ETV Bharat / bharat

WB Minister Shashi Panja: বিজেপিয়ে মানুহক বিপথে পৰিচালিত কৰিছে: শশী পাঞ্জা

author img

By

Published : Apr 23, 2023, 9:09 AM IST

উত্তৰ দিনাজপুৰ জিলাত এগৰাকী নাবালিকাক ধৰ্ষণ আৰু হত্যাৰ অভিযোগক লৈ শনিবাৰে ভাৰতীয় জনতা পাৰ্টিয়ে মানুহক বিপথে পৰিচালিত কৰি বিভাজনকামী ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে পশ্চিমবংগৰ মহিলা আৰু সমাজ কল্যাণ মন্ত্ৰী শশী পাঞ্জাই ৷ মন্ত্ৰীগৰাকীয়ে কয়, যে তেওঁলোকে মানুহক বিপথে পৰিচালিত কৰি বিভাজনকামী ৰাজনীতি কৰিছে (West Bengal Women Minister Shashi Panja) ৷

West Bengal Women Minister Shashi Panja
বিভাজনৰ ৰাজনীতি কৰিছে বিজেপিয়ে: শশী পাঞ্জা

নিউজ ডেস্ক, 23 এপ্ৰিল: উত্তৰ দিনাজপুৰ জিলাত এগৰাকী নাবালিকাক ধৰ্ষণ আৰু হত্যাৰ অভিযোগক লৈ শনিবাৰে ভাৰতীয় জনতা পাৰ্টিয়ে মানুহক বিপথে পৰিচালিত কৰি বিভাজনকামী ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে পশ্চিমবংগৰ মহিলা আৰু সমাজ কল্যাণ মন্ত্ৰী শশী পাঞ্জাই (West Bengal Women Minister Shashi Panja) ৷

টিএমচিৰ মন্ত্ৰীগৰাকীয়ে কয়, যে "তেওঁলোকে মানুহক বিপথে পৰিচালিত কৰি বিভাজনকামী ৰাজনীতি কৰিছে ৷ আমি ইয়াক গৰিহণা দিছো ৷ বিজেপিয়ে এই বিষয়টো নিজৰ প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিছে | তেওঁলোকে ইচ্ছাকৃতভাৱে এই বিষয় প্ৰেছ লৈ আহিছিল ৷"

পশ্চিমবংগৰ উত্তৰ দিনাজপুৰৰ কলিয়াগঞ্জত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন কৰি টুইটাৰত এটা ভিডিঅ’ শ্বেয়াৰ হোৱাৰ পাচতে এই কথা প্ৰকাশ কৰিছে তেওঁ ৷ তদুপৰি ভিডিঅ’টোত আৰক্ষীয়ে নিৰ্দয় আৰু অনুপযুক্তভাৱে ভুক্তভোগীৰ মৃতদেহ টানি অনা দেখা গৈছে (West Bengal Minister Shashi Panja Slams BJP) ৷

মন্ত্ৰী পাঞ্জাই লগতে অভিযোগ কৰে যে, "বিজেপিয়ে ৰাস্তাত বাধাৰ সৃষ্টি কৰিছিল সেয়েহে আৰক্ষীয়ে ছোৱালীজনীৰ মৃতদেহটো ল’ব লগা হৈছিল ৷ তেওঁলোকে এটা ভিডিঅ' বনাইছিল আৰু ইয়াক ভাইৰেল কৰিছিল ৷"

"আৰক্ষীয়ে কিয় কিবা লুকুৱাই ৰাখিব? বিজেপিয়ে এজনী ছোৱালীৰ মৃত্যু হোৱাত গুৰুত্ব নিদিয়ে আৰু তাই ন্যায় পাবই লাগিব," টিএমচি মন্ত্ৰীগৰাকীয়ে লগতে কয় ৷ এই ঘটনাৰ তদন্তৰ বিষয়ে অৱগত কৰি মহিলা মন্ত্ৰীগৰাকীয়ে কয় যে, ইতিমধ্যে দুজন ব্যক্তিক ঘটনা সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছে আৰু তদন্ত চলি আছে (Minor Girl Murder Case West Bengal) ৷

ইয়াৰ পূৰ্বে, বিজেপি নেত্ৰী ভাৰতী ঘোষে আৰক্ষী বিষয়াসকলক তীব্ৰ সমালোচনা কৰিছিল আৰু কৈছিল যে তেওঁলোকে সকলো নিয়ম উপেক্ষা কৰিছিল ৷

গোচৰৰ সংবেদনশীলতাক উপেক্ষা কৰা বুলি আৰক্ষী বিষয়াসকলক সমালোচনা কৰি বিজেপি নেতাগৰাকীয়ে কয়, "আৰক্ষীয়ে অতি সংবেদনহীনভাৱে মৃতদেহ টানি লৈ গ'ল ৷ অপৰাধৰ সমগ্ৰ প্ৰক্ৰিয়াটোত আৰক্ষী সক্ৰিয় অংশগ্ৰহণকাৰী হৈ পৰিছে ৷ তেওঁলোকে অপৰাধস্থলী ঢাকিবলৈ, ধ্বংস কৰিবলৈ চেষ্টা কৰিছে। লগতে প্ৰমাণ নাইকীয়া কৰা আৰু অপৰাধীক ৰক্ষা কৰাৰ চেষ্টা কৰিছে ৷" ভাৰতী ঘোষে কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক বিষয়টোৰ তদন্ত কৰিবলৈও দাবী জনায় (BJP leader Bharati Ghosh) ৷

বিজেপি নেতা শুভেন্দু অধিকাৰীক আৰক্ষীয়ে ভুক্তভোগীৰ পৰিয়ালক সাক্ষাৎ কৰিবলৈ নিদিয়াৰ অভিযোগ সন্দৰ্ভত ভাৰতী ঘোষে কয়, "বিজেপিৰ বিধায়কক ভুক্তভোগীৰ পৰিয়ালক লগ কৰিবলৈ দিয়া হোৱা নাছিল ৷ কিন্ত টিএমচিৰ সভাপতিক অনুমতি দিয়া হৈছিল ৷ এয়া আমি আশা কৰিছিলো যে অপৰাধমূলক ন্যায় ব্যৱস্থা নিৰপেক্ষ হ'ব।"

বিজেপি নেতাই এই বিষয়ত উচ্চ আৰক্ষী বিষয়াৰ মৌনতা ৰাজ্যৰ গণতন্ত্ৰৰ বাবে বিপজ্জনক বুলিও অভিযোগ উত্থাপন কৰে।

"ধৰ্ষণ কৰি হত্যা কৰা হৈছিল যদিও আৰক্ষী নিমাত ৷ জিলা দণ্ডাধীশ (ডি এম), কালেক্টৰ, মুখ্য সচিবকে ধৰি আৰক্ষীৰ উচ্চপদস্থ বিষয়া সকলোৱে নিমাত ৷ এই মৌনতা ৰাজ্যৰ গণতন্ত্ৰৰ বাবে বিপজ্জনক।" বিজেপি নেত্ৰী ভাৰতী ঘোষে কয় ৷

লগতে পঢ়ক: Same sex marriage petitions : ২৪ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে গ্ৰহণ নকৰে সমকামী বিবাহ আবেদনৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.