ETV Bharat / bharat

WORLD CUP 2023: ৰাজধানী দিল্লীৰ প্ৰদূষণৰ মাত্ৰাই সমস্যাত পেলাইছে বাংলাদেশ ক্ৰিকেট দলক

author img

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 8:28 AM IST

দিল্লীৰ প্ৰচণ্ড প্ৰদূষণৰ বাবে খেলৰ প্ৰশিক্ষণ বাতিল কৰিবলগীয়া হৈছে বাংলাদেশ দলে ৷ দেওবাৰৰ দুপৰীয়া অনুষ্ঠিত হ’ব খেলৰ প্ৰশিক্ষণ ৷ সোমবাৰে অৰুণ জেটলী ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব দলটোৱে ।

WORLD CUP 2023
ৰাজধানী দিল্লীৰ প্ৰদূষণৰ মাত্ৰাই সমস্যাত পেলাইছে বাংলাদেশ ক্ৰিকেট দলক

নেশ্যনেল ডেস্ক, 4 নৱেম্বৰ: ৰাজধানী দিল্লীত উদ্বেগজনকভাৱে বৃদ্ধি হৈছে প্ৰদূষণৰ মাত্ৰা ৷ প্ৰদূষণৰ বাবেই বাংলাদেশ দলে বাতিল কৰিবলগীয়া হৈছে খেলৰ প্ৰশিক্ষণ ৷ বাংলাদেশ ক্ৰিকেট দলে চহৰখনৰ বায়ু প্ৰদূষণৰ পৰা নিজৰ খেলুৱৈসকলক ৰক্ষা কৰিবলৈ শুকুৰবাৰে দিল্লীত অনুষ্ঠিত হোৱা অনুশীলন বাতিল কৰিবলগীয়া হৈছিল বুলি দলৰ পৰিচালক খালেদ মাহমুদে জনায় ।

বুধবাৰে দিল্লীত উপস্থিত হোৱা বাংলাদেশে সোমবাৰে অৰুণ জেটলী ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে খেলিব । বাংলাদেশে তিনিখনকৈ প্ৰশিক্ষণ মেচৰ পৰিকল্পনা কৰিছিল যদিও প্ৰথমখন মেচ প্ৰদূষণৰ বাবে বাতিল কৰিবলগীয়া হয় ৷ প্ৰদূষণৰ দ্বাৰা প্ৰভাৱিত হৈ খেলৰ পূৰ্বে খেলুৱৈসকল অসুস্থ হৈ পৰাটো দলটোৱে বিচৰা নাছিল বাবেই এই সিদ্বান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে ।

দলটোৰ পৰিচালক খালেদ মাহমুদে কয়, "আচলতে আজি আমাৰ এটা প্ৰশিক্ষণ আছিল ৷ কিন্তু পৰিস্থিতি বেয়া হোৱাৰ বাবে আমি প্ৰশিক্ষণ বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰো । আমাৰ আৰু দুটা ট্ৰেইনিং ডে’ আছে । আমাৰ মাজৰ কিছুমানৰ কাঁহ হৈছিল, গতিকে খেলৰ পূৰ্বে ৰিস্ক নললো ।

লগতে মাহমুদে দেওবাৰে তেওঁলোকৰ পুনৰ প্ৰশিক্ষণ আছে বুলি উল্লেখ কৰি 6 নৱেম্বৰত হ’বলগীয়া গুৰুত্বপূৰ্ণ খেলখনৰ বাবে সকলো খেলুৱৈয়েই ফিট হৈ থকাৰ বাবে আশা প্ৰকাশ কৰে ৷ বাংলাদেশৰ অনুশীলন শনিবাৰে সন্ধিয়া হোৱাৰ বিপৰীতে দেওবাৰৰ দুপৰীয়া অনুশীলন কৰিবলৈ সাজু হৈছে বুলি দলটোৱে জনায় ।

উল্লেখ্য যে, চলিত বিশ্বকাপ ক্ৰিকেটত বাংলাদেশ দলৰ প্ৰদৰ্শন একেবাৰে শোচনীয় হোৱা পৰিলক্ষিত হৈছে ৷ আনহাতে, শ্ৰী লংকাই ভাৰতৰ বিৰুদ্ধে শেহতীয়াকৈ অনুষ্ঠিত মেচখনৰ শোচনীয়ভাৱে পৰাস্ত হয় ৷

লগতে পঢ়ক: Earthquake in Nepal: নেপালত ভূমিকম্পৰ ফলত বৰ্তমানলৈ মৃত্যু 70 জনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.