ETV Bharat / bharat

WhatsAppয়ে প্ৰৱৰ্তন কৰিলে নতুন Accidental delete feature

author img

By

Published : Dec 20, 2022, 7:38 PM IST

WhatsApp introduced Accidental delete feature will be able to undo deleted messages by mistake
WhatsAppয়ে প্ৰৱৰ্তন কৰিলে নতুন Accidental delete feature

মেটাৰ মেছেজিং এপ হোৱাটছএপ বিশ্বৰ লাখ লাখ লোকে ব্যৱহাৰ কৰে । কোম্পানীটোৱে নিজৰ ব্যৱহাৰকাৰীৰ অভিজ্ঞতা উন্নত কৰিবলৈ প্ৰতিদিনে নতুন নতুন আপডেট দি থাকে । একেদৰে কোম্পানীয়ে এটা নতুন বৈশিষ্ট্য প্ৰৱৰ্তন কৰিছে, যাৰ অধীনত ভুলবশতঃ ডিলিট কৰা বাৰ্তাসমূহ পুনৰ আনিব পাৰিব অৰ্থাৎ Undo কৰিব পৰা যাব । আপোনালোকক কওঁ যে সোমবাৰে হোৱাটছএপত নতুন নিৰাপত্তা স্তৰৰ দৰে কাম কৰা নতুন ‘Accidental delete’ ফিচাৰ প্ৰৱৰ্তন কৰা হৈছে ।

নিউজ ডেস্ক, 20 ডিচেম্বৰ: মেটাৰ মেছেজিং এপ হোৱাটছএপ বিশ্বৰ লাখ লাখ লোকে ব্যৱহাৰ কৰে(WhatsApp new feature) । কোম্পানীটোৱে নিজৰ ব্যৱহাৰকাৰীৰ অভিজ্ঞতা উন্নত কৰিবলৈ প্ৰতিদিনে নতুন নতুন আপডেট দি থাকে । একেদৰে কোম্পানীয়ে এটা নতুন বৈশিষ্ট্য প্ৰৱৰ্তন কৰিছে, যাৰ অধীনত ভুলবশতঃ ডিলিট কৰা বাৰ্তাসমূহ পুনৰ আনিব পাৰিব অৰ্থাৎ Undo কৰিব পৰা যাব । আপোনালোকক কওঁ যে সোমবাৰে হোৱাটছএপত নতুন নিৰাপত্তা স্তৰৰ দৰে কাম কৰা নতুন ‘Accidental delete’ ফিচাৰ প্ৰৱৰ্তন কৰা হৈছে(Accidental delete feature) ।

কেনেকৈ কাম কৰে

কোম্পানীটোৱে এক বিবৃতিত কয় যে, যেতিয়া আপুনি ভুল ব্যক্তি বা গ্ৰুপলৈ বাৰ্তা প্ৰেৰণ কৰে আৰু ভুলবশতঃ ‘সকলোৰে বাবে ডিলিট’ৰ সলনি ‘ডিলিট ফৰ মি’ত ক্লিক কৰে তেতিয়া তেওঁলোকৰ সমস্যা হ’ব পাৰে । এই সমস্যা সমাধানৰ বাবে কোম্পানীয়ে Accidental delete feature প্ৰৱৰ্তন কৰিছে । ভুলবশতঃ ডিলিট কৰা বাৰ্তাসমূহক পাঁচ ছেকেণ্ডৰ উইণ্ড’ দি আৰু ‘Delete for Me’ৰ পৰা ‘Delete for Everyone’ ত ক্লিক কৰিবলৈ দি এই বৈশিষ্ট্যই ব্যৱহাৰকাৰীসকলক সহায় কৰিব(Undo WhatsApp messages)।

বাৰ্তাটো Undo কৰাৰ সুবিধা দিয়ে

এই বৈশিষ্ট্যই ব্যৱহাৰকাৰীসকলক এটা Delete কৰি পেলোৱা বাৰ্তা দ্ৰুতভাৱে Undo কৰিবলৈ কেইছেকেণ্ডমানহে সময় দিয়ে । কওঁ যে, এই বৈশিষ্ট্য এণ্ড্ৰইড আৰু আইফোন ডিভাইচত সকলো ব্যৱহাৰকাৰীৰ বাবে উপলব্ধ(deleted messages by mistake) ।

এই বৈশিষ্ট্যও মুকলি কৰা হৈছিল

বিগত মাহত মেছেজিং প্লেটফৰ্মে ভাৰততত নতুন ‘মেছেজ ইউৰ চেল্ফ’ ফিচাৰ মুকলি কৰাৰ কথা ঘোষণা কৰিছিল(whatsapp latest features 2022) । ই আপোনাক টোকা, সোঁৱৰাই দিয়া আৰু আপডেট প্ৰেৰণ কৰিবলৈ আপোনাৰ নিজৰ নম্বৰটো মেছেজ কৰিবলৈ দিয়ে। এই বৈশিষ্ট্যৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে হোৱাটছএপত নিজৰ কৰিবলগীয়া কামৰ তালিকা পৰিচালনা কৰিবলৈ টোকা, সোঁৱৰাই দিয়া, শ্বপিং লিষ্টৰ দৰে বাৰ্তাও প্ৰেৰণ কৰিব পাৰে(WhatsApp latest feature) ।

লগতে পঢ়ক: Samsung Smartphone: মুক্তিৰ পূৰ্বে লিক হ'ল Samsung Galaxy S23ৰ ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.