ETV Bharat / bharat

Drugs seized in Punjab: পঞ্জাবত আৰক্ষীৰ বৃহৎ সফলতা; প্ৰায় 400 কোটি টকাৰ ড্ৰাগছ জব্দ

author img

By

Published : Aug 6, 2023, 3:13 PM IST

Drugs seized in Punjab
Drugs seized in Punjab

পঞ্জাব আৰক্ষীয়ে দুটা পৃথক অভিযানত প্ৰায় 77 কেজি হেৰ’ইন জব্দ কৰে ৷ 4 ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ, তিনিটা পিষ্টল উদ্ধাৰ ৷

নেশ্যনেল ডেস্ক, 6 আগষ্ট : পঞ্জাব আৰক্ষীৰ চোৰাংচোৱা বিভাগৰ ড্ৰাগছৰ বিৰুদ্ধে অভিযান ৷ দুটা পৃথক অভিযান চলায় 77 কেজি হেৰ’ইন আৰু তিনিটা পিষ্টলসহ চাৰি ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা বিভাগে । এই সন্দৰ্ভত পঞ্জাবৰ আৰক্ষী সঞ্চালক প্ৰধানে বছৰটোৰ এয়া সৰ্ববৃহৎ ড্ৰাগছ জব্দ বুলি কয় । যাৰ আন্তঃৰাষ্ট্ৰীয় মূল্য প্ৰায় 400 কোটি টকা বুলি কয় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ।

এই সন্দৰ্ভত পঞ্জাৱ আৰক্ষীৰ আৰক্ষী সঞ্চালক প্ৰধান গৌৰৱ যাদৱে টুইটযোগে কয় যে চোৰাংচোৱা সংস্থাৰ নেতৃত্বত চলা দুটা ভিন্ন অভিযানত ফিৰোজপুৰৰ কাউণ্টাৰ ইনটেলিজেন্সে বছৰটোৰ সৰ্ববৃহৎ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হৈছে বুলি কয় । অভিযানত দলটোৱে 4 ড্ৰাগছ সৰবৰাহকাৰীক কৰায়ত্ত কৰাৰ লগতে প্ৰথমটো অভিযানত 41 কেজি আৰু দ্বিতীয়টো অভিযানত 36 কেজি অৰ্থাৎ মুঠ 77 কেজি হেৰ’ইন আৰু 3 টা পিষ্টল উদ্ধাৰ কৰিবলৈ সক্ষম হয় বুলি জনায় ।

ইয়াৰ সমান্তৰালকৈ পঞ্জাবৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ এই গোটবোৰে সীমান্তৰ সিপাৰে হেৰ’ইন সৰবৰাহ কৰিছিল । ইয়াৰোপৰি ড্ৰাগছ সৰবৰাহকাৰীয়ে এই হেৰ’ইন পঞ্জাৱ আৰু অন্যান্য বহিঃৰাজ্যলৈও সৰবৰাহ কৰিছিল বুলি জনায় । এই সফলতা এক বৃহৎ সফলতা বুলি কয় পঞ্জাবৰ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ।

পঞ্জাৱৰ ডিজিপি গোৰৱ যাদৱেও কয় যে Narcotic Drugs and Psychotropic Substances Act আইনৰ অধীনত এছএছঅ’চি ফাজিলকাত গোচৰ ৰুজু কৰা হৈছে বুলিও জানিবলৈ দিয়ে । ৰাজ্যখনত ড্ৰাগছ বিৰোধী অভিযান চলায় ইয়াৰ সৰবৰাহ কিছু পৰিমাণে হ্ৰাস কৰিবলৈ হ্ৰাস কৰিবলৈ সক্ষম হৈছে বুলি কোৱাৰ লগতে অনাগত দিনটো এই অভিযান চলি থাকিব বুলি আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সদৰী কৰে ।

লগতে পঢ়ক : Manipur violence: মণিপুৰত উত্তেজনা অব্যাহত, পুনৰ জ্বলিল 15 টা বাসগৃহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.