ETV Bharat / bharat

Tripura By Election : মহিলাক প্ৰাৰ্থিত্ব প্ৰদানৰ সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

author img

By

Published : Jun 7, 2022, 9:21 AM IST

নাৰী সবলীকৰণৰ লক্ষ্য আগত লৈ (TMC on women empowerment) ত্ৰিপুৰা প্ৰদেশ তৃণমূল কংগ্ৰেছে এইবাৰ দুই মহিলা প্ৰাৰ্থীক নিৰ্বাচন কৰে ৷ পশ্চিম বংগত ৫০% বিধায়কেই মহিলা (50 percent of legislators are women In West Bengal) ৷ ভাৰতীয় ৰাজনীতিত ই এক দুৰ্লভ ঘটনা ৷

women-empoowerment-tmcs-justification-to-replace-candiate-in-bye-election
Tripura By Election : মহিলাক প্ৰাৰ্থীত্ব প্ৰদানৰ সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ প্ৰতিক্ৰিয়া

আগৰতলা, 7 জুন : সমাগত ত্ৰিপুৰা উপ-নিৰ্বাচন ৷ নাৰী সবলীকৰণৰ লক্ষ্য আগত লৈ (TMC on women empowerment) ত্ৰিপুৰা প্ৰদেশ তৃণমূল কংগ্ৰেছে এইবাৰ দুগৰাকী মহিলা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰে ৷ সোমবাৰে ত্ৰিপুৰা তৃণমূল কংগ্ৰেছ সভাপতি সুবল ভৌমিকে বনমালিপুৰ কাৰ্যালয়ত এক সংবাদমেল অনুষ্ঠিত কৰি টাউন বৰদোৱালীত মহিলা প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদানৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া (TMC's justification to replace candiate ) প্ৰকাশ কৰে ৷

ভৌমিকে প্ৰাৰ্থী সংহিতা বেনাৰ্জীৰ নাম ঘোষণা কৰি কয় যে, আমি সুৰমা আৰু জুবাৰাজনগৰৰ বাবে দুজন যুৱ প্ৰাৰ্থী আৰু আগৰতলা আৰু টাউন বৰদোৱালীৰ বাবে দুগৰাকী মহিলা প্ৰাৰ্থী প্ৰদান কৰাৰ সিদ্ধান্ত লৈছো । আমি এই নিৰ্বাচনত জয়ী হোৱাটো নিশ্চিত ৷ আমাৰ প্ৰাৰ্থীসকল উচ্চ শিক্ষিত আৰু মাটিৰ মানুহ ।

লগতে ভৌমিকে বিৰোধী দলক উদ্দেশ্যি কয়, ‘‘মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীৰ নেতৃত্বত আমি ৰাজ্যখনত বিজেপি চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে নিৰন্তৰ যুঁজ দি আছো’’ ।

উল্লেখ্য যে, তৃণমূল কংগ্ৰেছৰ অধ্যক্ষ মমতা বেনাৰ্জীয়ে মহিলা সবলীকৰণৰ প্ৰচাৰৰ উদ্দেশ্যৰে টাউন বৰদোৱালী আসনৰ পুৰুষ প্ৰাৰ্থী সলনি কৰি সংহিতা বেনাৰ্জীক প্ৰাৰ্থিত্ব প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল (Replace candiate in bye-election)৷ মহিলাসকলৰ বাবে 50% প্ৰতিনিধিত্ব নিশ্চিত কৰি এই নিৰ্বাচনত দুটা আসনত মহিলাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে বুলি ভৌমিকে মন্তব্য প্ৰকাশ কৰে ৷

ইয়াৰোপৰি দলটোৰ সভাপতিগৰাকীয়ে কয় যে "পশ্চিম বংগত ৫০% বিধায়কেই মহিলা (50 percent of legislators are women In West Bengal) ৷ ভাৰতীয় ৰাজনীতিত ই এক দুৰ্লভ ঘটনা ৷"

আনহাতে উক্ত সংবাদমেলত এ আই টি চিৰ নেতা তাপস ৰয় আৰু প্ৰকাশ দাসসহ আগৰতলা আৰু টাউন বৰদোৱালী বিধানসভা সমষ্টিৰ তৃণমূল প্ৰাৰ্থী পান্না দেৱ আৰু সংহিতা বেনাৰ্জীও উপস্থিত থাকে ৷

লগতে চাওক : অতি শীঘ্ৰে আৰম্ভ হ'ব ত্ৰিপুৰা আৰু বাংলাদেশৰ মাজত দ্বিতীয়টো ৰেল সংযোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.