ETV Bharat / bharat

Sensational accident case : ৰহস্য ফাদিল, আৰ্থিক সমস্যাৰ বাবে আত্মহত্যা কৰিছিল পাপতিয়ে

author img

By

Published : Jul 18, 2023, 4:59 PM IST

যোৱা ২৮ জুনত সংঘটিত এক দুৰ্ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত কৰি আছিল । অনুসন্ধানত পোহৰলৈ আহিছে যে সেয়া দুৰ্ঘটনা নাছিল । আত্মহত্যা হে আছিল । ইচ্ছাকৃতভাৱে বাছৰ আগত জপিয়াইছিল মহিলাগৰাকীয়ে । সম্প্ৰতি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

Sensational accident case
আৰ্থিক সমস্যাৰ বাবে আত্মহত্যা কৰিছিল পাপতিয়ে

নেশ্যনেল ডেস্ক,১৮ জুলাই : তামিলনাডুৰ চালেমত সংঘটিত এক শোকাৱহ ঘটনাৰ তদন্তত ন ন তথ্য লাভ কৰিছে আৰক্ষীয়ে । চলন্ত বাছৰ খুন্দাত মৃত্যু হোৱা মহিলা চাফাই কৰ্মী চালেমৰ ৪৬ বছৰীয়া পাপতি বুলি জানিব পৰা গৈছে । ইফালে আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিছে যে মহিলাগৰাকীৰ স্বামীৰ মৃত্যু হৈছে । তেওঁৰ ঘৰত দুই পুত্ৰ আৰু কন্যা আছে । ২৮ জুনৰ পুৱা চালেমৰ অগ্ৰহৰামত এখন ব্যক্তিগত বাছৰ খুন্দাত নিহত হৈছিল মহিলাগৰাকী । চালেম টাউন আৰক্ষীয়ে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰি দুৰ্ঘটনাটোৰ তদন্ত কৰি আছিল ।

পাপতি আফ্ৰাহাৰাম অঞ্চলৰ চালেম জিলা কালেক্টৰেটত চাফাই কৰ্মী হিচাপে কাম কৰিছিল । আৰক্ষীয়ে দুৰ্ঘটনাস্থলীত থকা চিচিটিভি ফুটেজ পৰীক্ষা কৰিছিল । সেই সময়ৰ ফুটেজটো পৰীক্ষা কৰি আৰক্ষীয়ে প্ৰত্যক্ষ কৰিছিল যে ৰাস্তাৰ কাষেৰে খোজ কাঢ়ি গৈ থকা পাপতিয়ে হঠাৎ এখন ব্যক্তিগত বাছৰ সন্মুখত পৰিছিল আৰু তাৰ পাছত বাছখনে তেওঁক খুন্দিয়াই থৈ যায় । চিচিটিভি ফুটেজৰ পৰা স্পষ্ট হৈছে যে পাপতিয়ে ইচ্ছাকৃতভাৱে চলন্ত বাছখনৰ আগত পৰিছিল ।

আৰক্ষীয়ে ঘটনাটোৰ সূক্ষ্মভাৱে তদন্ত চলাইছে । আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে পাপতিৰ পুত্ৰ মহাবিদ্যালয়ত পঢ়ি আছে । সেই মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই পাপতিক পুত্ৰৰ মাচুল ৪৫,০০০ টকা পৰিশোধ কৰিবলৈ কৈছিল । কিন্তু তেওঁৰ হাতত ধন নাছিল । আনকি পাপতিয়ে বহুলোকৰ ওচৰত ঋণো বিচাৰিছিল । কিন্তু কোনেও তেওঁক ধন দিয়া নাছিল । সম্ভৱত হতাশাত ভুগিয়ে তেওঁ এই সিদ্ধান্ত লৈছিল ।

যিহেতু পাপতিয়ে চাফাই কৰ্মী হিচাপে কাম কৰি আছিল । যদি তেওঁৰ দুৰ্ঘটনাত মৃত্যু হয় তেন্তে তেওঁৰ পৰিয়ালে চৰকাৰী ক্ষতিপূৰণ পাব । আৰক্ষীয়ে সন্দেহ কৰা মতে সম্ভৱত এইবোৰ কাৰণতে পাপতিয়ে আত্মহত্যা কৰিছিল ।

যাৰ বাবে আৰক্ষীয়ে দুৰ্ঘটনাৰ গোচৰটো আত্মহত্যাৰ গোচৰলৈ ৰূপান্তৰিত কৰিছে । আনহাতে পাপতিৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰা পৰিয়ালটোৰ বৰ্তমানৰ অৱস্থা দেখি হতবাক হৈছে বিভিন্নজন । ইফালে চাফাই কৰ্মী কল্যাণ সংস্থাই জনোৱা মতে পাপতি স্থায়ী কৰ্মচাৰী নাছিল । যাৰ বাবে তেওঁৰ পৰিয়ালে ক্ষতিপূৰণ হিচাপে ১ লাখ টকাও নাপাব ।

লগতে পঢ়ক :Kaustuv Roy arrested : কলকাতাৰ মিডিয়া বেৰন কৌস্তুভ ৰয়ক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.