ETV Bharat / bharat

গোৱালিয়ৰত অমানৱীয় ঘটনা; ধৰ্ষণ কৰি জীৱন্তে জ্বলাই দিলে মহিলাক

author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 3:25 PM IST

Woman burnt alive at gwalior
গোৱালিয়ৰত অমানৱীয় ঘটনা; ধৰ্ষণ কৰি জীৱন্তে জ্বলাই দিলে মহিলাক

আৰক্ষীয়ে জনোৱা মতে, মৃত মহিলাগৰাকীৰ মুখখন জ্বলি যোৱা অৱস্থাত আছিল । তেওঁক ধৰ্ষণৰ পিছত জীৱন্তে জ্বলাই দিয়াৰ সন্দেহ কৰা হৈছে । আনহাতে, মৃতদেহটোৰ ওচৰত সুৰাৰ বটলো উদ্ধাৰ কৰা হৈছে ।

নিউজ ডেস্ক, ৯ ডিচেম্বৰ : গোৱালিয়ৰত সংঘটিত হৈ এক নাৰকীয় ঘটনা । নৰপিশাচৰ জিঘাংসাৰ বলি হয় এগৰাকী মহিলা । দুৰ্বৃত্তই সংঘটিত কৰা এক চাঞ্চল্যকৰ ঘটনাত শনিবাৰে পুৱা উপায়ুক্ত কাৰ্যালয় আৰু জিলা আদালতৰ নতুন ভৱনৰ পিছফালে এগৰাকী অচিনাক্ত মহিলাৰ নগ্ন মৃতদেহ উদ্ধাৰ হয় । মৃতদেহটো এডোখৰ পৰিত্যক্ত স্থানত উদ্ধাৰ কৰা হয় ।

জানিব পৰা মতে, উক্ত মাটিখিনি প্ৰাক্তন পৌৰ আয়ুক্ত বিনোদ শৰ্মাৰ । আৰক্ষীয়ে মহিলাগৰাকীক ধৰ্ষণৰ পিছত হত্যা কৰাৰ সম্ভাৱনা প্ৰকাশ কৰিছে । আনহাতে, উদ্ধাৰ হোৱা মহিলাগৰাকীৰ মুখখন জ্বলি গৈছিল । যাৰ বাবে তেওঁক চিনাক্ত কৰিব পৰা অৱস্থাত নাছিল ।

ইফালে ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষীয়ে তিনিটা দেশীয় সুৰাৰ বটল আৰু এখন পত্ৰ উদ্ধাৰ কৰে । পত্ৰখনত কিছু ব্যক্তিৰ নাম উল্লেখ কৰা আছে । কিন্তু আৰক্ষীয়ে সন্দেহ কৰিছে যে পত্ৰখন হত্যাকাৰীয়ে আন কোনো উদ্দেশ্যৰে ঘটনাস্থলীত এৰি থৈ গৈছে, যাতে মহিলাগৰাকীক চিনাক্ত কৰিব নোৱাৰিলে কিছু নিৰীহ লোকক তেওঁৰ হত্যাৰ লগত জড়িত কৰিব পাৰি ।

বৰ্তমান আৰক্ষীয়ে ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে । এফএছএল কুকুৰৰ দল আৰু বিশ্ববিদ্যালয় আৰক্ষী থানাৰ আৰক্ষীৰ উপৰি অপৰাধ শাখাও ঘটনাস্থলীত উপস্থিত হৈ তদন্ত কৰিছে । আনহাতে, আৰক্ষীয়ে ওচৰৰ আৰক্ষী থানাত নিৰুদ্দেশ হোৱা মহিলাৰ কোনো ঘটনা আছে নেকি তাৰ তদন্ত আৰম্ভ কৰিছে ।

কিন্তু এইখিনিতে এটা কথাই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে যে মৃতদেহটো যিডোখৰ স্থানত পোৱা গৈছিল, সেই স্থানডোখৰ উপায়ুক্ত কাৰ্যালয় আৰু নতুন জিলা আদালত ভৱনৰ অতি ওচৰতে অৱস্থিত । বিশ্ববিদ্যালয় আৰক্ষী থানাও তাৰ পৰা অলপ দূৰৈত অৱস্থিত । কিন্তু তথাপিও হত্যাকাৰীসকলে এনে এক চাঞ্চল্যকৰ ঘটনা সুকলমে সংঘটিত কৰি যাবলৈ সক্ষম হয় ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত অজ্ঞাত হত্যাকাৰীৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰিছে আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে । আৰক্ষীয়ে জনাইছে যে মহিলাগৰাকীক প্ৰথমে চিনাক্ত কৰাটো প্ৰয়োজনীয় । ইয়াৰ পিছত হত্যাকাৰীক ধৰিবৰ বাবে অভিযান আৰম্ভ কৰা হ'ব ।

লগতে পঢ়ক :ছত্তীশগড়ত পুনৰ মাওবাদীৰ আক্ৰমণত নিহত বিজেপি নেতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.