You Matter helps to provide oxygen concentrators in Mizoram
মিজোৰামৰ 'ইউ মেটাৰ'ৰ প্ৰশংসনীয় পদক্ষেপ

ক'ভিড-১৯ৰ বিৰুদ্ধে সাধাৰণ ৰাইজ, স্বাস্থ্য কৰ্মী সকলোৱে যুঁজ দি থকাৰ সময়তে সহায়ৰ বাবে আগবাঢ়ি আহিছে 'ইউ মেটাৰ' নামৰ মিজোৰামৰ এটা স্বেচ্ছাসেৱী সংস্থাই । ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত অক্সিজেন কনচেনট্ৰেটৰ যোগান ধৰাৰ লগতে স্বাস্থ্য কৰ্মীসকলক পি পি ই কিট আদি সামগ্ৰীও প্ৰদান কৰিছে ।

নেশ্যনেল ডেস্ক, ১ জুন: কৰ'ণাৰ সংকটৰ সময়ত সহায়ৰ হাত আগবঢ়াইছে 'ইউ মেটাৰ' নামৰ মিজোৰামৰ এটা স্বেচ্ছাসেৱী সংস্থাই । প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰি কিছু সকাহ দিয়াৰ চেষ্টা কৰিছে সংস্থাটোৱে । ৰাজ্যখনৰ বিভিন্ন চিকিৎসালয়ত অক্সিজেন কনচেনট্ৰেটৰ যোগান ধৰাৰ লগতে 'ইউ মেটাৰে' ফ্ৰণ্টলাইন কৰ্মীসকলক পি পি ই কিট আদি সামগ্ৰীও প্ৰদান কৰিছে ।

লগতে দৰিদ্ৰ লোকসকলকো খাদ্য আৰু প্ৰয়োজনীয় সামগ্ৰী প্ৰদান কৰি পাৰ্যমানে সহায় কৰিছে সংস্থাটোৱে । কেৱল এয়াই নহয়, আশ্ৰয়হীন হৈ পৰা মহিলা যৌন কৰ্মীসকললৈও সহায়ৰ হাত আগবঢ়াইছে ।

'ইউ মেটাৰ'ৰ প্ৰতিষ্ঠাপক ভিদা জ'নুনমাৱীয়ে কয় যে, যৌন নিৰ্যাতন আৰু যৌন কৰ্মৰ দৰে অন্ধকাৰ জগতৰ পৰা উদ্ধাৰ হোৱা লোকসকলক আইনী, মানসিক আৰু সামাজিক সমৰ্থন আগবঢ়োৱাৰ বাবে 'ইউ মেটাৰ' প্ৰতিষ্ঠা কৰা হৈছিল ।

উদ্ধাৰ কৰা লোকসকলৰ বেছিভাগেই মহিলা আৰু শিশু । মহামাৰীৰ দ্বিতীয় ঢৌৱে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়ত সংস্থাটোৱে ক'ভিড সংক্ৰান্তীয় বিভিন্ন ধৰণৰ সাহায্যমূলক কাম কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । পুঁজি আৰু অনুদানৰ জৰিয়তে সংস্থাটোৱে সামৰিক অভ্যুত্থানৰ পিছত ম্যানমাৰৰ পৰা আহি মিজোৰামত প্ৰৱেশ কৰা নাগৰিকসকলকো খাদ্যৰ যোগান ধৰি আছে ।

লগতে পঢ়ক:GDP: ২০২০-২১ বৰ্ষত ভাৰতত ৭.৩ শতাংশ হ্ৰাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.