ETV Bharat / bharat

IIT Madras student suicide: আইআইটি মাদ্ৰাজৰ গৱেষক ছাত্ৰৰ আত্মহত্যা

author img

By

Published : Apr 1, 2023, 11:13 AM IST

মাদ্ৰাজ আইআইটিৰ পিএইচডি গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু (PhD scholar suicide in IIT Madras)। চিপ লোৱা অৱস্থাত উদ্ধাৰ ছাত্ৰজনৰ মৃতদেহ । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ।

IIT Madras student suicide
আইআইটি মাদ্ৰাজৰ গৱেষক ছাত্ৰৰ আত্মহত্যা

নেশ্যনেল ডেস্ক, ১ এপ্ৰিল : চেন্নাইৰ ভেলাচেৰীত চাঞ্চল্যকৰ ঘটনা । আইআইটি মাদ্ৰাজৰ এগৰাকী পিএইচডি গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু (IIT Madras student died)। আৱাসিক এলেকাটোত থকা তেওঁ ঘৰৰ ভিতৰতে ছাত্ৰজনৰ মৃতদেহ উদ্ধাৰ । সকলোৱে সন্দেহ কৰিছে যে ছাত্ৰজনে আত্মহত্যা কৰিছে । কিয়নো মৃত্যুৰ পূৰ্বে গৱেষক ছাত্ৰজন ফোনত এটা চাঞ্চল্যকৰ ষ্টেটাচ দিছিল । তেওঁৰ ষ্টেটাচটো আছিল,"ক্ষমা কৰিব, ভাল নহয় । যথেষ্ট ।" এই ঘটনাৰ পাছতে অঞ্চলজুৰি শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ।

ভেলাচেৰী আৰক্ষীয়ে কোৱা মতে উদ্ধাৰ হোৱা মৃতদেহটো পশ্চিমবংগৰ ৩২ বছৰীয়া শচীন কুমাৰ জৈনৰ । আৰক্ষীয়ে জনোৱা মতে শুকুৰবাৰে পুৱা আন দিনাৰ দৰে তেওঁ আইআইটি মাদ্ৰাজলৈ গৈছিল । অৱশ্যে, তেওঁ শ্ৰেণীৰ কাকো নজনোৱাকৈ নিশা প্ৰায় ১২ বজাত আন দুজনৰ সৈতে শ্বেয়াৰ কৰা তেওঁৰ ভাড়াঘৰলৈ গৈছিল । তেওঁ ভাড়াঘৰত উপস্থিত হৈয়ে ফোনৰ ষ্টেটাচ সলনি কৰিছিল ।

আনহাতে কেইজনমান বন্ধুৱে তেওঁক বিচাৰি শ্ৰেণীকোঠালৈ গৈছিল । কিন্তু তাত নথকাত, সেই বন্ধুসকলৰ মাজৰ কেইজনমানে তেওঁৰ ভাড়াঘৰলৈ গৈছিল । কিন্তু ভাড়াঘৰৰ দুৱাৰখন ভিতৰৰ পৰা বন্ধ আছিল । বন্ধুকেইজনে দুৱাৰখন ভাঙি ভিতৰত প্ৰৱেশ কৰে আৰু ফেনত চিপ লোৱা অৱস্থাত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰে (IIT Madras student suicide)। লগে লগে ভেলাচেৰী আৰক্ষীক খবৰ দিয়া হয় ।

ইতিমধ্যে আৰক্ষীয়ে ঘটনাটো সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি আৰু তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে চৰকাৰী ৰয়াপেট্টা হাস্পতাললৈ প্ৰেৰণ কৰিছে । অৱশ্যে কি কাৰণত শচীন কুমান জৈন নামৰ গৱেষক ছাত্ৰগৰাকীয়ে আত্মহত্যাৰ পথ বাছি ল'লে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত ।

ইফালে চলিত বছৰৰে ১২ ফেব্ৰুৱাৰীত আইআইটি বোম্বাইৰ এগৰাকী ১৮ বছৰীয়া ছাত্ৰই আত্মহত্যা কৰিছিল (IIT Bombay student suicide)। তেওঁৰ পিতৃ-মাতৃয়ে অভিযোগ কৰিছিল যে চৌহদত জাতি-ভিত্তিক নিৰ্যাতনৰ ফলত ছাত্ৰগৰাকীয়ে আত্মহত্যাৰ পথ বাছি ল'বলগীয়া হৈছিল । তেওঁৰ পৰিয়ালৰ সদস্যসকলে বুধবাৰে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ এখন পত্ৰ লিখি অভিযোগ কৰিছে যে ৰাজ্যিক আৰক্ষী আৰু বিশেষ অনুসন্ধান কাৰী দলে (এছআইটি) প্ৰায় দুসপ্তাহ ধৰি এজাহাৰ পঞ্জীয়ন কৰিবলৈ অস্বীকাৰ কৰিছে ।

লগতে পঢ়ক :PM Modi degree controversy : কেজৰিৱালক ২৫ হাজাৰ টকাৰ জৰিমনা আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.