ETV Bharat / bharat

বদৰুদ্দিনৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা ভংগ হ'বনে ?

author img

By

Published : Sep 4, 2021, 12:57 PM IST

Badruddin Ajmal
বদৰুদ্দিনৰ সৈতে কংগ্ৰেছৰ মিত্ৰতা ভংগ হ'বনে

প্ৰদেশ কংগ্ৰেছ সম্পূৰ্ণ সাজু মিত্ৰতা ভংগৰ বাবে । মিত্ৰতা ভংগ সন্দৰ্ভত দিল্লীত ইতিমধ্যে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কেইবাগৰাকীও শীৰ্ষ নেতাক সাক্ষাৎ কৰিছে । কিন্তু হাই কমাণ্ডে মিত্ৰতা ভংগ সন্দৰ্ভত কি সিদ্ধান্ত ল'ব ? এআইইউডিএফৰ প্ৰতিক্ৰিয়া কি হ'ব ?

নেশ্যনেল ডেস্ক, ৪ ছেপ্তেম্বৰ : সম্প্ৰতি অসমত উপ নিৰ্বাচনৰ (Bye election) বতাহ বলিছে । ৰাজনৈতিক দলসমূহে উপ নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে । কিন্তু তাৰ মাজতে কংগ্ৰেছ মহাজোঁটত তীব্ৰ সংঘাত দেখিবলৈ পোৱা গৈছে । মহাজোঁটৰ অন্যতম দল এআইইউডিএফৰ (AIUDF) সৈতে কংগ্ৰেছৰ মিত্ৰতা ভংগক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ইফালে বদৰুদ্দিন আজমলৰ অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ (AIUDF) সৈতে মিত্ৰতা ভংগ কৰাৰ ৰাজ্যিক সমিতিৰ সিদ্ধান্ত সন্দৰ্ভত কংগ্ৰেছ নেতৃত্বই চূড়ান্ত সিদ্ধান্ত ল'ব । ইতিমধ্যে বিষয়টো আলোচনাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰা (APCC president Bhupen Borah) দিল্লীত উপস্থিত হৈছে ।

অসম কংগ্ৰেছৰ দায়িত্বত থকা জিতেন্দ্ৰ সিঙে ভূপেন বৰাক সাক্ষাৎ কৰিছে । আনহাতে ৰাজ্যিক সমিতিয়ে মিত্ৰতা ভংগ কৰাৰ কথা ঘোষণা কৰিলেও কংগ্ৰেছে আহ্বান কৰা বিৰোধী দলৰ প্ৰায় প্ৰতিখন সভাতে আজমলৰ অংশগ্ৰহণে দলটোৰ ভিতৰচ'ৰাত এক অস্থিৰ পৰিৱেশে বিৰাজ কৰিছে । দলৰ এক সূত্ৰই জানিবলৈ দিয়া মতে ভূপেন বৰাসহ কংগ্ৰেছৰ একাংশ নেতাই এআইইউডিএফৰ সৈতে মিত্ৰতা ভংগ কৰাৰ একপক্ষীয় ঘোষণাৰ পিছতে দিল্লীত ভাৰপ্ৰাপ্ত বিষয়াসকলৰ সৈতে সাক্ষাৎ কৰে ৷

বৈঠকৰ পাছতে সমগ্ৰ বিষয়টো সন্দৰ্ভত দলৰ নেতাসকলৰ মতামত হাই কমাণ্ডলৈ প্ৰেৰণ কৰা হৈছে । বিজেপিৰ সৈতে আভ্যন্তৰীণ মিত্ৰতাৰ অভিযোগ তুলি এআইইউডিএফৰ সৈতে মিত্ৰতা ভংগ কৰাৰ কথা ঘোষণা কৰিছিল কংগ্ৰেছৰ ৰাজ্যিক গোটে । কিন্তু এতিয়াও বিষয়টোকলৈ দ্বিধাত আছে ৰাজ্যিক গোট । কাৰণ কংগ্ৰেছক সদায় ৰাষ্ট্ৰীয় পৰ্যায়ত সমৰ্থন জনাই আহিছে এআইইউডিএফ প্ৰধান আজমলে ।

এআইইউডিএফ সদায় ৰাষ্ট্ৰীয় পৰ্যায়ত কংগ্ৰেছ দলৰ সৈতে বিৰোধীৰ মঞ্চলৈ আহিছে আৰু কংগ্ৰেছে আহ্বান কৰা প্ৰতিখন সভাত অংশগ্ৰহণ কৰিছে । সেয়ে কংগ্ৰেছে ৰাষ্ট্ৰীয় পৰ্যায়ত বিৰোধীৰ ঐক্য ভংগ কৰাৰ দায়িত্ব ল'ব নিবিচাৰে । এইকাৰণে হয়তো এতিয়ালৈকে কোনো সিদ্ধান্ত লোৱা হোৱা নাই ।

ইফালে অসম কংগ্ৰেছৰ দায়িত্বত থকা জিতেন্দ্ৰ সিঙেও (Jitendra Singh) হাই কমাণ্ডক সিদ্ধান্ত ল'বলৈ অনুৰোধ জনাইছে । সমান্তৰালকৈ সাংগঠনিক সাধাৰণ সম্পাদক কে চি বেণুগোপালকো সাক্ষাৎ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই । ৰাজ্যিক গোটে দাবী কৰা মতে তেওঁলোক অকলে নিৰ্বাচন খেলিলে বেছি লাভান্বিত হ'ব । অৱশ্যে মিত্ৰতা কি হ'ব সেয়া সকলো নিৰ্ভৰ কৰিব হাইকমাণ্ডৰ সিদ্ধান্তৰ ওপৰত ।

মিত্ৰতা ভংগ সন্দৰ্ভত এআইইউডিএফৰ প্ৰতিক্ৰিয়াৰ বাবেও অপেক্ষা কৰা হৈছে । এগৰাকী নেতাই উল্লেখ কৰা মতে সম্ভৱত পশ্চিমবংগৰ দৰেই পৰিৱেশ হ'ব কিয়নো কংগ্ৰেছে বিধানসভাত তৃণমূলৰ বিৰুদ্ধে নিৰ্বাচন খেলিলেও ৰাষ্ট্ৰীয় পৰ্যায়ত তৃণমূল আৰু কংগ্ৰেছ দল একে মঞ্চত আছিল ।

লগতে পঢ়ক : আলফা(স্বা)ৰ নামত ধন দাবী কৰি মঙলদৈত গ্ৰেপ্তাৰ তিনি যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.