ETV Bharat / bharat

Bravery of Woman Bank manager: হাতত প্লাছ লৈ বেংকত ডকাইতৰ মুখামুখি মহিলা মেনেজাৰ

author img

By

Published : Oct 19, 2022, 10:18 AM IST

Bank manager confronts armed robber with a plier in Rajasthan
মহিলা বেংক মেনেজাৰে হাতত প্লাছ লৈ বিফল কৰিলে বেংক ডকাইতি কাণ্ড

ৰাজস্থানৰ শ্ৰীগংগানগৰত দেওবাৰে এটা ডকাইতে হাতত চুৰি লৈ বেংকটোৰ ভিতৰত ডকাইতি কৰাৰ চেষ্টা কৰিছিল ৷ কিন্তু ডকাইতটোৰ এই চেষ্টা বিফল কৰে বেংকটোৰ মহিলা মেনেজাৰে ৷ মহিলা বেংক মেনেজাৰে সাহসেৰে থিয় দিছিল ডকাইটোৰ বিৰুদ্ধে(Female Manager Confronted Robber at Bank) ৷ এই ঘটনাই এতিয়া সৰ্বত্ৰ বিশেষ চৰ্চা লাভ কৰিছে ৷ চৰ্চালৈ আহিছে মহিলা বেংক মেনেজাৰ পুনম গুপ্তা ৷

নিউজ ডেস্ক, 19 অক্টোবৰ : ৰাজস্থানৰ আৰএমজিবি গ্ৰামীণ বেংকত এগৰাকী মহিলাই সাহসেৰে সশস্ত্ৰ দুৰ্বৃত্তৰ মুখামুখি হৈ এক ডাঙৰ ডকাইতি কাণ্ডৰ পৰা বেংকটোক ৰক্ষা কৰে(Bank Loot in Rajasthan) ৷ এই ঘটনাৰ সমগ্ৰ দৃশ্য বন্দী হৈছিল চিচি টিভি কেমেৰাত(Rajasthan bank robbery video) ৷ এই দৃশ্য সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পাছতেই এতিয়া সকলোৰে চৰ্চাৰ বিষয় হৈ পৰিছে ৰাজস্থানৰ শ্ৰী গংগানগৰৰ বেংক মেনেজাৰ পুনম গুপ্তা ৷ পুনমে যি সাহসেৰে সশস্ত্ৰ দুৰ্বৃত্তৰ মুখামুখি হৈছিল সেয়া সকলোৰে বাবে এক উদাহৰণ(Manager Confronted Robber at Bank) ।

হাতত প্লাছ লৈ বেংকত ডকাইতৰ মুখামুখি মহিলা মেনেজাৰ

দুৰ্বৃত্তটোৱে হাতত লৈ অহা ছুৰীৰে বাৰে বাৰে ভাবুকি দিয়াৰ পাছতো কিন্তু পুনমে তাৰ বিৰুদ্ধে সাহসেৰে থিয় দিছিল(Female bank official fights miscreants) ৷ যাৰ বাবে দুৰ্বৃত্তটোক আটক কৰিবলৈ সক্ষম হয় বেংকটোৰ কৰ্মচাৰীসকল ৷ এই আঢ়ৈ মিনিটৰ এই সময়চোৱাৰ কথা সুঁৱৰি পুনমে কয় যে যেতিয়া তেওঁ দুৰ্বৃত্তৰ মুখামুখি হৈছিল, তেতিয়া বেংকৰ নিৰাপত্তাৰ বিষয়টোৱে তেওঁৰ মনত বিশেষভাৱে ক্ৰিয়া কৰি আছিল । বেংক হৈছে এক ৰাজহুৱা সম্পত্তি, গতিকে কোনোবাই ইয়াক কেনেকৈ লুটি-কাঢ়ি নিব পাৰে(Woman Bank manager confronts armed robber) ।

বেংকৰ মেনেজাৰ পুনমে লগতে কয় যে, দুৰ্বৃত্তটোক দেখি অলপ ভয় খাইছিলো । কিন্তু তথাপিও সাহসেৰে তাৰ মুখামুখি হোৱাৰ সিদ্ধান্ত লৈছিলো আৰু সফলো হও । এই সময়ছোৱাত, বেংকৰ আন কৰ্মচাৰীসকলেও পুনমক সহযোগ কৰিছিল । তেওঁ আৰু কয় যে, মহিলাসকলে নিজকে সুৰক্ষিত কৰা উচিত । যদি মহিলাসকলে নিজৰ বাবে থিয় হয়, তেনেহ'লে এনে ডকাইতি কাণ্ড স্বয়ংক্ৰিয়ভাৱে হ্ৰাস পাব ।

বেংকৰ দ্বিতীয় শাখা প্ৰৱন্ধক প্ৰদীপ বিষ্ণৈয়ে এই বিষয়ে কয় যে- "যেতিয়া ডকাইতে বেংক মেনেজাৰৰ সৈতে কাজিয়া কৰি আছিল, মইও সাহস কৰিছিলো আৰু দুৰ্বৃত্তৰ মুখামুখি হোৱাৰ সিদ্ধান্ত লৈছিলো । ডকাইতটোৰ হাতত এখন ছুৰী আছিল, যাৰ বাবে মই সামান্য আঘাতপ্ৰাপ্তও হৈছিলো । ইয়াৰ পিছত যেতিয়া ডকাইতটো বাহিৰলৈ দৌৰি গৈ স্কুটাৰত উঠি পলায়নৰ চেষ্টা কৰিছিল, আমি তাক ধৰি তললৈ ঠেলি দিছিলোঁ আৰু আটক কৰিছিলো ।"

লগতে পঢ়ক: Jayalalitha death inquiry: জয়াললিতাৰ মৃত্যুৰ তদন্তকাৰী আয়োগৰ প্ৰতিবেদন নস্যাৎ শশীকলাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.