ETV Bharat / bharat

হোৱাটছএপে বিগত এমাহত ভাৰতত 71 লাখ একাউণ্ট নিষিদ্ধ কৰিছে; কিয় জানক

author img

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 1:16 PM IST

WhatApp Banned 71 lakh accounts in India: জনপ্ৰিয় মেচেজিং প্লেটফৰ্ম, হোৱাটছএপে শেহতীয়াকৈ ঘোষণা কৰিছে যে কোম্পানীটোৱে প্লেটফৰ্মত অপব্যৱহাৰ বা ক্ষতিকাৰক আচৰণ সম্পৰ্কীয় বিষয়ৰ বাবে ছেপ্টেম্বৰৰ সময়ছোৱাত ভাৰতত 71 লাখতকৈও অধিক একাউণ্ট নিষিদ্ধ কৰিছে। নতুন আইটি নিয়ম 2021 অনুসৰণ কৰি একাউণ্টসমূহ নিষিদ্ধ কৰা হয় ৷

WhatsApp banned 71 lakh accounts in India in a month
হোৱাটছএপে বিগত এমাহত ভাৰতত 71 লাখ একাউণ্ট নিষিদ্ধ কৰিছে

নেশ্যনেল ডেস্ক, 2 জানুৱাৰী : মেটাৰ মালিকানাধীন জনপ্ৰিয় তাৎক্ষণিক মেচেজিং প্লেটফৰ্ম হোৱাটছএপে নতুন আইটি নিয়ম 2021 অনুসৰণ কৰি 2023 চনৰ নৱেম্বৰ মাহত ভাৰতত 71 লাখতকৈও অধিক একাউণ্ট নিষিদ্ধ কৰিছে ৷ সোমবাৰে কোম্পানীটোৱে এক বিবৃতি অনুসৰি জানিবলৈ দিয়ে ৷

ইয়াৰ মাহিলী প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, হোৱাটছএপে যোৱা 1ৰ পৰা 30 নৱেম্বৰৰ ভিতৰত, 71,96,000 একাউণ্ট নিষিদ্ধ কৰিছে । ইয়াৰে প্ৰায় 19,54,000 একাউণ্ট ব্যাৱহাৰকাৰীৰ অভিযোগৰ অবিহনে সক্ৰিয় অৱস্থাত নিষিদ্ধ কৰা হৈছিল ৷ হোৱাটছএপৰ ভাৰতত 500 নিযুত ব্যৱহাৰকাৰী আছে ৷ নৱেম্বৰত দেশখনৰ ভিন্ন প্ৰান্তৰ পৰা 8,841 টা অভিযোগৰ প্ৰতিবেদন লাভ কৰিছিল আৰু "কাৰ্যকৰী" ৰেকৰ্ডৰ সংখ্যা আছিল ছয়টা।

"একাউণ্ট একশ্যনড"- ৰ প্ৰতিবেদন অনুসৰি, হোৱাটছএপৰ প্ৰতিবেদনৰ ওপৰত আধাৰিত কৰি প্ৰতিকাৰমূলক পদক্ষেপ লোৱা হৈছিল ৷ ইয়াৰেই পদক্ষেপস্বৰূপে একাউণ্ট নিষিদ্ধ কৰা বা পূৰ্বতে নিষিদ্ধ কৰা একাউণ্টৰ পুনৰুদ্ধাৰ কৰা বুজায়।

"হোৱাটছএপ ব্যৱহাৰকাৰী-সুৰক্ষা প্ৰতিবেদনত প্ৰাপ্ত ব্যৱহাৰকাৰীৰ অভিযোগ আৰু হোৱাটছএপৰ দ্বাৰা লোৱা সংশ্লিষ্ট পদক্ষেপৰ বিৱৰণ আছে, লগতে আমাৰ প্লেটফৰ্মত অপব্যৱহাৰৰ বিৰুদ্ধে পদক্ষেপ ল’বলৈ হোৱাটছএপৰ নিজা প্ৰতিৰোধমূলক ব্যৱস্থা আছে" - কোম্পানীটোৱে জানিবলৈ দিয়ে ৷

লাখ লাখ ভাৰতীয় ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীক শক্তিশালী কৰাৰ বাবে, কেন্দ্ৰই শেহতীয়াকৈ অভিযোগ আপীল সমিতি (জিএচি) মুকলি কৰিছে ৷ যিয়ে বিভিন্ন বিষয় সম্পৰ্কে ব্যৱহাৰীকাৰীৰ অভিযোগৰ ওপৰত দৃষ্টি ৰাখে। এই নৱগঠিত পেনেলখনে, বৃহৎ টেক কোম্পানীবোৰক বশ কৰিবলৈ দেশৰ ডিজিটেল আইন শক্তিশালী কৰাৰ পদক্ষেপ, ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ সিদ্ধান্তৰ বিৰুদ্ধে ব্যৱহাৰকাৰীসকলৰ দ্বাৰা কৰা আবেদনৰ ওপৰত দৃষ্টি ৰাখিব।

"অপব্যৱহাৰ প্ৰতিৰোধ আৰু প্ৰতিৰোধৰ ক্ষেত্ৰত আমি এণ্ড-টু-এণ্ড এনক্ৰিপ্টেড মেচেজিং সেৱাৰ জৰিয়তে তদাৰক কৰি আছো । আমাৰ সুৰক্ষা বৈশিষ্ট্য আৰু নিয়ন্ত্ৰণৰ উপৰিও, আমি এই প্ৰচেষ্টাবোৰ তদাৰক কৰিবলৈ অভিযন্তা, তথ্য বিজ্ঞানী, বিশ্লেষক, গৱেষক আৰু আইন প্ৰৱৰ্তন, অনলাইন সুৰক্ষা আৰু প্ৰযুক্তি বিকাশৰ বিশেষজ্ঞৰ এটা দল নিয়োগ কৰিছো ৷" হোৱাটছএপে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: জাপানত ভূমিকম্পত নিহত ৩০, ছুনামিৰ সতৰ্কবাণী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.