ETV Bharat / bharat

Vastu Tips: ঘৰৰ মুখ্য দুৱাৰত কেনেকুৱা ধৰণৰ ফটো বা সামগ্ৰী আমি ব্যৱহাৰৰ কৰিব পাৰো ?

author img

By ETV Bharat Assamese Team

Published : Oct 26, 2023, 6:44 PM IST

Updated : Oct 27, 2023, 11:02 AM IST

বাস্তুশাস্ত্ৰৰ মতে ঘৰৰ সকলো বস্তুতে এক শক্তি থাকে ৷ নিগেটিভ আৰু পজিটিভ শক্তিৰে ঘৰখনক প্ৰভাৱিত কৰে ৷ বাস্তুমতে ঘৰৰ মুখ্য দুৱাৰত কেনেকুৱা ধৰণৰ ফটো বা সামগ্ৰী আমি ব্যৱহাৰৰ কৰিব পাৰো ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জনালে জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱাই ৷

Vastu tips
ঘৰৰ মুখ্য দুৱাৰত কেনেকুৱা ধৰণৰ ফটো বা সামগ্ৰী আমি ব্যৱহাৰৰ কৰিব পাৰো ?

জ্যোতিষ সম্ৰাজ্ঞী ড৹ কৰবী বেজবৰুৱা

গুৱাহাটী, 26 অক্টোবৰ: বাস্তুশাস্ত্ৰ মতে, ঘৰ এখনৰ মুখ্য দুৱাৰখন অতি গুৰুত্বপূৰ্ণ ৷ বাস্তুশাস্ত্ৰ মতে মুখ্য দুৱাৰখন খুব বেছি আৱৰ্জনা থকা ঠাই বা ঠেক ঠাইত থাকিলে অশুভ বুলি মনা হয় ৷ বাস্তুশাস্ত্ৰ মতে ঘৰ এখনৰ মুখ্য দুৱাৰ পূৱ বা উত্তৰমুখী হৈ থাকিলে ভাল বুলি গণ্য কৰা হয় ৷ অৱশ্যে সকলো লোকৰ বাবে এইটো সম্ভৱ নহয় ৷ সেয়ে কিছু সামগ্ৰী বা কিছুমান চিহ্ন, মূৰ্ত্তি আদি ব্যৱহাৰ কৰি তাৰ ফলত হ'ব পৰা সেই নিগেটিভিটি দূৰ কৰিব পাৰো ৷

জ্যোতিষ সম্ৰাজ্ঞীগৰাকীয়ে কয় যে, ঘৰত যেতিয়া পূজা-পাতল বা কোনো মাংগলিক কাৰ্য্য কৰা হয়, তেতিয়া ঘৰৰ মুখ্য দুৱাৰত তোৰণ লগোৱা দেখা যায় ৷ বাস্তুশাস্ত্ৰ মতে তোৰণত সদায় আঁহতৰ পাত, আমৰ পাত আৰু অশোক গছৰ পাত ব্যৱহাৰ কৰিব লাগে ৷ তেতিয়া ঘৰত পজিটিভ এনাৰ্জী থাকে আৰু সেইটো খুব বেছি সক্ৰিয় হয় ৷ এনেদৰে কোনো মাংগলিক কাৰ্য্য থাকিলেও কৰিব পাৰো আৰু তিনিমাহৰৰ মূৰে মূৰেও কৰিব পাৰো ৷

বহুদৰে মুখ্য দুৱাৰত গণেশৰ মূৰ্ত্তি থকাও দেখা যায় ৷ ঘৰৰ মুখ্য দুৱাৰৰ ভিতৰ ফালে গণেশৰ মূৰ্ত্তি লগোৱাটো বেছি সুবিধাজনক হয় ৷ কাৰণ গণেশ দেৱতাৰ পিঠিৰ ফালে দাৰিদ্ৰতাই বাস কৰে বুলি কোৱা হয় ৷ সেয়ে যদি ঘৰৰ বাহিৰত লগোৱা হয় তেন্তে পিঠিতো ভিতৰৰ ফালে পৰিব ৷ সেয়ে তেতিয়া দাৰিদ্ৰতাৰ পৰা আৰম্ভ কৰি কাজিয়া-পেচাল আদিৰ দৰে নিগেটিভ এনাৰ্জি আহিব পাৰে ৷ আৰু যদি ঘৰৰ বাহিৰতেই লগাই তেন্তে সেই একে ধৰণৰে একে স্থানতে ঘৰৰ ভিতৰতো লগাব লাগিব ৷

চিহ্নৰ ক্ষেত্ৰত সদায় স্বাষ্ঠীক চিহ্ন, ত্ৰিশূল, ঔম আৰু লগতে ভৰা কলহৰ চিহ্ন খুবেই বেছি ভাল ৷ এই চিহ্ন কেইটা সেন্দুৰ লগাই হাতেৰে দুৱাৰত অংকন কৰিলে বেছি শুভ বুলি গণ্য কৰা হয় ৷ মুখ্য দুৱাৰৰ কাষত কেতিয়াও জোতা-চেণ্ডেলৰ বাকচ খুলি থব নালাগে ৷ ভঙা চকী,মূঢ়া আদিও ঘৰৰ কাষত ৰাখিব নালাগে ৷

লগতে পঢ়ক: Vastu Tips: বাস্তুৰ কিছু ঘৰুৱা বিধি, যিয়ে ঠিক কৰিব পাৰে আপোনাৰ ঘৰৰ বাস্তু

Last Updated : Oct 27, 2023, 11:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.