ETV Bharat / bharat

IAF fighter jets disaster: বিশেষ বিমানেৰে ঘৰলৈ উভতিল উইং কামাণ্ডাৰ হনুমন্তৰ নশ্বৰ দেহ

author img

By

Published : Jan 29, 2023, 11:13 AM IST

ঘৰলৈ উভতিল শ্বহীদ উইং কামাণ্ডাৰ হনুমন্ত ৰাও সাৰথিৰ নশ্বৰ দেহ ৷ মধ্য প্ৰদেশৰ গোৱালিয়ৰৰ ওচৰত ছুখৈ SU-৩০ আৰু MIG-২০০০ নামৰ দুখন বায়ু সেনাৰ যুজাঁৰু বিমান নিয়মীয়া কাৰ্যকৰী উৰণ প্ৰশিক্ষণত ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল (Two fighter jets clash)।

Wing Commander Hanumantha Rao Sarathi from Karnataka martyred in Madhya Pradesh's IAF fighter jets disaster: Family details
শ্বহীদ উইং কামাণ্ডাৰ হনুমন্থ ৰাও সাৰথি

নেশ্যনেল ডেস্ক, 29 জানুৱাৰী: বায়ুসেনাত কৰ্মৰত নিজ পুত্ৰ ঘৰলৈ আহিছে ৷ স্বাভাৱিকতেই পৰিয়ালৰ মুখত হাঁহি বিৰিঙিব লগীয়া কথা ৷ কিন্তু এইবাৰ নাই সুখৰ হাঁহি ৷ দেওবাৰে বিশেষ বিমানেৰে ঘৰলৈ উভতিল মধ্য প্ৰদেশৰ বিমান দুৰ্ঘটনাত শ্বহীদ হোৱা উইং কামাণ্ডাৰ হনুমন্ত ৰাও সাৰথিৰ (Wing Commander Hanumantha Rao Sarathi ) নশ্বৰ দেহ ৷ শনিবাৰে পুৱাই মধ্য প্ৰদেশৰ গোৱালিয়ৰৰ ওচৰত ভাৰতীয় বায়ু সেনাৰ দুখন যুঁজাৰু বিমানৰ মাজত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছিল (Two fighter jets clash)। সেই দুৰ্ঘটনাত শ্বহীদ হয় হনুমন্ত ৰাও ৷

মোৰেনাত ছুখৈ SU-৩০ আৰু MIG-২০০০ নামৰ দুখন বায়ু সেনাৰ যুজাঁৰু বিমান নিয়মীয়া কাৰ্যকৰী উৰণ প্ৰশিক্ষণত দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ফলত দুয়োগৰাকী পাইলট গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে এজন মৃত্যু মুখত পৰে ৷ ইয়াৰে ছুখৈ SU-৩০ যুঁজাৰু বিমানখনৰ পাইলট দুগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ লগতে মিগ-2000 যুজাঁৰু বিমানখনৰ উইং কামাণ্ডাৰ হনুমন্ত ৰাও সাৰথি মৃত্যু মুখত পৰে (Martyr Wing Commander Hanumantha Rao Sarathi) ৷

উইং কামাণ্ডাৰ হনুমন্ত ৰাও সাৰথি কৰ্ণাটকৰ বেলাগাভিৰ গণেশপুৰৰ সম্ভাজী নগৰৰ বাসিন্দা আছিল । শ্বহীদ হনুমন্ত ৰাও সাৰথিৰ পিতৃ ৰেভানাছিদ্দাপ্পা অৱসৰপ্ৰাপ্ত ভাৰতীয় সেনাৰ কেপ্টেইন ৷ তেওঁৰ ভাতৃ প্ৰবীণ ভাৰতীয় বায়ু সেনাৰ এগৰাকী গ্ৰুপ কেপ্টেইন । বায়ুসেনাৰ সূত্ৰই জনোৱা অনুসৰি দুয়োখন জেট গোৱালিয়ৰ বায়ুসেনাৰ বিমান ঘাটি পৰা উৰা মাৰিছিল ।

বিমান ইতিহাসবিদ অংশিত গুপ্তাই এই ঘটনাৰ পিচতে টুইটযোগে উল্লেখ কৰিছিল যে, ভাৰতত যোৱা ৭০ বছৰত এনেদৰে উৰি থকা অৱস্থাত যুঁজাৰু বিমানত হোৱা সংঘৰ্ষৰ ফলত অতি কমেও ৬৪ খন বিমান ধ্বংসপ্ৰাপ্ত হৈছে ৷ অনুৰূপ ঘটনাত ৩৯ গৰাকী পাইলটে প্ৰাণ হেৰুৱাইছে । এনে যুঁজাৰু বিমান দুৰ্ঘটনাত ১১ খন MIG-২১ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে ৷ ইয়াৰোপৰি প্ৰায় 13 খন হাণ্টাৰ আৰু জাগুৱাৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে ৷

শনিবাৰে সংঘটিত বিমান দুৰ্ঘটনাৰ পাচত বিমান দুখনৰ ধ্বংসাৱশেষ দুটা পৃথক স্থানত স্থানত উদ্ধাৰ কৰিছে ৷ মিগ যুঁজাৰু বিমানখনৰ ধ্বংসাৱশেষ মধ্য প্ৰদেশৰ মোৰেনাত উদ্ধাৰ কৰাৰ লগতে ছুখৈৰ ধ্বংসাৱশেষ ৰাজস্থানৰ ভৰতপুৰৰ পৰা উদ্ধাৰ কৰা হৈছিল বুলি বায়ুসেনাৰ সূত্ৰই জানিবলৈ দিয়ে ৷

মোৰেনাৰ আৰক্ষী অধীক্ষকগৰাকীয়ে এই দুৰ্ঘটনা সন্দৰ্ভত কয়, "দুয়োখন যুঁজাৰু বিমানত মুঠ তিনিজন পাইলট আছিল ৷ ছুখৈ-30 বিমানখনত 2 জন পাইলট থকাৰ বিপৰীতে মিগ বিমানখনত 1 জন পাইলট আছিল ৷ ছুখৈ যুঁজাৰু বিমানখনৰ দুয়োজন পাইলটক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হৈছে ৷ ইফালে পাহাৰগড় অঞ্চলত মিগ বিমানৰ উইং কামাণ্ডাৰ হনুমন্তৰ শৰীৰৰ টুকুৰা উদ্ধাৰ কৰে (Body part found in Pahargarh area)৷"

এই ঘটনাৰ পিচতে বেলাগাভিৰ বায়ু সেনা প্ৰশিক্ষণ কেন্দ্ৰৰ এটা দল দেওবাৰে পুৱাই হনুমন্তৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সদস্যক সমগ্ৰ ঘটনাৰ কথা অৱগত কৰে ৷ এই খবৰ পাই পৰিয়ালটোত কান্দোনৰ ৰোল উঠে ৷ হনুমন্তৰ পৰিয়ালত পিতৃ, মাতৃ, ভাতৃ, পত্নী আৰু দুই সন্তান আছিল ৷

উল্লেখ্য যে, চৰকাৰী সূত্ৰই কোৱা (IAF sources said)অনুসৰি বায়ুসেনাই দুৰ্ঘটনাটো কেনেকৈ সংঘটিত হ’ল তাৰ তদন্তৰ বাবে আদালতক নিৰ্দেশনা দিছে ৷

লগতে পঢ়ক: Helicopter Crash in Arunachal Pradesh: অৰুণাচল প্ৰদেশৰ মিজিঙত সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.