ETV Bharat / bharat

যন্তৰ মন্তৰত কৃষকৰ প্ৰতিবাদ: দিল্লী আৰক্ষীক খাকী পোছাক পিন্ধাৰ নিৰ্দেশ

author img

By

Published : Jul 22, 2021, 7:36 PM IST

দিল্লীৰ যন্তৰ মন্তৰত কৃষক প্ৰতিবাদৰ সময়ত যাতে বিক্ষিপ্ত ঘটনা সংঘটিত নহয়, তাৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে দিল্লী আৰক্ষীয়ে । বৃহস্পতিবাৰে প্ৰতিবাদৰ পূৰ্বে আৰক্ষী বিষয়াসকললৈ এক বিশেষ নিৰ্দেশ জাৰি কৰে দিল্লী আৰক্ষীৰ নিৰাপত্তা শাখাৰ উপ-আৰক্ষী আয়ুক্তই ৷ নিৰ্দেশনা অনুসৰি, প্ৰতিবাদস্থলীত কৰ্তব্যৰত অৱস্থাত খাকী পোছাক পৰিধান কৰিব লাগিব আৰক্ষী বিষয়াসকলে । বৃহস্পতিবাৰৰ পৰা যন্তৰ মন্তৰত প্ৰায় ২০০ গৰাকী কৃষকে কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ সিদ্ধান্ত লৈছে ।

Delhi DCP direction for farmer protests at Jantar Mantar
যন্তৰ মন্তৰত হ'বলগীয়া কৃষক প্ৰতিবাদৰ সময়ত খাকী পোছাক পিন্ধিবলৈ দিল্লী আৰক্ষীক নিৰ্দেশ

নেশ্যনেল ডেস্ক, ২২ জুলাই: তিনি কৃষি আইন বিৰোধী শ্ল'গানেৰে বৃহস্পতিবাৰৰ পৰা পুনৰ যন্তৰ মন্তৰ উত্তাল কৰি তুলিছে প্ৰতিবাদী কৃষকে । দিনৰ ১১ বজাৰ পৰা আবেলি ৫ বজালৈ প্ৰায় ২০০ গৰাকী কৃষকে কৃষি আইন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰাৰ পৰিৱৰ্তে চলিত বৰ্ষৰ ২৬ জানুৱাৰীত লালকিল্লাত ট্ৰেক্টৰ ৰেলীৰ সময়ত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ কথা মনত ৰাখি দিল্লী আৰক্ষীয়ে এইবাৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে । দিল্লী আৰক্ষীৰ নিৰাপত্তা শাখাৰ উপ-আৰক্ষী আয়ুক্তই বৃহস্পতিবাৰে প্ৰতিবাদস্থলীত কৰ্তব্যৰত সকলো আৰক্ষী বিষয়া তথা জোৱানক খাকী পোছাক পৰিধান কৰিবলৈ নিৰ্দেশ জাৰি কৰে ।

ছুটিত থকা আৰক্ষী জোৱানসকলকো সাজু হৈ থাকিবলৈ নিৰ্দেশ দিয়াৰ লগতে জৰুৰীকালীন সময়ত এঘণ্টাৰ ভিতৰত আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ দিছে উপ-আৰক্ষী আয়ুক্তগৰাকীয়ে । এই নিৰ্দেশ অনুসৰি, দিল্লী আৰক্ষীৰ নিৰাপত্তা গোটত নিয়োজিত সকলো আৰক্ষী বিষয়াই তেওঁলোকৰ ব্যক্তিগত আৰু চৰকাৰী মোবাইল নম্বৰ কোনো পৰিস্থিতিতে বন্ধ ৰাখিব নোৱাৰিব । দুয়োটা নম্বৰ সম্পূৰ্ণৰূপে কাৰ্যক্ষম হৈ থাকিব লাগিব আৰু তেওঁলোকে প্ৰতিটো ফোন কলৰ উত্তৰ দিব লাগিব বুলিও নিৰ্দেশ জাৰি কৰা হৈছে । ইয়াৰ উপৰিও, উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰীৰ ভঁৰালৰ দায়িত্ব থকা ভাৰপ্ৰাপ্ত বিষয়াসকলক আৰক্ষীক প্ৰয়োজনীয় সা-সৰঞ্জাম প্ৰদান কৰিবলৈও নিৰ্দেশ দিয়া হৈছে ।

জানিব পৰা মতে, আৰক্ষীসকলক সংসদ পথ আৰক্ষী থানালৈ লৈ যোৱাৰ বাবে বাহনৰ ব্যৱস্থা কৰিবলৈ সকলো পিএছঅ'ক নিৰ্দেশনা দিয়া হৈছে । লগতে, উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্ৰয়োজন হোৱা সামগ্ৰীসহ আৰক্ষী জোৱানৰ দুটা কোম্পানী পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সাজু কৰি ৰখা হৈছে ৷ উল্লেখ্য যে, দিল্লী আৰক্ষীয়ে ২০০ গৰাকী কৃষকক যন্তৰ মন্তৰত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অনুমতি দিছে ।

যোৱা ২৬ জানুৱাৰীত সংঘটিত হিংসাত্মক ঘটনাৰ পৰিণাম প্ৰত্যক্ষ কৰাৰ পাচত আৰক্ষীয়ে এইবাৰ নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰিছে । দিল্লী আৰক্ষীৰ উপৰিও আন সকলো গোটক যিকোনো পৰিস্থিতিৰে মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ কোৱা হৈছে, যাতে প্ৰয়োজন হ'লে সহজে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিব পৰা যায় । নিৰাপত্তা গোটত নিযুক্ত আৰক্ষীসকলক ২৪ ঘণ্টাৰ বাবে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়া হৈছে ।

উল্লেখ্য যে, ২০২০ চনত কেন্দ্ৰীয় চৰকাৰে গৃহীত কৰা তিনিখন বিতৰ্কিত কৃষি আইনৰ বিৰুদ্ধে বৃহস্পতিবাৰে নতুন দিল্লীৰ যন্তৰ মন্তৰত কৃষকে প্ৰতিবাদ সাব্যস্ত কৰিব । দিল্লী আৰক্ষীৰ মতে, কৃষকসকলক যন্তৰ মন্তৰত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অনুমতি দিয়া হৈছে যদিও সংসদৰ ফালে যাত্ৰা নকৰিবলৈ কঠোৰ নিৰ্দেশ জাৰি কৰা হৈছে । মুঠতে পৰিস্থিতি যাতে গণতন্ত্ৰ দিৱসৰ দৰে ভয়াৱহ নহয়, তাৰ বাবে দিল্লী আৰক্ষী সষ্টম হৈ আছে ।

লগতে পঢ়ক:প্ৰাক্তন মন্ত্ৰী অস্কাৰ ফাৰ্ণাণ্ডেজক চিকিৎসালয়ত ভৰ্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.