ETV Bharat / bharat

দেশ প্ৰথম, সদায় আগত : নৰেন্দ্ৰ মোডী

author img

By

Published : Jul 25, 2021, 7:38 PM IST

দেওবাৰে মন কি বাতৰ জৰিয়তে দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ ভাৰতৰ ৭৫ তম স্বাধীনতা দিৱসৰ প্ৰাকমুহুৰ্তত দেশবাসীক মন কি বাতৰ জৰিয়তে একত্ৰিত হৈ কাম কৰাৰ আহ্বান জনায় প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ লগতে ২৬ জুলাইত কাৰ্গিল বিজয় দিৱস উদযাপন কৰি দেশবাসীক বীৰ শ্বহীদক স্মৰণ কৰিবলৈ কয় প্ৰধানমন্ত্ৰীয়ে ৷

We must move forward with 'Nation First, Always First' mantra: PM Modi
দেশ প্ৰথম, সদায় আগত : প্ৰধানমন্ত্ৰী

নেশ্যনেল ডেস্ক, 25 জুলাই : ভাৰতে স্বাধীনতাৰ ৭৫ তম বৰ্ষত প্ৰৱেশ কৰাৰ প্ৰাকমুহুৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (Prime Minister Narendra Modi)য়ে দেশৰ প্ৰতিজন নাগৰিকক মহাত্মা গান্ধীয়ে 'ভাৰত ত্যাগ আন্দোলনত' নেতৃত্ব দিয়াৰ দৰে ‘ভাৰত একত্ৰিত কৰা আন্দোলনৰ নেতৃত্ব দিয়াৰ বাবে আহ্বান জনায় ৷ প্ৰধানমন্ত্ৰী মোডীয়ে মন কি বাত (Mann Ki Baat)ত জনতাক সম্বোধন কৰি ভাৰতে স্বাধীনতাৰ ৭৫ তম বৰ্ষত প্ৰৱেশ কৰাৰ বাবে দেশজুৰি অমৃত মহোৎসৱ উদযাপন কৰাৰ কথা জানিবলৈ দিয়ে ৷ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, দেশৰ প্ৰগতিৰ বাবে সকলো একত্ৰিত হৈ ৰাষ্ট্ৰৰ প্ৰগতিৰ বাবে কাম কৰোতো অতি প্ৰয়োজনীয় ৷ যেনেদৰে বাপু (মহাত্মা গান্ধী)য়ে 'ভাৰত ত্যাগ আন্দোলন'ৰ নেতৃত্ব দিছিল, প্ৰতিজন ভাৰতীয়ই ভাৰতক একত্ৰিত কৰা আন্দোলনৰ নেতৃত্ব দিব লাগিব ।

প্ৰধানমন্ত্ৰী (Prime Minister Narendra Modi)গৰাকীয়ে লগতে কয় যে, আমি দেশক একত্ৰিত কৰাত সহায়ক হোৱাকৈ বিবিধতাৰে পৰিপূৰ্ণ কাম কৰাতো আমাৰ দায়িত্ব ৷ ইয়াৰ বাবে আমি প্ৰথমে ৰাষ্ট্ৰক আগুৱাই নিব লাগিব, সদায় আগত ৷ তেওঁ লগতে অমৃত মহোৎসৱৰ লগত সংগতি ৰাখি বহু কাৰ্যসূচী চলি থকাৰ কথা উল্লেখ কৰে ৷

প্ৰধানমন্ত্ৰী মোডী (Prime Minister Narendra Modi)য়ে সাংস্কৃতিক মন্ত্ৰালয়ে সৰ্বাধিক সংখ্যক ভাৰতীয়ক একেলগে লৈ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ পদক্ষেপ আৰম্ভ কৰাৰ কথা জানিবলৈ দিয়ে ৷ ইয়াৰ বাবে rashtragan.in নামৰ এটা ৱেবছাইট তৈয়াৰ কৰা হৈছে । এই ৱেবছাইটটোৰ সহায়ত সকলোৱে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিব পাৰিব আৰু ইয়াক ৰেকৰ্ড কৰি এই অনুষ্ঠানৰ সৈতে সংযুক্ত হ'ব পাৰে ।

প্ৰধানমন্ত্ৰী মোডী (Prime Minister Narendra Modi)য়ে টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰা ভাৰতীয় খেলুৱৈসকলক উৎসাহিত কৰাৰ বাবে দেশৰ জনসাধাৰণক আহ্বান জনায় । তেওঁ ছ'চিয়েল মিডিয়াত জনতাক Victory Punch Campaign ত যোগদান কৰি ভাৰতীয় অলিম্পিক দলক সমৰ্থন কৰিবলৈ সকলোকে আহ্বান জনায় । ইয়াৰ লগতে প্ৰধানমন্ত্ৰী মোডীয়ে ২৬ জুলাইত দেশে কাৰ্গিল বিজয় দিৱস উদযাপন কৰিব বুলি উল্লেখ কৰি দেশৰ জনসাধাৰণক ১৯৯৯ চনৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনাবলৈ কয় ।

লগতে পঢ়ক : ৰাজ্যৰ ব্যক্তিগত হাস্পতালত মজুত আছে 3.29 কোটি ভেকচিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.