Wife seeks divorce in Aligharh : স্বামীৰ শিক্ষাগত অৰ্হতা কম হোৱাৰ বাবেই পত্নীয়ে বিচাৰিলে বিচ্ছেদ

author img

By

Published : Jan 20, 2023, 12:44 PM IST

Wife seeks divorce from 12th pass husband

আলিগড় জিলাত দুবছৰীয়া প্ৰেম বিবাহৰ অন্তত স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰিছে এগৰাকী বিবাহিতা মহিলাই। স্বামীৰ শিক্ষাগত অৰ্হতা কম হোৱাৰ বাবেই পত্নীয়ে বিচাৰিছে বিচ্ছেদ ৷ দেশজুৰি চৰ্চা লাভ কৰিছে এই ঘটনাই (Wife seeks divorce from husband for educational qualification) ৷

নেশ্যনেল ডেস্ক, 20 জানুৱাৰী : 'প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল' । প্ৰেমে নামানে কোনো বয়সৰ বাধা ৷ প্ৰেমে মাথো জানো প্ৰেমৰ ঠিকনা ৷ প্ৰেমৰ মাদকতা যিমানেই বৃদ্ধি হয় সিমানেই অন্ধ হৈ পৰা দেখিবলৈ পোৱা যায় প্ৰেমাস্পদ ৷

অৱশ্যে বাস্তৱ সদায়ে ৰূঢ় ৷ ৰুঢ় বাস্তৱৰ সন্মুখীন হ’লেই প্ৰেমৰ ৰাগী ফাটি যায় বহুতৰে ৷ তেনে এক প্ৰেমজনিত ঘটনাই সম্প্ৰতি পোহৰলৈ আহিছে ৷ ঘটনাৰ স্থান উত্তৰ প্ৰদেশৰ আলিগড় জিলাত (Aligarh latest news)৷ প্ৰাপ্ত খবৰ অনুসৰি, আতৰালি আৰক্ষী থানা (atrauli police station) এলেকাৰ অন্তৰ্গত এগৰাকী উচ্চ শিক্ষিত যুৱতীৰ সৈতে প্ৰণয়ৰ সম্পৰ্ক ঘটে এজন যুৱকৰ ৷

আজিৰ পৰা দুবছৰ পূৰ্বে দুই যুৱক-যুৱতীয়ে জনম-জনমলৈ এক হোৱাৰ আশা বুকুত বান্ধি আৱদ্ধ হৈছিল বিবাহপাশত । পৰিয়ালৰ অজ্ঞাতে বিয়া পাতি দুয়ো একেলগে থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে । কিন্তু একেলগে থাকিবলৈ লোৱাৰ পাছতে অৰ্থাৎ বিবাহপাশত আৱদ্ধ হোৱাৰ পাছতে নৱ বিবাহিতা পত্নীগৰাকীৰ সমুখলৈ পতিৰ বিৰুদ্ধে উন্মোচিত হয় ভয়ংকৰ তথ্য ৷

এম.এ, বি.এড ডিগ্ৰী অৰ্জা নৱ বিবাহিতা পত্নীগৰাকীয়ে বিয়াৰ পিছতহে গম পায় গিৰিয়েকৰ শিক্ষাগত অৰ্হতাৰ কথা ৷ তাৰ পাছতেই দুই প্ৰেমিক যুগলৰ সুখৰ সংসাৰত আউল লাগে ৷ বিয়া হৈ যোৱাৰ পাছতহে পত্নীয়ে গম পায় তেওঁৰ স্বামী উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ বুলি (12th pass husband )।

এই কথা পোহৰলৈ অহাৰ পাছতে প্ৰেমিকা তথা নৱ বিবাহিতা পত্নীৰ খঙে চুলিৰ আগ পায়গৈ । এই বিষয়টো সন্দৰ্ভত দুয়োৰে পৰিয়াল অৱগত হোৱাৰ পাছত পৰিস্থিতিয়ে অধিক জটিল ৰূপ লয় । অৱশ্যে প্ৰেমিক স্বামীয়ে বহু চেষ্টা কৰিলে যদিও প্ৰতিটো প্ৰচেষ্টা বিফল প্ৰমাণিত হয় । যাৰ ফলত বিষয়টোৱে আদালতত স্থান পায় আৰু যুৱতীগৰাকীয়ে বিবাহ বিচ্ছেদৰ বাবে আবেদন জনায় (Wife seeks divorce from husband for educational qualification)।

প্ৰেমিক স্বামীৰ লগতে কাউঞ্চিলাৰ যোগেশ সৰস্বতে স্বামী-স্ত্ৰীৰ মাজত সৃষ্টি হোৱা মনোমালিন্য নাইকিয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল যদিও একোৱে কাম নিদিলে । কাউঞ্চিলাৰ যোগেশ সৰস্বতে জানিবলৈ দিয়ে যে নিজৰ সন্মতিত পৰস্পৰে পৰস্পৰক আকোঁৱালি লৈছিল ঠিকেই, কিন্তু শিক্ষাগত অৰ্হতাই দুয়োজনৰ মাজত হেঙাৰ হৈ থিয় দিয়ে ৷

সম্প্ৰতি দুয়ো নিজৰ ঘৰতে আছে বুলি জানিবলৈ দিয়ে কাউঞ্চিলাৰ যোগেশ সৰস্বতে । দুয়োৰে বক্তব্য আদালতত ইতিমধ্যে প্ৰদান কৰা হৈছে । অতি সোনকালেই আদালতৰ ৰায়দানৰ পাছতেই দুয়ো বিবাহৰ বান্ধোনৰ পৰা মুক্ত হ’ব বুলি জানিবলৈ দিয়ে ৷

অৱশ্যে নিজ ইচ্ছামতে প্ৰেম বিবাহ সম্পন্ন হোৱাৰ পাছত পত্নীগৰাকীয়ে গ্ৰহণ কৰা এই সিদ্ধান্ত অতি চাঞ্চল্যকৰ হৈ পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক : Rape case in Vijayapura karnataka: হত্যাৰ ভাবুকিৰে তিনি যুৱকে মানসিকভাৱে অসুস্থ যুৱতীক কৰিলে ধৰ্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.