ETV Bharat / bharat

পশ্চিমবংগৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে নিৰ্বাচনী বিষয়াৰ সৰ্বদলীয় বৈঠক

author img

By

Published : Apr 15, 2021, 1:52 PM IST

পশ্চিমবংগৰ ৰাজনৈতিক দলৰ সমূহৰ প্ৰতিনিধিৰ সৈতে 16 এপ্ৰিলত এখন সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে পশ্চিমবংগৰ নিৰ্বাচনী বিষয়া আৰিজ আফতাবে ৷

পশ্চিমবংগৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে সৰ্বদলীয় বৈঠক নিৰ্বাচনী বিষয়াৰ
পশ্চিমবংগৰ ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে সৰ্বদলীয় বৈঠক নিৰ্বাচনী বিষয়াৰ

নিউজ ডেস্ক, 15 এপ্ৰিল : পশ্চিমবংগৰ নিৰ্বাচনী বিষয়া আৰিজ আফতাবে ৰাজ্যখনৰ ৰাজনৈতিক দলৰ সমূহৰ প্ৰতিনিধিৰ সৈতে 16 এপ্ৰিলত এখন সৰ্বদলীয় বৈঠকৰ আহ্বান জনাইছে ৷ ক’ভিডৰ গণ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই বৈঠকৰ আহ্বান জনোৱা হৈছে ৷

এই বৈঠকত প্ৰতিটো ৰাজনৈতিক দলৰ এজনকৈ প্ৰতিনিধি উপস্থিতি থাকিব ৷ বৈঠকত পশ্চিম বংগৰ অন্তিম 4 টা পৰ্যায় নিৰ্বাচনৰ প্ৰচাৰ সন্দৰ্ভত আলোচনা কৰা হ'ব জানিবলৈ দিছে বিষয়াজনে ৷ তেওঁ কয়, উক্ত বৈঠকত অন্তিম চাৰিটা পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰত ক’ভিডৰ প্ৰতি লক্ষ্য ৰাখি সামাজিক দূৰত্ব আৰু প্ৰচাৰ সভাত ক’ভিড প্ৰ'টকল মানি চলা বিষয়ত আলোচনা হ'ব ৷ বৈঠকত পশ্চিম বংগৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জগ মোহন আৰু ৰাজ্যিক স্বাস্থ্য সচিব এন এছ নিগম উপস্থিত থাকিব ৷

উল্লেখ্য যে, দুটা পিআইএলৰ শুনানি গ্ৰহণ কৰি কলকাতা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ টি.বি.এন ৰাধাকৃষ্ণণৰ অধ্যক্ষতাত এখন খণ্ড বিচাৰপীঠে ইচি আৰু চিইঅ'ৰ দ্বাৰা নিৰ্ধাৰিত ক’ভিড সংক্ৰান্তীয় নিৰ্দেশনাসমূহ কঠোৰভাৱে পালনত ক্ষেত্ৰত জিলা দণ্ডাধীশসকলক নিৰ্দেশ দিছিল ৷

লগতে পঢ়ক: ধেমাজিৰ চোতালে চোতালে হাইদাং হুচঁৰি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.