ক’ভেক্সিনৰ জৰুৰীকালীন ব্যৱহাৰৰ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ বৈঠক

author img

By

Published : Oct 18, 2021, 11:26 AM IST

WHO's technical advisory group to meet to consider emergency use of vaccine
ক’ভাক্সিনৰ জৰুৰীকালীন ব্যৱহাৰৰ সন্দৰ্ভত বিশ্ব স্বাস্থ্য সংস্থাৰ বৈঠক ()

বিশ্বত কৰ’ণা মহামাৰীৰ সংক্ৰমণ হ্ৰাস পাইছে যদিও ইয়াৰ ভয়াৱহতাৰ কথা এতিয়াও নুই কৰিব নোৱাৰি ৷ তদুপৰি ঠাই বিশেষে অব্যাহত আছে কৰ’ণাৰ সংক্ৰমণ ৷ এনে সময়ত বিশ্ব স্বাস্থ্য সন্থাই ক’ভিডৰ জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড ভেকচিনৰ উপলব্ধতাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছে ৷

নেশ্যনেল ডেস্ক, 18 অক্টোবৰ : ভাৰত বায়’টেকৰ ক’ভিড 19 ৰ প্ৰতিষেধক Covaxin ৰ জৰুৰীকালীন ব্যৱহাৰৰ বিষয়ে আলোচনা কৰিবলৈ বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰিকৰী পৰামৰ্শদাতাৰ এটা গোটে 26 অক্টোবৰত বৈঠকত মিলিত হ'ব । বিশ্ব স্বাস্থ্য সংস্থাৰ মুখ্য বিজ্ঞানী সৌম্য স্বামীনাথনে এক টুইটযোগে এই তথ্য প্ৰকাশ কৰে ।

  • The technical advisory group will meet on Oct 26th to consider EUL for #Covaxin. @WHO has been working closely with @BharatBiotech to complete the dossier. Our goal is to have a broad portfolio of vaccines approved for emergency use & to expand access to populations everywhere https://t.co/lqQIyqItF9

    — Soumya Swaminathan (@doctorsoumya) October 17, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

স্বামীনাথনে টুইট কৰি কয় যে, 'ভেকচিনবিধৰ জৰুৰীকালীন ব্যৱহাৰৰ বিষয়ে বিবেচনা কৰিবলৈ কাৰিকৰী পৰামৰ্শদাতা গোটৰ বৈঠক ২৬ অক্টোবৰত অনুষ্ঠিত হ'ব । ইয়াৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই ভাৰত বায়’টেকৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰি আছে । আমাৰ লক্ষ্য হ'ল জৰুৰীকালীন ব্যৱহাৰৰ বাবে স্বীকৃত তথা অনুমোদিত ভেকচিনক সকলো ঠাইত ব্যাপক পৰিমাণে উপলব্ধ কৰোৱা ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ কৌশলগত পৰামৰ্শদাতা দলে ভেকচিন সম্পৰ্কীয় অন্যান্য বিষয়ৰ লগতে জৰুৰীকালীন ব্যৱহাৰ তালিকা(ই ইউ এল)ৰ সন্দৰ্ভত পৰামৰ্শ দিবলৈ 6 অক্টোবৰত এখন বৈঠক অনুষ্ঠিত কৰিছিল ৷ তেওঁলোকে এসপ্তাহৰ ভিতৰত ভেকচিনবিধক জৰুৰীকালীন ব্যৱহাৰ তালিকা(ই ইউ এল)ৰ মৰ্যদা প্ৰদান কৰাৰ সন্দৰ্ভত সিদ্ধান্ত লোৱাৰ কথাও ব্যক্ত কৰিছিল ।

উল্লেখ্য যে, ক’ভেক্সিন হৈছে ভাৰতৰ ফাৰ্মাচিউটিকেল নিয়ন্ত্ৰকৰ পৰা জৰুৰীকালীন অৱস্থাৰ বাবে অনুমোদিত ভেকচিনৰ অন্যতম ৷ কৰ’ণা মহামাৰীৰ সময়ত দেশজুৰি টীকাকৰণ কাৰ্যসূচীত ক’ভিশ্বীল্ড (Covishield) আৰু স্পুটনিক-ভি (Sputnik V)ৰ লগত ক’ভেক্সিন(Covaxin) ব্যৱহাৰ কৰা হৈছিল ।

লগতে পঢ়ক : কেৰালাত মহাপ্ৰলয় : মৃতকৰ সংখ্যা 21 জনলৈ বৃদ্ধি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.