ETV Bharat / bharat

Congress promises in Karnataka : গাঁৱৰ ৰাইজে নিদিয়ে বিদ্যুতৰ বিল, কাৰণ কংগ্ৰেছে দিছে প্ৰতিশ্ৰুতি

author img

By

Published : May 16, 2023, 12:57 PM IST

নিৰ্বাচনত জয়ী হৈছে যদিও এতিয়ালৈ কংগ্ৰেছে মুখ্যমন্ত্ৰী বাছনি কৰিব পৰা নাই (Karnataka next CM selection)। তাৰ পূৰ্বেই জালিকাট্টে গাঁৱৰ কিছু বাসিন্দাই বিনামূলীয়া বিদ্যুতৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ কথা উল্লেখ কৰি বিল পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰিছে । গাঁওবাসী আৰু বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ মাজৰ কথা-বতৰাৰ এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে ।

Congress promises in Karnataka
গাঁৱৰ ৰাইজে নিদিয়ে বিদ্যুতৰ বিল

নেশ্যনেল ডেস্ক,১৬ মে' : কৰ্ণাটকত কংগ্ৰেছ দলে দিছিল বিনামূলীয়া বিদ্যুতৰ প্ৰতিশ্ৰুতি (Congress promises of free electricity)। চৰকাৰ গঠন হ'লেই প্ৰতিশ্ৰুতি পূৰণৰ আশ্বাস দিছিল কংগ্ৰেছে । ইতিমধ্যে কংগ্ৰেছে ৰাজ্যখনৰ নিৰ্বাচনত জয়ী হৈছে । অৱশ্যে কংগ্ৰেছে চৰকাৰ গঠনৰ বাবে সাজু হৈ আছে যদিও মুখ্যমন্ত্ৰী বাছনি হোৱা নাই ।

কিন্তু ইয়াৰ মাজতে বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰিছে কৰ্ণাটকৰ এখন গাঁৱৰ ৰাইজে (Karnataka villager refused to pay electricity bill)। তেওঁলোকৰ মতে কংগ্ৰেছ শাসনলৈ আহিছে সেয়ে আৰু বিদ্যুতৰ বিল পৰিশোধ কৰাৰ প্ৰয়োজন নাই ।

এই সন্দৰ্ভত সামাজিক মাধ্যমত এটা ভিডিঅ' ভাইৰেল হৈ পৰিছে । য'ত চিত্ৰদুৰ্গাৰ এখন গাঁৱৰ বাসিন্দাসকলে বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰা দেখা গৈছে । আনকো বিল পৰিশোধ নকৰিবলৈ অনুৰোধ জনাইছে গাঁওখনৰ ৰাইজে ।

  • Villagers in Chitradurga refuse to pay electricity bill. Exhort others also not to pay! They tell the bill collector that Congress had promised them free electricity, as soon as they came to power… Go take it from them (Congress), they say…

    If Congress doesn’t give a CM soon,… pic.twitter.com/FNgGtwdPHM

    — Amit Malviya (@amitmalviya) May 15, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

চৰকাৰ গঠন হোৱাৰ পূৰ্বেই, কংগ্ৰেছৰ প্ৰতিশ্ৰুতি ৰক্ষাৰ এই ভিডিঅ'টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে । ভিডিঅ'টোত চিত্ৰদুৰ্গা জিলাৰ জালিকাট্টেৰ লোকসকলক বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰা দেখা গৈছে । গাঁওবাসীয়ে বিল সংগ্ৰহ কৰিবলৈ অহা বিল সংগ্ৰাহকসকলক কৈছে যে তেওঁলোকে বৈদ্যুতিক বিল পৰিশোধ নকৰে কাৰণ কংগ্ৰেছে বিনামূলীয়া বিদ্যুতৰ আশ্বাস দিছে ।

ইফালে বেংগালুৰু বিদ্যুৎ যোগান কোম্পানী লিমিটেড চমুকৈ বেচকমৰ কৰ্মচাৰীগৰাকীয়ে গাঁওবাসীক বুজাবলৈ চেষ্টা কৰিছে । তেওঁ উল্লেখ কৰা মতে কংগ্ৰেছে চৰকাৰ গঠন কৰিলে বেচকমৰ তৰফৰ পৰা বিনামূলীয়া বিদ্যুৎ প্ৰদান কৰা হ'ব । কিন্তু বেচকমে এতিয়ালৈকে কোনো নিৰ্দেশনা পোৱা নাই বুলিও কয় কৰ্মচাৰীজনে ।

ইফালে, বিজেপিৰ আইটি চেলৰ মুৰব্বী অমিত মালৱীয়ই এতিয়ালৈকে চৰকাৰ গঠন নকৰাৰ বাবে কংগ্ৰেছক উপহাস কৰা দেখা গৈছে (BJP IT Cell chief slams Congress)। এক টুইটযোগে তেওঁ কয় যে চিত্ৰদুৰ্গাৰ গাওঁবাসীয়ে বিদ্যুতৰ বিল পৰিশোধ কৰিবলৈ অস্বীকাৰ কৰে আৰু বিল সংগ্ৰাহকক কংগ্ৰেছৰ পৰা বিল পৰিশোধ ল'বলৈ কয় । কিয়নো তেওঁলোকে ক্ষমতালৈ অহাৰ লগে লগে বিনামূলীয়া বিদ্যুৎ কাৰ্যকৰী কৰাৰ প্ৰতিশ্ৰুতি দিছিল । মালৱীয়ই লগতে কয় যে যদি কংগ্ৰেছে সোনকালে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাছনি নকৰে, তেন্তে ৰাজ্যখনৰ চাৰিওফালে বিশৃংখলতা সৃষ্টি হ'ব ।

উল্লেখ্য যে বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত কংগ্ৰেছে কেইবাটাও বিনামূলীয়া প্ৰতিশ্ৰুতি দিছে । তাৰ ভিতৰত অন্যতম প্ৰতিশ্ৰুতি হৈছে প্ৰতিমাহে ২০০ ইউনিট বিদ্যুৎ । ইফালে কংগ্ৰেছৰ প্ৰতিশ্ৰুতিৰ ফলত ৰাজ্যিক কোষাগাৰত ৫৮,০০০ কোটি টকাৰ অতিৰিক্ত বোজা পৰিব ।

লগতে পঢ়ক :Karnataka new CM: সিদ্ধান্ত ল’বলৈ বেছি সময় নালাগিব খাৰ্গেক; কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰীৰ নাম আজি ঘোষণাৰ সম্ভাৱনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.