ETV Bharat / bharat

Dantewada Naxal attack Viral video : দান্তেৱাৰাত মাওবাদী আক্ৰমণৰ ভিডিঅ' ভাইৰেল

author img

By

Published : Apr 27, 2023, 5:25 PM IST

Dantewada Naxal attack Viral video
দান্তেৱাৰাত মাওবাদী আক্ৰমণৰ ভাইৰেল ভিডিঅ'

দান্তেৱাৰাত মাওবাদী আক্ৰমণৰ পাছতে কি পৰিস্থিতি হৈছিল ? আক্ৰমণৰ পাছৰ পৰিস্থিতিৰ এটা ভিডিঅ' ভাইৰেল হৈছে (Dantewada Naxal attack video)। জিলা সুৰক্ষা বাহিনীৰ জোৱানে ভিডিঅ'টো কৰিছিল বুলি সন্দেহ কৰা হৈছে ।

দান্তেৱাৰাত মাওবাদী আক্ৰমণৰ ভাইৰেল ভিডিঅ'

নেশ্যনেল ডেস্ক,২৭ এপ্ৰিল : ছত্তীশগড়ৰ মাওবাদীৰ আক্ৰমণক লৈ সম্প্ৰতি দেশজুৰি চৰ্চা অব্যাহত আছে (Maoist attck in Dantewada)। ইয়াৰ মাজতে ভাইৰেল হৈছে ঘটনাস্থলীৰ এটা ভিডিঅ'। যিটো ভিডিঅ'ত বিস্ফোৰণৰ পাছৰ মূহুৰ্তৰ পৰিস্থিতি দেখা গৈছে । ভিডিঅ'টোৰ উৎস এতিয়ালৈকে পৰীক্ষা কৰা হোৱা নাই যদিও এগৰাকী জিলা সুৰক্ষা বাহিনীৰ (ডিআৰজি) জোৱানে দৃশ্যগ্ৰহণ কৰা বুলি বিশ্বাস কৰা হৈছে ।

ভিডিঅ'টোত, এজন জোৱানক কিছু দূৰত আঁঠু কাঢ়ি থকা দেখা গৈছে আৰু তেওঁ চিঞৰি আছে যেতিয়া কেমেৰাৰ সন্মুখত এটা মৃতদেহ পৰি আছিল । পাচত কেমেৰাটো মুকলি ৰাস্তাৰ ফালে ঘূৰাই দিয়া দেখা গৈছে । কিন্তু বিস্ফোৰণৰ পাছত ধোঁৱাৰ বাবে দৃশ্যবোৰ স্পষ্ট হোৱা নাই । গুলীবৰ্ষণৰ মাজতে এটা মাত শুনা গৈছে য'ত এজনে চিঞৰি কৈছে "উদ গয়া, পুৰা উদ গয়া" অৰ্থাৎ "গোটেই বাহনখন উৰি গ'ল" (Dantewada Naxal attack video)।

বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা প্ৰকাণ্ড গাঁতটোৰ ওপৰত বৈদ্যুতিক তাঁৰ পৰি থকা দেখা গৈছে । বিস্ফোৰণৰ পাছত প্ৰায় ১০ ফুট গভীৰ এটা গাঁতৰ সৃষ্টি হোৱাও দেখা গৈছে । ভিডিঅ'টোৰ শেষৰ ফালে গুলীবৰ্ষণৰ শব্দও শুনা গৈছে ।

চৰকাৰী সূত্ৰ অনুসৰি, মাওবাদীৰ উপস্থিতিৰ বিষয়ে তথ্য পোৱাৰ পাছত ডিআৰজি আৰণপুৰলৈ ৰাওনা হৈছিল । অঞ্চলটো ৰাজ্যৰ ৰাজধানী ৰায়পুৰৰ পৰা প্ৰায় ৪৫০ কিলোমিটাৰ দূৰত অৱস্থিত । ঠাইডোখৰৰ দৃশ্যবোৰৰ স্পষ্ট যে বিস্ফোৰণৰ ফলত পথছোৱা গভীৰ গাঁতলৈ ৰূপান্তৰিত হৈছে ।

বস্তাৰৰ আৰক্ষী মহাপৰিদৰ্শকে পি সুন্দৰজনে জনোৱা মতে মাওবাদীৰ আক্ৰমণৰ ফলত বাহনৰ চালকৰ লগতে ১০ গৰাকী ডিআৰজি জোৱান শ্বহীদ হৈছে (DRG Jawan death in Maoist attack)। ইতিমধ্যে তেওঁলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে । আৰক্ষী বিষয়াগৰাকীৰ মতে ঘটনা সন্দৰ্ভত অনুসন্ধান অব্যাহত আছে ।

উল্লেখ্য যে, বুধবাৰে ছত্তীশগড়ৰ দান্তেৱাৰাত মাওবাদীৰ আইইডি বিস্ফোৰণৰ ফলত জোৱানসকল নিহত হৈছিল । যিখন বাহনত জোৱানসকল গৈছিল সেই বাহনখন আৰক্ষীয়ে ভাড়াত লৈছিল ।

লগতে পঢ়ক :Naxalite attack: চত্তিশগড়ত নক্সালবাদীৰ আক্ৰমণত 10 আৰক্ষী জোৱান নিহত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.