ETV Bharat / bharat

WOMEN EQUALITY DAY : নাৰী সমতাৰ লক্ষ্যস্থান কিমান দূৰত ?

author img

By

Published : Aug 26, 2021, 8:49 AM IST

WOMEN EQUALITY DAY
নাৰী সমতাৰ লক্ষ্যস্থান কিমান দূৰত ?

আজি নাৰী সমতা দিৱস ৷ আৰ্থ-সামাজিক গাঁথনিত মহিলাৰ সমতাৰ যাত্ৰা হিচাপে এই দিনটো উদযাপন কৰা হয় । ই সমাজত মহিলাৰ স্থিতিৰ লগতে মহিলাসকলে লাভ কৰা সন্মান আৰু সুযোগৰ বাবে বিশ্বৰ প্ৰগতি নিশ্চিত কৰে । কিন্তু প্ৰকৃত অৰ্থত মহিলাই বৰ্তমান সমাজত পুৰুষৰ সম অধিকাৰ লাভ কৰিছেনে !

নিউজ ডেস্ক, 26 আগষ্ট : নাৰীক সৃষ্টিৰ মূল চালিকা শক্তি হিচাপে গণ্য কৰা হয় । সম্প্ৰতি সময়ত নাৰীয়ে অৰ্থনৈতিক, ৰাজনৈতিক আৰু সামাজিক সকলো ক্ষেত্ৰতে নিজৰ সাফল্য লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৰান্ধনিশালৰ পৰা মহাকাশলৈ সকলো ক্ষেত্ৰতে মহিলাসকলে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ প্ৰতিৰক্ষা ক্ষেত্ৰতো মহিলাসকলে নিজৰ স্থান সুনিশ্চিত কৰিছে ৷

WOMEN EQUALITY DAY
নাৰী সমতাৰ লক্ষ্যস্থান কিমান দূৰত ?

নাৰীক পুৰুষৰ সমতুল্য বুলি গণ্য কৰা হয় ৷ তথাপিও যেন অতীতৰ পৰা বৰ্তমানলৈকে নাৰী হৈ আহিছে অৱহেলিত, শোষিত ৷ বিশ্বৰ বিভিন্ন প্ৰান্তত এতিয়াও নাৰীক পুৰুষৰ দৰে নিজৰ ভৰিৰ ওপৰত থিয় হ'বলৈ, তেওঁলোকৰ শিক্ষা সম্পূৰ্ণ কৰিবলৈ অনুমতি দিয়া নহয় । ঘৰৰ চাৰিবেৰৰ মাজত তেওঁলোকক আৱদ্ধ কৰি ৰখা হয় ৷

নাৰীৰ সম অধিকাৰ আৰু সুযোগ দিয়াৰ বাবে তথা মহিলাৰ সমতাৰ বিষয়ে সজাগতা বিয়পাবলৈ প্ৰতি বছৰে 26 আগষ্ট দিনটো মহিলা সমতা দিৱস হিচাপে পালন কৰা হয় ।

WOMEN EQUALITY DAY
মহাকাশচাৰী কল্পনা চাওলা

আমেৰিকা যুক্তৰাষ্ট্ৰই ১৯২০ চনত প্ৰথমবাৰলৈ সংবিধানৰ ১৯ তম সংশোধনীৰ জৰিয়তে মহিলাসকলক ভোটদানৰ অধিকাৰ প্ৰদান কৰি ২৬ আগষ্টৰ দিনটো মহিলা সমতা দিৱস হিচাপে উদযাপন কৰে ৷ মহিলা সমতা দিৱস উদযাপনৰ জৰিয়তে মহিলাসকলক সম্পূৰ্ণ সমতা অৰ্জনৰ বাবে নিৰন্তৰ প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰাই হৈছে ইয়াৰ মূল উদ্দেশ্য ।

লগতে পঢ়ক : জীৱন মৃত্যুৰে যুঁজি যুঁজি হাৰি গ’ল নন্দিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.