ETV Bharat / bharat

বৰ্ধিত ঠাণ্ডাৰ মাত্ৰাৰ বাবে দিল্লীত জাৰি হালধীয়া সতৰ্কবাণী ​

author img

By ETV Bharat Assamese Team

Published : Jan 7, 2024, 2:19 PM IST

Cold wave in delhi
দিল্লীত বৰ্ধিত ঠাণ্ডাৰ মাত্ৰা

Cold wave in Delhi : দেওবাৰেও দিল্লীত বৰ্ধিত ঠাণ্ডাৰ মাত্ৰাৰ বাবে অশান্তি আছে ৰাজধানীবাসী । যাৰ পৰিপ্ৰেক্ষিতত বতৰ বিজ্ঞান বিভাগে দিল্লীত হালধীয়া সতৰ্কবাণী জাৰি কৰিছে । একে সময়তে প্ৰদূষণৰ পৰা বিশেষ সকাহ পোৱা নাই দিল্লীবাসীয়ে ৷

নেশ্যনেল ডেস্ক, ৭ জানুৱাৰী : ক্ৰমাৎ দিল্লী এন চি আৰত বৃদ্ধি পাইছে ঠাণ্ডাৰ প্ৰকোপ ৷ শনিবাৰে দিল্লীৰ অধিকাংশ অঞ্চলতে গোটেই দিনটো ডাৱৰীয়া হৈ আছিল । সেয়ে বতৰ বিজ্ঞান বিভাগে দেওবাৰে হালধীয়া সতৰ্কবাণী (ইয়েল্ল’ এলাৰ্ট) জাৰি কৰিছে ।

তথ্য অনুসৰি, দিল্লীত পুৱা ৭:০০ বজাত তাপমাত্ৰা আছিল ১০ ডিগ্ৰী চেলছিয়াছ । আনহাতে, এনচিআৰত ফৰিদাবাদত ৮ ডিগ্ৰী চেলছিয়াছ, গুৰুগ্ৰামত ৭ ডিগ্ৰী চেলছিয়াছ, গাজিয়াবাদত ১১ ডিগ্ৰী চেলছিয়াছ আৰু নয়দাত ১০ ডিগ্ৰী চেলছিয়াছ আছিল ৷

আজি অৰ্থাৎ দেওবাৰে সৰ্বোচ্চ উষ্ণতা প্ৰায় ১৬ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা প্ৰায় ৮ ডিগ্ৰী চেলছিয়াছ হোৱাৰ সম্ভাৱনা আছে । বতাহত আৰ্দ্ৰতাৰ মাত্ৰা ৯২ শতাংশ পৰ্যন্ত হ’ব আৰু ছয় কিলোমিটাৰ বেগত বতাহ বলিব বুলি আশা কৰা হৈছে ।

ইয়াৰ পূৰ্বে শনিবাৰে ৰাজধানীৰ সৰ্বোচ্চ উষ্ণতা ১৫.২ ডিগ্ৰী চেলছিয়াছ, যিটো স্বাভাৱিকতকৈ চাৰি ডিগ্ৰী কম হোৱাৰ বিপৰীতে সৰ্বনিম্ন তাপমাত্ৰা ৮.৯ ডিগ্ৰী চেলছিয়াছ, যিটো স্বাভাৱিকতকৈ দুই ডিগ্ৰী বেছি । পুৱা গোটেই সপ্তাহটো দিল্লীত লঘু কুঁৱলীৰ প্ৰকোপ দেখা গৈছিল । ৯ জানুৱাৰীত লঘু কুঁৱলী হোৱাৰ সম্ভাৱনা আছে ৷

আজি পুৱা ৭ বজাত দিল্লীৰ গড় বায়ুৰ গুণাগুণ সূচকাংক (AQI) ৩৪৫ত ৰেকৰ্ড কৰা হয়, যিটো অতি বেয়া তথা নিম্ন শ্ৰেণীত অন্তভূক্ত কৰা হয় । আনহাতে ফৰিদাবাদত ২৮৮, গুৰুগ্ৰামত ১৪৫, গাজিয়াবাদত ২৯২, গ্ৰেটাৰ নয়ডাত ৩১৯, নয়দাত একুই ২৯৬ । ইয়াৰ উপৰিও আলিপুৰত ৩৪৩, শদিপুৰত ৩৬৮, এন এছ আই টি দ্বাৰকাত ৩১৫, ডি টি ইউত ৩২১, ছিৰি দুৰ্গত ৩৫৪, মন্দিৰ মাৰ্গত ৩৫০, আৰ কে পুৰমত ৩৬০, পাঞ্জাবী বাগত ৩৮২, নৰ্থ কেম্পাছ ডি ইউত ৩৪৮, মথুৰাত ৩৪৮ মাৰ্গ একুই আই জি আই বিমানবন্দৰত ৩২০, ৩০৮, জে এল এন ষ্টেডিয়ামত ৩৩২, নেহৰু নগৰত ৩৮৬, ৮ নং দ্বাৰকা ছেক্টৰত ৩৫১ আৰু পাটপাৰগঞ্জত ৩৭৬ নম্বৰ লাভ কৰিছে ।
আনহাতে, ড° কৰ্ণী সিং শ্বুটিং ৰেঞ্জত ৩৫৪, অশোক বিহাৰত ৩৪৫, জাহাংগীৰপুৰীত ৩৮৮, ৰোহিনীত ৩৭৯, বিবেক বিহাৰত ৩৮৪, মেজৰ ধ্যানচান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত ৩৪৯, নৰেলাত ৩৭৬, ওখলাত ৩৬৪, ৱাজিৰপুৰত ৩৮৩ , বৱানাত ৩৫৪, শ্ৰী ঔৰবিন্দো মাৰ্গত ৩৪৪, পুছাত ৩৪৯, মুণ্ডকাত ৩৬৭, আনন্দ বিহাৰত ৩৮৩, বুৰাড়ী ক্ৰছিঙত ৩৩৭, নিউ মোটি বাগত ৩৩৫, আই টি অ’ত ২৫১, লোধি ৰোডত ২৯৮, ছোনিয়া বিহাৰত ২৭৮, নাজাফগড় ২৬৪ আৰু দিলশাদ গাৰ্ডেনত একিউআই আছিল ২৫৮ ।

লগতে পঢ়ক : ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনাই বিশেষ পূজা হ'ব কৰ্ণাটকৰ মন্দিৰত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.