ETV Bharat / bharat

Wrestlers protest: নাবালিকা খেলুৱৈগৰাকীৰ ওপৰত মানসিক হেঁচা প্ৰয়োগ কৰা হৈছে - সাক্ষী মালিক

author img

By

Published : Jun 10, 2023, 7:24 PM IST

উত্থাপন কৰা সকলোবোৰ সমস্যা সমাধান নোবোৱালৈকে আগন্তুক এছিয়ান গেমছত অংশগ্ৰহণ নকৰে মল্লযুঁজাৰুসকলে ৷ নাবালিকাগৰাকীৰ ওপৰত মানসিক হেঁচা প্ৰয়োগ কৰা বুলি সদৰী কৰে মল্লযুঁজাৰু সাক্ষী মালিকে (Sakshee Malikkh reaction)৷

wrestler-sakshee-malikkh-sakshi-malik-on-asian-games-participation-and-fear-and-pressure
নাবালিকা খেলুৱৈগৰাকীৰ ওপৰত মানসিক হেঁচা প্ৰয়োগ কৰা হৈছে

নিউজ ডেস্ক, 10 জুন: দেশজুৰি চৰ্চা অব্যাহত আছে মল্লযুঁজাৰুসকলৰ প্ৰতিবাদক লৈ (Wrestlers protest update news) ৷ প্ৰতিবাদকাৰী মল্লযুঁজাৰু সাক্ষী মালিকে শনিবাৰে কয় যে, তেওঁলোকৰ সকলোবোৰ সমস্যা সমাধান হ’লেহে তেওঁলোকে আগন্তুক এছিয়ান গেমছত অংশগ্ৰহণ কৰিব ৷ নাবালিকা খেলুৱৈগৰাকীৰ প্ৰসংগ উত্থাপন কৰি মালিকে কয় যে নাবালিকাগৰাকীৰ ওপৰত মানসিক হেঁচা প্ৰয়োগ কৰা হৈছিল (Sakshee Malikkh reaction)৷

"আপোনালোকে ভাবিবও নোৱাৰে যে আমি প্ৰতিদিনে মানসিকভাৱে কি পৰিস্থিতিৰ সন্মুখীন হৈ আছো (Sakshee Malikkh on Asian Games participation) ৷ যেতিয়ালৈকে ভাৰতীয় কুস্তী ফেডাৰেশ্যনৰ অধ্যক্ষ তথা বিজেপি সাংসদ ব্ৰীজভূষণ শৰণ সিং মুকলি আকাশৰ তলত থাকে তেনেহ’লে ভয় আৰু চাপৰ মাজত ছোৱালী খেলুৱৈসকলে দিন পাৰ কৰিব লাগিব (Wrestling Federation of India) ৷ সেয়েহে প্ৰথম দিনৰ পৰাই আমি চিঞৰি চিঞৰি ইয়াৰ বিৰোধিতা কৰিছো আৰু তেওঁক অতি সোনকালে গ্ৰেপ্তাৰ কৰাৰ বাবে দাবী জনাইছো। আমি দেখিছো যে কেনেকৈ নাবালিকা ছোৱালীজনীৰ বক্তব্য সলনি হৈছে (Brij Bhushan Sharan Singh)। যদি এনেদৰে এই প্ৰক্ৰিয়া অব্যাহত থাকে, ছোৱালী খেলুৱৈসকলৰ মনোবল ক্ৰমান্বয়ে ভাঙি যাব ৷" চনিপতত সংবাদ মাধ্যমৰ আগত সাক্ষী মালিকে এই মন্তব্য প্ৰকাশ কৰে ৷

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে নাবালিকা মল্লযুঁদ্ধাগৰাকীৰ পিতৃয়ে নিজৰ ভাষ্য সলনি কৰি কৈছিল তেওঁলোকে 'ইচ্ছাকৃতভাৱে' ভাৰতীয় কুস্তি ফেডাৰেচন (ডব্লিউএফআই)ৰ মুৰব্বী ব্ৰীজভূষণ শৰণ সিঙৰ বিৰুদ্ধে যৌন নিৰ্যাতনৰ ভুৱা অভিযোগ দাখিল কৰিছিল। তেওঁলোকে সিঙৰ বিৰুদ্ধে প্ৰতিশোধ লোৱাৰ বাবে এই ভুৱা অভিযোগ দাখিল কৰিছিল ৷ কিন্তু এই কাণ্ডই তেওঁলোকৰ কন্যাৰ বিৰুদ্ধে অন্যায় কৰা বুলি ভাবি তেওঁলোকে এই গোচৰ উঠাই লয় ৷

উল্লেখ্য যে ২০২২ চনৰ মাৰ্চ মাহত সিঙে এগৰাকী মহিলা মল্লযুঁজাৰুক অনুপযুক্তভাৱে স্পৰ্শ কৰা বুলি আন্তৰ্জাতিক কুস্তি ৰেফাৰী জগবীৰ সিঙৰ মন্তব্যৰ বিষয়ে সোধাত সাক্ষীয়ে কয় যে, তেওঁ সেই সময়ত প্ৰতিযোগিতাৰ অংশ আছিল। তেওঁ নিজৰ চকুৰে এই ঘটনা পৰিলক্ষিত কৰিছে ৷

লগতে পঢ়ক: Congress slammed Modi government: "মোদী চৰকাৰে অৰ্থনীতিৰ অপব্যৱহাৰ কৰিছে"- কংগ্ৰেছ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.