ETV Bharat / bharat

Yogi warns gangsters : আতিকৰ হত্যাৰ পাচত মাফিয়াক সকীয়নি যোগীৰ

author img

By

Published : Apr 18, 2023, 9:11 PM IST

আদিত্যনাথে দাবী কৰা মতে পূৰ্বে উত্তৰ প্ৰদেশ হিংসাক লৈ জনাজাত আছিল । ২০১৭ চনৰ পৰা ৰাজ্যখনত এটাও হিংসাত্মক ঘটনা সংঘটিত হোৱা নাই (UP CM on Atiq Ahmed death)। আতিক আহমেদৰ মৃত্যুৰ পাচতে মাফিয়া, গেংষ্টাৰ আদিক সকীয়াই দিলে মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে ।

Yogi warns gangsters
আতিকৰ হত্যাৰ পাছত মাফিয়াক সকীয়নি যোগীৰ

নেশ্যনেল ডেস্ক, ১৮ এপ্ৰিল : এইবাৰ মাফিয়াক সকীয়নি প্ৰদান কৰিলে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে (UP CM warns gangsters)। তেওঁৰ মতে বিজেপি চৰকাৰৰ দিনত ৰাজ্যত কোনো লোককে মাফিয়াই ভাবুকি দিব নোৱাৰিব । গেংষ্টাৰ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফৰ হত্যাৰ পাছতে মাফিয়াৰ বিৰুদ্ধে সৰৱ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ ।

মঙলবাৰে ৰাজ্যৰ ৰাজধানী লক্ষ্ণৌৰ টেক্সটাইল পাৰ্কত বুজাবুজি চুক্তি স্বাক্ষৰ কাৰ্যসূচী সম্বোধন কৰি মুখ্যমন্ত্ৰী আদিত্যনাথে এই মন্তব্য কৰে । ৰাজ্যখন পূৰ্বে হিংসাৰ বাবে কুখ্যাত বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, ২০১২ ৰ পৰা ২০১৭ চনৰ ভিতৰত উত্তৰ প্ৰদেশত ৭০০ তকৈও অধিক হিংসাত্মক ঘটনা সংঘটিত হৈছিল । অৱশ্যে, ২০১৭ চনৰ পৰা ২০২৩ চনলৈকে উত্তৰ প্ৰদেশত এটাও তেনে ঘটনা হোৱা নাই আৰু ৰাজ্যখনত সান্ধ্য আইন জাৰি কৰা হোৱা নাই ।

তেওঁ উদ্বেগ প্ৰকাশ কৰি কয় যে, পূৰ্বে ৰাজ্যখন পৰিচয়ৰ সংকটত ভুগিছিল । অৱশ্যে বৰ্তমান অপৰাধী আৰু মাফিয়াসকল সংকটত পৰিছে । এতিয়া গুণ্ডা আৰু মাফিয়াই ব্যৱসায়ীসকলক ফোনযোগে ভাবুকি দিব নোৱাৰে । উত্তৰ প্ৰদেশে আজি এক উন্নত আইন-শৃংখলা পৰিস্থিতিৰ প্ৰতিশ্ৰুতি দিছে । ইফালে, উচ্চতম ন্যায়ালয়ে মঙলবাৰে আৰক্ষীৰ উপস্থিতিৰ মাজতে আতিক আৰু আশ্ৰাফৰ হত্যাৰ তদন্তৰ বাবে উচ্চতম ন্যায়ালয়ৰ এজন প্ৰাক্তন ন্যায়াধীশৰ অধ্যক্ষতাত এখন স্বতন্ত্ৰ বিশেষজ্ঞ সমিতি গঠন কৰিবলৈ বিচৰা আবেদনৰ তালিকা প্ৰস্তুত কৰিবলৈ সন্মত হয় ।

উল্লেখ্য যে গেংষ্টাৰ আতিক আহমেদ আৰু তেওঁৰ ভাতৃ আশ্ৰাফক আৰক্ষী আৰু সংবাদ মাধ্যমৰ সন্মুখতে যোৱা সপ্তাহত প্ৰয়াগৰাজত গুলীয়াই হত্যা কৰা হৈছিল (Atiq Ahmed murder)। ইফালে ইয়াৰ পূৰ্বে ঝান্সিত উত্তৰ প্ৰদেশৰ বিশেষ টাস্ক ফ'ৰ্চৰ সৈতে হোৱা সংঘৰ্ষত আতিকৰ পলাতক পুত্ৰ আছাদৰ মৃত্যু হৈছিল (Atiq son Asad death)।

উল্লেখ্য যে আতিক আৰু আশ্ৰাফক তিনি আক্ৰমণকাৰীয়ে হত্যা কৰিছিল । ইফালে আৰক্ষীৰ সন্মুখত হত্যাকাৰীয়ে কোৱা মতে তেওঁলোকে জনপ্ৰিয়তা অৰ্জন কৰিবলৈহে এই ঘটনা সংঘটিত কৰিছিল । সূত্ৰৰ মতে হত্যাকাৰী অৰুণ মৌৰ্য, ছানী সিং আৰু লাভলেশ তিৱাৰীয়ে গুণ্ডা হ'ব বিচাৰিছিল আৰু আতিকক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছিল । অৱশ্যে এই ঘটনাৰ আঁৰত আন কোনো লোক আছে নেকি তাক লৈ আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে ।

মৰণোত্তৰ পৰীক্ষাৰ প্ৰাথমিক ফলাফল অনুসৰি আতিকৰ দেহত প্ৰায় ৮ টাকৈ গুলী লাগিছিল । মূৰ, ডিঙি আৰু বুকুত গুলীৰ আঘাত পোৱা গৈছে । উত্তৰ প্ৰদেশ চৰকাৰে এই ঘটনাক লৈ ন্যায়িক তদন্তৰ নিৰ্দেশ দিছিল ।

লগতে পঢ়ক :Viveka murder case: বিবেকানন্দ হত্যাকাণ্ডৰ নতুন তথ্য প্ৰকাশ CBI ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.