Rape case in Vijayapura karnataka: হত্যাৰ ভাবুকিৰে তিনি যুৱকে মানসিকভাৱে অসুস্থ যুৱতীক কৰিলে ধৰ্ষণ

author img

By

Published : Jan 20, 2023, 9:44 AM IST

Rape case in karnataka

কৰ্ণাটকৰ বিজয়পুৰাত যুৱতীক ধৰ্ষণ (Rape case in Vijayapura karnataka) ৷ যুৱতীগৰাকী ধৰ্ষণৰ চিকাৰ হৈছে তিনি যুৱকৰ ৷ অপৰাধীৰ সন্ধানত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখাৰ লগতে আৰম্ভ কৰিছে অভিযান ৷

নেশ্যনেল ডেস্ক, 20 জানুৱাৰী : দেশত প্ৰতিদিনে বৃদ্ধি পাই আহিছে বিভিন্ন নাৰীজনিত অপৰাধ ৷ প্ৰতিদিনে বিভিন্ন মাধ্যমেৰে পোহৰলৈ অহা ধৰ্ষণ, গাৰ্হস্থ্য হিংসা, মানসিক নিৰ্যাতন আদি ঘটনাই চিন্তিত কৰি তুলিছে সকলোকে ৷ এইবাৰ পুনৰ আন এক জঘণ্য ধৰ্ষণৰ ঘটনা সংঘটিত হৈছে কৰ্ণাটকত ৷

কৰ্ণাটকৰ বিজয়পুৰা চহৰত এগৰাকী যুৱতী ধৰ্ষণৰ চিকাৰ হৈছে তিনি যুৱকৰ (A young woman raped by 3 young man) ৷ জানুৱাৰী মাহৰ ১৭ তাৰিখৰ নিশা এই ঘটনা সংঘটিত হোৱা বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷ 17 জানুৱাৰীত ধৰ্ষণৰ ঘটনাটো সংঘটিত হৈছে যদিও অলপ পলমকৈ ঘটনাটো পোহৰলৈ আহে ।

ধৰ্ষণ কাণ্ডটোৰ সন্দৰ্ভত আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ১৭ জানুৱাৰীত বিজয়পুৰাৰ এটা বাছ ষ্টেণ্ডত ৰৈ থকা অৱস্থাতে যুৱতীগৰাকীক তিনিজন যুৱকে অপহৰণ কৰে । ইয়াৰ পিছত চহৰৰ চেটেলাইট বাছ ষ্টেণ্ডৰ কাষৰ এটা নিৰ্জন অঞ্চলত মাৰি পেলোৱাৰ ভাবুকিৰে যুৱতীগৰাকীক ধৰ্ষণ কৰে (Rape case in Vijayapura karnataka )।

এই সমগ্ৰ ঘটনাটোত এজন যুৱকে যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ বিপৰীতে আন দুজনে তেওঁক সমৰ্থন কৰা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷ জঘণ্য কাণ্ডটো সংঘটিত হোৱাৰ অন্তত তিনি যুৱকে যুৱতীগৰাকীক ঘটনাস্থলীতে এৰি পলায়ন কৰে । ১৮ জানুৱাৰীৰ পুৱা ভুক্তভোগী যুৱতীগৰাকীক স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । খবৰ লাভ কৰাৰ পাছতেই বিজয়াপুৰ মহিলা আৰক্ষী থানাৰ কৰ্মী আৰু বিজয়াপুৰ মহিলা থানাৰ পৰিদৰ্শক ৰায়গোণ্ডাই ঘটনাস্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত ভুক্তভোগী যুৱতীগৰাকীক সোধ-পোচ কৰে ।

সোধ-পোচৰ অন্তত যুৱতীগৰাকীয়ে আৰক্ষীক তেওঁক ধৰ্ষণ কৰা হৈছে বুলি জানিবলৈ দিয়ে । তিনিজন যুৱকৰ মাজৰ এজনে যুৱতীগৰাকীক ধৰ্ষণ কৰাৰ বিপৰীতে উপস্থিত আন দুজনে যুৱকজনক সহায় কৰিছিল বুলি আৰক্ষীক জানিবলৈ দিয়ে যুৱতীগৰাকীয়ে ।

যুৱতী গৰাকীক আৰক্ষীৰ দলটোৱে চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰাৰ লগতে চৰকাৰী মহিলা সাহায্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে । ভুক্তভোগীয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত বিজয়াপুৰ মহিলা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰা হৈছে (Women police station Vijayapura)। ঘটনাটোৰ সৈতে জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান ।

যুৱতীগৰাকী ইণ্ডি গ্ৰাম্য থানাৰ অন্তৰ্গত (Indi Rural Police Station)। ভুক্তভোগী যুৱতীগৰাকী মানসিকভাৱে অসুস্থ বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ।

লগতে পঢ়ক : Meghalaya assembly election 2023: মেন্দিপথাৰত নিৰ্বাচনী ৰণ ডংকা বজালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.