অধিনায়ক পদ থাকিব নে বিৰাট কোহলীৰ ?

author img

By

Published : Sep 13, 2021, 3:46 PM IST

virat-kohli-will-remain-captain-of-all-formats-bcci

বিৰাট কোহলীয়ে এৰিব নেকি ভাৰতীয় দলৰ অধিনায়কত্ব ? আগন্তুক আইচিচি টি-২০ বিশ্বকাপত টীম ইণ্ডিয়া সফল নহ’লে বিৰাট কোহলীক সীমিত অভাৰৰ অধিনায়কৰ পৰা আঁতৰ কৰা হ’ব নেকি ? জানো আহক ৷

স্পোৰ্টছ ডেস্ক , 13 ছেপ্টেম্বৰ : বিচিচিআইৰ কোষাধ্যক্ষ অৰুণ ধুমলে সোমবাৰে আইচিচি টি-২০ বিশ্বকাপৰ পিছত টীম ইণ্ডিয়াৰ অধিনায়ক বিৰাট কোহলীয়ে সীমিত অভাৰৰ ফৰ্মেটৰ অধিনায়কৰ পদ ত্যাগ কৰাৰ সম্ভাৱনা থকা বাতৰিক অস্বীকাৰ কৰে । উল্লেখযোগ্য যে, এই বছৰৰ অক্টোবৰ-নৱেম্বৰত ইউ এ ই আৰু ওমানত অনুষ্ঠিত হ'বলগীয়া আইচিচি টি-২০ বিশ্বকাপত ভাৰতীয় দলটো বিজয়ী হোৱাত বিফল হ'লে কোহলীয়ে সীমিত অভাৰৰ খেলৰ অধিনায়কত্ব হেৰুৱাব পাৰে আৰু ৰোহিত শৰ্মাক সীমিত অভাৰৰ দলটোক নেতৃত্ব দিবলৈ দায়িত্ব দিয়া হ'ব পাৰে বুলি এটা বাতৰি চৰ্চালৈ আহিছে ।

অৱশ্যে, ধুমলে এনে দাবী অস্বীকাৰ কৰিছিল ৷ তেওঁ এনে সকলো বাতৰিক ভিত্তিহীন আখ্যা দিয়ে ৷ কেৱলমাত্ৰ সংবাদ মাধ্যমতহে এই সকলোবোৰ বিষয়ত কথা বতৰা চলি আছে । বিচিচিআইয়ে এই বিষয়ত কোনো ধৰণৰ আলোচনা কৰা নাই বুলি ধুমলে সংবাদ মাধ্যমৰ আগত দাবী কৰে । বিৰাট সকলো ফৰ্মেটৰ অধিনায়ক হিচাপে থাকিব বুলিও তেওঁ মন্তব্য কৰে ।

ইয়াৰ পূৰ্বে প্ৰমাণিত হৈছে যে, কোহলীয়ে টেষ্ট ক্ৰিকেটত যথেষ্ট সফল হৈছে ৷ কিন্তু খবৰ আহিছিল যে, সীমিত অভাৰৰ ক্ৰিকেটত দলটোক নেতৃত্ব দিয়াৰ দায়িত্ব শৰ্মাৰ ওপৰত পৰিব পাৰে কিয়নো দলত বহু কেইজনমান শ্ৰেষ্ঠ বলাৰ আৰু বেটছমেন থকা স্বত্বেও আইচিচি ইভেণ্টত দলটোক বিজয়ৰ পথ প্ৰদৰ্শন কৰাত কোহলী ব্যৰ্থ হৈছে বুলি অভিযোগ আছে ।

সূত্ৰ অনুসৰি, বিচিচিআইৰ শীৰ্ষ বিষয়াসকলে ইংলেণ্ডত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত নিউজিলেণ্ডৰ হাতত ভাৰতৰ পৰাজয়ৰ পিছৰে পৰা বিষয়টো আলোচনা কৰি আহিছে ৷ য'ত তেওঁলোকে ভাৰতীয় দলৰ অধিনায়ক নিৰ্বাচনত অসন্তুষ্ট আছিল বুলি জানিব পৰা গৈছে । কিন্তু ধুমলে জনাইছে যে এই বিষয়ত কোনো সভা অনুষ্ঠিত হোৱা নাছিল ।

লগতে পঢ়ক : পাঁচ বছৰৰ মূৰত ঘৰলৈ উভতিব বাংলাদেশত আৱদ্ধ দৰঙৰ যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.