ETV Bharat / bharat

কৃষি আইনৰ প্ৰতিবাদত যন্তৰ মন্তৰলৈ ৰাওনা মহিলা প্ৰতিবাদকাৰী

author img

By

Published : Jul 26, 2021, 5:00 PM IST

তিনিখন কৃষি আইনৰ বিৰুদ্ধে এক প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ যন্তৰ মন্তৰ অভিমুখে ৰাওনা মহিলা প্ৰতিবাদকাৰী ৷ মহিলা স্বাধীন কিষাণ সংসদ চলোৱাৰ উদ্দেশ্য এই যাত্ৰা প্ৰতিবাদকাৰীৰ দলটোৰ ৷ মহিলা প্ৰতিবাদকাৰীসকলে জনায় যে তেওঁলোকে এটা সৰ্ব-মহিলা স্বতন্ত্ৰ 'কিষাণ সংসদ' চলাব ।

কৃষি আইনৰ প্ৰতিবাদত যন্তৰ মন্তৰলৈ ৰাওনা মহিলা প্ৰতিবাদকাৰী
কৃষি আইনৰ প্ৰতিবাদত যন্তৰ মন্তৰলৈ ৰাওনা মহিলা প্ৰতিবাদকাৰী

নেশ্যনেল ডেস্ক, ২৬ জুলাই : তিনি কৃষি আইন বিৰোধী শ্ল'গানেৰে বৃহস্পতিবাৰৰ পৰা পুনৰ যন্তৰ মন্তৰ উত্তাল কৰি তুলিছে প্ৰতিবাদী কৃষকে । দিনৰ 11 বজাৰ পৰা আবেলি 5 বজালৈ প্ৰায় 200 গৰাকী কৃষকে কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ ইয়াৰ পৰিৱৰ্তে চলিত বৰ্ষৰ 26 জানুৱাৰীত লালকিল্লাত ট্ৰেক্টৰ ৰেলীৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ কথা মনত ৰাখি দিল্লী আৰক্ষীয়ে এইবাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে । সোমবাৰে তিনিখন কৃষি আইনৰ বিৰুদ্ধে এক প্ৰতিবাদত অংশগ্ৰহণ কৰিবলৈ যন্তৰ মন্তৰ অভিমুখে ৰাওনা হোৱাৰ সময়ত মহিলা প্ৰতিবাদকাৰীসকলে কয় যে, সকলো মহিলাই স্বাধীনভাৱে কিষাণ আন্দোলন চলাব ।

লগতে পঢ়ক:কৃষি আইনৰ বিৰোধিতাৰে ট্ৰেক্টৰ চলাই সদনত উপস্থিত ৰাহুল গান্ধী

মহিলা প্ৰতিবাদকাৰীসকলে জনায় যে তেওঁলোকে সৰ্ব-মহিলা স্বতন্ত্ৰ 'কিষাণ সংসদ' চলাব । এগৰাকী মহিলা প্ৰতিবাদকাৰীয়ে কয়, "প্ৰথমবাৰৰ বাবে মহিলাসকলে স্বাধীনভাৱে সংসদ ('কিষাণ সংসদ') চলাব ।" সংসদৰ দ্বাৰা গৃহীত তিনি নতুন কৃষি আইনৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি এগৰাকী মহিলা প্ৰতিবাদকাৰীয়ে সাংসদসকলে কৃষি, শিক্ষা আৰু শ্ৰম আইন সম্পৰ্কীয় ক'লা আইন গৃহীত কৰিছে বুলি মন্তব্য কৰিছে ৷ প্ৰতিবাদকাৰীসকলে লগতে এইবুলি কয় যে, "আমাৰ তেজ আৰু ঘাম আপোনাৰ অপচয় হোৱাৰ বাবে নহয় , বৰঞ্চ ৰাষ্ট্ৰৰ উন্নয়নৰ বাবে, আমি এই আইন গ্ৰহন নকৰো আৰু সংসদৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি যাম ৷"

উল্লেখ্য যে, স্বাধীনতা দিৱসৰ দিনটোত হাৰিয়ানাৰ জিন্দ জিলাৰ কৃষকসকলে এক ব্যতিক্ৰমী ধৰণে প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত লৈছে ৷ তেওঁলোকে কেন্দ্ৰৰ কৃষি আইনৰ প্ৰতিবাদত স্বাধীনতা দিৱস উপলক্ষে সমগ্ৰ চহৰখনত মুকাভিনয়ৰ মাধ্যমেৰে এক ট্ৰেক্টৰ ৰেলী উলিয়াব বুলি জানিবলৈ দিয়ে ৷ দেওবাৰে কৃষক নেতা বিজেন্দ্ৰ সিন্ধুৱে কয় যে, তেওঁলোকে কোনো মন্ত্ৰীকে স্বাধীনতা দিৱস উপলক্ষে ত্ৰিৰংগা উত্তোলন কৰিবলৈ অনুমতি নিদিয়াৰ সিদ্ধান্ত লৈছে ।

কৃষকসকলে বিগত বছৰৰ 26 নৱেম্বৰৰ পৰা ৰাষ্ট্ৰীয় ৰাজধানীৰ বিভিন্ন সীমাত তিনিখন নতুনকৈ প্ৰণয়ন কৰা কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে ৷ কৃষক উৎপাদন বাণিজ্য আৰু বাণিজ্য (প্ৰচাৰ আৰু সুবিধা) আইন, 2020; মূল্য নিশ্চিতি আৰু ফাৰ্ম সেৱা আইন 2020 আৰু অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধনী) আইনৰ লগতে 2020-ৰ ওপৰত কৃষক (সশক্তিকৰণ আৰু সুৰক্ষা) চুক্তিৰ বিৰুদ্ধে কৃষকসকলে ধাৰাবাহিকভাৱে প্ৰতিবাদ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:যন্তৰ মন্তৰত কৃষকৰ প্ৰতিবাদ: দিল্লী আৰক্ষীক খাকী পোছাক পিন্ধাৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.