ETV Bharat / bharat

Himachal Election 2022 : ১৯৭৭ চনৰ পৰা ৰাজ্যখনৰ নিৰ্বাচনৰ খতিয়ান

author img

By

Published : Nov 13, 2022, 6:58 PM IST

হিমাচল প্ৰদেশত শনিবাৰে অনুষ্ঠিত হয় বিধানসভা নিৰ্বাচনৰ ভোটদান (Himachal Assembly election 2022)। ৬৮ টা বিধানসভা সমষ্টিত ৭৪.৬১ শতাংশ ভোটদান হৈছে । ১৯৭৭ চনৰ পৰা ২০১৭ চনলৈ হিমাচল বিধানসভা নিৰ্বাচনৰ ভোটাৰৰ সংখ্যা, ভোটদানৰ হাৰ, প্ৰাৰ্থী, ভোটকেন্দ্ৰ সকলো তথ্য সামৰি এই প্ৰতিবেদন ।

Himachal
১৯৭৭ চনৰ পৰা ৰাজ্যখনৰ নিৰ্বাচনৰ খতিয়ান

নেশ্যনেল ডেস্ক,১৩ নৱেম্বৰ : সদ্য সমাপ্ত হিমাচল প্ৰদেশৰ নিৰ্বাচনত ৬৮ টা বিধানসভা সমষ্টিত ৭৪.৬১ শতাংশ ভোটদান হোৱা দেখা গৈছে (Himachal Voting Percentage 2022)। অৱশ্যে, এই সংখ্যা যোৱা নিৰ্বাচনতকৈ কিছু কম । বেলট পেপাৰৰ জৰিয়তে হোৱা ভোটদানৰ এতিয়াও গণনা কৰা হোৱা নাই । সেয়েহে, ভোটৰ শতাংশ ৭৫ শতাংশতকৈ অধিক হ'ব বুলি অনুমান কৰা হৈছে । দুন বিধানসভা সমষ্টিত সৰ্বাধিক ভোটদানৰ হাৰ ৮৫.২০ শতাংশ, আনহাতে কাচুম্প্তিত ভোটদানৰ হাৰ সৰ্বনিম্ন ৫৭ শতাংশ । চিৰমৌৰ জিলাই ৭৮ শতাংশ ভোটদানৰ সৈতে নিৰ্বাচনত শীৰ্ষস্থান দখল কৰিছে আৰু কাংৰা জিলাত সৰ্বনিম্ন ৭১.০৫ শতাংশ ভোটদান হৈছে (District Wise Voting Percentage in Himachal)।

একে সময়তে, ২০১৭ চনৰ বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰিলে দেখা যাব যে হিমাচলত ৭৪.৬৪ শতাংশ ভোটদান হৈছিল (Voting percentage in Himachal)। যিটো ১৯৭৭ চনৰ পৰা ২০১৭ চনলৈ সৰ্বাধিক আছিল । ২০১৭ চনৰ নিৰ্বাচনত মুঠ ৫০,২৫,৯৪১ গৰাকী ভোটাৰৰ ভিতৰত ৩৭,৯৮,১৭৬ গৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰিছিল । সেই সময়ত, ৩৩৮ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু ৰাজ্যখনত ৭,৫২৫ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছিল ।

যোৱা ১০ টা বিধানসভা নিৰ্বাচনৰ প্ৰতিবেদন অৰ্থাৎ ১৯৭৭ চনৰ পৰা ২০১৭ চনলৈ হিমাচল বিধানসভা নিৰ্বাচনৰ প্ৰতিবেদন তলত উল্লেখ কৰা হ'ল (Himachal Election voting Percentage from 1977)। ইয়াৰ দ্বাৰা কোনটো নিৰ্বাচনী বৰ্ষত কিমান গৰাকী প্ৰাৰ্থী আছিল, কিমানটা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছিল, ভোটাৰৰ সংখ্যা, কিমান ভোট দিয়া হৈছিল আৰু ভোটদানৰ শতাংশ কিমান আছিল সেয়া জানিব পৰা যাব (Voting percentage in Himachal assembly elections)।

১৯৭৭ চনৰ পৰা ২০১৭ চনলৈ বিধানসভা নিৰ্বাচনৰ তথ্য

১৯৭৭ চনৰ বিধানসভা নিৰ্বাচন (Himachal 1977 election results) : ১৯৭৭ চনত হিমাচল প্ৰদেশত মুঠ ১৯,৯৭,৪০৫ ভোটাৰ আছিল । তাৰ ভিতৰত ১১,৬৯,৮৯৪ গৰাকী ভোটাৰে ভোটদান কৰিছিল । ১৯৭৭ চনত ভোটদানৰ হাৰ আছিল ৫৮.৫৭ শতাংশ । সেই সময়ত, ৩৩০ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী খেলপথাৰত অৱতীৰ্ণ হৈছিল আৰু ৰাজ্যখনত ৩৩৮০ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছিল ।

১৯৮২ চনৰ বিধানসভা নিৰ্বাচন (Himachal 1982 election results) : ১৯৮২ চনত ৰাজ্যখনৰ মুঠ ভোটাৰৰ সংখ্যা আছিল ২২,১১,৫২৪ গৰাকী । ১৫,৭১,৫৭৪ গৰাকীয়ে ভোটদান কৰিছিল । ভোটদানৰ হাৰ আছিল ৭১.০৬ শতাংশ । ৰাজ্যখনত ৪৪১ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হৈছিল আৰু ৪,১০৩ টা ভোটকেন্দ্ৰ আছিল ।

১৯৮৫ চনৰ বিধানসভা নিৰ্বাচন (Himachal 1985 election results) : ১৯৮৫ চনত হিমাচল প্ৰদেশত মুঠ ২৩,৫৬,৯৩২ ভোটাৰ আছিল । ১৬,৫৮,৪২৬ ভোটাৰে ভোটদান কৰিছিল । ভোটদানৰ হাৰ আছিল ৭০.৩৬ শতাংশ । সেই সময়ত, ২৯৪ গৰাকী প্ৰাৰ্থীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দিতা আগবঢ়াইছিল । ৰাজ্যখনত ৪,১৩১ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছিল ।

১৯৯০ চনৰ বিধানসভা নিৰ্বাচন (Himachal 1990 election results) : ১৯৯০ চনত হিমাচল প্ৰদেশত মুঠ ৩০,৫৮,৩৯৪ ভোটাৰ আছিল । যাৰ ভিতৰত ২০,৭১,৮৮১ গৰাকীয়ে ভোটদান কৰিছিল । ১৯৯০ চনত, ভোটদানৰ হাৰ আছিল ৬৭.৭৪ শতাংশ । সেই সময়ত, নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ৪৫৪ গৰাকী প্ৰাৰ্থী । ৰাজ্যখনত ৪,৬৮০ টা ভোটকেন্দ্ৰ আছিল ।

১৯৯৩ চনৰ বিধানসভা নিৰ্বাচন (Himachal 1993 election results) : ১৯৯৩ চনত হিমাচল প্ৰদেশত মুঠ ৩২,৬৭,৭২৫ ভোটাৰ আছিল । ২৩,৪৩,৫৪৩ গৰাকীয়ে ভোটদান কৰিছিল । ভোটদানৰ হাৰ আছিল ৭১.৭২ শতাংশ । সেই সময়ত, ৪১৬ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । ৪,৬৮১ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছিল ।

১৯৯৮ চনৰ বিধানসভা নিৰ্বাচন (Himachal 1998 election results) : ১৯৯৮ চনত হিমাচল প্ৰদেশত মুঠ ৩৬,২৮,৮৬৪ ভোটাৰ আছিল । ২৫,৮৪,৭৮৮ গৰাকী ভোটাৰে ভোটদান কৰিছিল । ভোটদানৰ হাৰ আছিল ৭১.২৩ শতাংশ । ৩৬৯ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু ৰাজ্যখনত ৬,২৩০ টা ভোটকেন্দ্ৰ আছিল ।

২০০৩ চনৰ বিধানসভা নিৰ্বাচন (Himachal 2003 election results) : ২০০৩ চনত হিমাচল প্ৰদেশত মুঠ ৪১,০১,০৯৩ ভোটাৰ আছিল । ৩০,৫৫,৭১০ গৰাকীয়ে ভোটদান কৰিছিল । ২০০৩ চনত, ভোটদানৰ হাৰ আছিল ৭৪.৫১ শতাংশ । ৪০৮ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । ৰাজ্যখনত আছিল ৬,২৩২ টা ভোটকেন্দ্ৰ ।

২০০৭ চনৰ বিধানসভা নিৰ্বাচন (Himachal 2007 election results) : হিমাচল প্ৰদেশত ২০০৭ চনত মুঠ ৪৬,০৪,৪৪৩ ভোটাৰ আছিল । ৩২,৯৭,২৫২ গৰাকীয়ে ভোটদান কৰিছিল । ভোটদানৰ হাৰ আছিল ৭১.৬১ শতাংশ । সেই সময়ত, ৩৩৬ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল । ৰাজ্যখনত ৬,২৪৪ টা ভোটকেন্দ্ৰ আছিল ।

২০১২ চনৰ বিধানসভা নিৰ্বাচন (Himachal 2012 election results) : হিমাচল প্ৰদেশত ২০১২ চনত মুঠ ৪৬,০৮,৩৫৯ ভোটাৰ আছিল । ৩৩,৮৭,৩৯০ গৰাকীয়ে ভোটদান কৰিছিল । ভোটদানৰ হাৰ আছিল ৭৩.৫১ শতাংশ । সেই সময়ত, নিৰ্বাচন অৱতীৰ্ণ হৈছিল ৪৫৯ গৰাকী প্ৰাৰ্থী । ৭,২৫৩ টা ভোটকেন্দ্ৰ স্থাপন কৰা হৈছিল ।

২০১৭ চনৰ বিধানসভা নিৰ্বাচন (Himachal 2017 election results) : ২০১৭ চনত হিমাচল প্ৰদেশত মুঠ ভোটাৰৰ সংখ্যা ৫০,২৫,৯৪১ আছিল । ৩৭,৯৮,১৭৬ গৰাকী ভোটাৰ আছিল । ভোটদানৰ হাৰ আছিল ৭৫.৫৭ শতাংশ । সেই সময়ত, ৩৩৮ গৰাকী প্ৰাৰ্থী নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু ৰাজ্যখনত ৭,৫২৫ টা ভোটকেন্দ্ৰ আছিল ।

লগতে পঢ়ক :Constituency delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণত কেন্দ্ৰৰ সেউজ সংকেত, তৎপৰ ৰাজ্যিক বিজেপি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.