Uttarakhand Election Result 2022: এইবাৰ কাৰ দখলত উত্তৰাখণ্ড ?

author img

By

Published : Mar 10, 2022, 8:01 AM IST

Updated : Mar 10, 2022, 3:49 PM IST

Uttarakhand Election 2022
কাৰ ভাগ্য নিৰ্ধাৰণ হ’ব উত্তৰাখণ্ডত ()

কাৰ দখললৈ যাব উত্তৰাখণ্ড... কোন দলে উত্তৰাখণ্ডত গঠন কৰিব চৰকাৰ ৷ আজি স্পষ্ট হ'ব উত্তৰাখণ্ডৰ ভাগ্য....

নিউজ ডেস্ক, 10 মাৰ্চ : বৃহস্পতিবাৰে পুৱা 8 বজাৰ লগে লগে আৰম্ভ হ’ল উত্তৰাখণ্ড বিধানসভা নিৰ্বাচনৰ ভোটগণনা ৷ ৰাজ্যখনৰ 70 টা বিধানসভা সমষ্টিৰ 632 গৰাকী প্ৰাৰ্থীৰ বাবে এইবাৰ 81 লাখ 72 হাজাৰ 173 জন ভোটাৰে সাব্যস্ত কৰিছিল ভোটদান ৷ ভোটদানৰ হাৰ আছিল 65.56 শতাংশ ৷

  • পৃথক ৰাজ্য হিচাপে মৰ্যদা লাভ কৰাৰ পাছত উত্তৰাখণ্ডৰ বাবে এইয়া হৈছে পঞ্চম বিধানসভা নিৰ্বাচন ৷ এইবাৰ নিৰ্বাচনত বিজেপি আৰু কংগ্ৰেছৰ মাজত কণ্টকময় প্ৰতিদ্বন্দিতা হোৱাৰ পৰিলক্ষিত হৈছে । ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনৰ ফলাফলক লৈ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ৷

উত্তৰাখণ্ডত বিজেপি 40 খন আসনত, কংগ্ৰেছ 25 খন আৰু অন্যান্য 4 খন আসনত অগ্ৰগতি লাভ কৰি আছে ৷ আনহাতে আপে বৰ্তমানলৈ এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে সম্প্ৰতি উৰ্দ্ধম সিং নগৰ খাতিমাৰ সমষ্টিৰ পৰা অগ্ৰগতি লাভ কৰি আছে ।

উত্তৰাখণ্ড প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱটে ভোট গণনাৰ পূৰ্বে পত্নী ৰেণুকা ৰাৱটৰ সৈতে মন্দিৰত গৈ আৰ্শীষ লয় ৷ কংগ্ৰেছ নেতাগৰাকীয়ে হৰিশ ৰাৱাটে নিৰ্বাচনৰ পিছত তেওঁ মুখ্যমন্ত্ৰী হ'ব নতুবা ঘৰত বহিব বুলি মন্তব্য কৰিছিল ৷ ইয়াৰ পাছতেই উত্তৰাখণ্ডত কংগ্ৰেছৰ নতুন মুখ্যমন্ত্ৰীক লৈ বিৰ্তকৰ সূত্ৰপাত হৈছিল ৷

10.15 লৈ সবিশেষ

  • দৃশ্যপট সলনি হৈছে উত্তৰাখণ্ড নিৰ্বাচনৰ প্ৰেক্ষাপটৰ ৷ উৰ্দ্ধম সিং নগৰ খতিমাৰ পৰা অগ্ৰগতি লাভ কৰি থকা মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ ক্ৰমে পিছ পৰিছে ৷ একেদৰে লালকুয়ান সমষ্টিত হৰিশ ৰাৱট এতিয়াও পিছ পৰি আছে ৷ আনহাতে হৰিদ্বাৰ সমষ্টিত অগ্ৰগতি লাভ কৰিছে বিজেপি প্ৰদেশ অধ্যক্ষ মদন কৌশিক ৷

10.30 বজালৈ

  • ডেৰাডুন জিলাৰ 10 টা বিধানসভা সমষ্টিৰ চক্ৰাতা, সহসপুৰ আৰু ধৰ্মপুৰ সমষ্টিত কংগ্ৰেছ আগবাঢ়ি আছে । একে সময়তে, বিকাশনগৰ, ডেৰাডুন কেণ্ট, মৌচুৰী, ৰায়পুৰ, ৰাজপুৰ ৰোড, ডৈইৱালা, ঋষিকেশত বিজেপি আগবাঢ়ি আছে ।

10.40 বজালৈ

  • খাটিমা সমষ্টিত মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী 1,000 ভোটত আৰু লালকুয়ান সমষ্টিত প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱট 7.000 ভোটত পিছ পৰি আছে । আনহাতে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গণেশ গোদিয়াল 700 ভোটত আগবাঢ়ি আছে ।

11.20 বজালৈ

  • উত্তৰাখণ্ডত বিজেপিয়ে 45 খন আসনত আৰু কংগ্ৰেছ 22 খন আসন আৰু অন্যান্যই 3 অগ্ৰগতি লাভ কৰি আছে ৷ আপে এতিয়ালৈ এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷ পুষ্কৰ সিং ধামীয়ে পুনৰ খতিমা সমষ্টিৰ পৰা অগ্ৰগতি লাভ কৰিছে ৷ আনহাতে লালকুয়ান সমষ্টিত এতিয়াও পিছ পৰি আছে হৰিশ ৰাৱট । হৰিদ্বাৰ সমষ্টিত মদন কৌশিক এতিয়াও আগবাঢ়ি আছে ।

11.31 বজালৈ

  • উত্তৰাখণ্ডত গৰিষ্ঠসংখ্যক ভোটত আগবাঢ়ি আছে বিজেপি দল ৷ ইয়াৰ বাবে বিজেপি কৰ্মীসকলৰ মাজত দেখা গৈছে উৎসাহ-উদ্দীপনা ৷ ডেৰাডুনৰ ৰাজ্যিক দলৰ কাৰ্যালয়ত ভিৰ বাঢ়িছে শীৰ্ষ নেতাসকলৰ । বিজেপিয়ে ৰাজ্যখনত বৃহৎ সংখ্যাগৰিষ্ঠতাৰে পুনৰ এবাৰ চৰকাৰ গঠন কৰিবলৈ গৈ আছে বুলি দাবী কৰে বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ দীপ্তি ৰাৱটে ।

11.41 বজালৈ

  • মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী পুনৰ খতিমা সমষ্টিত পিছ পৰি আছে । একেদৰে লালকুয়ান সমষ্টিত 9,967 টা ভোটত পিছ পৰি আছে প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ ৰাৱট ৷

11.51 বজালৈ

  • পাউৰী জিলাৰ ছয়খন বিধানসভা আসনৰ ভিতৰত পাঁচখনত বিজেপিয়ে অগ্ৰগতি লাভ কৰিছে ৷ আনহাতে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি গণেশ গোদিয়াল শ্ৰীনগৰ বিধানসভাত আগবাঢ়ি আছে ।

13.00 বজালৈ

  • উত্তৰাখণ্ডত বিজেপিয়ে 41 খন আসনত আৰু কংগ্ৰেছ 25 খন আসন আৰু অন্যান্যই 4 খন আসনত অগ্ৰগতি লাভ কৰি আছে ৷ আপে এতিয়ালৈ এখনো আসন লাভ কৰিবলৈ সক্ষম হোৱা নাই ৷

13.53 বজালৈ

উত্তৰাখণ্ড লালকুয়ান সমষ্টিৰ পৰা পৰাস্ত কংগ্ৰেছ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী হৰিশ সিং ৰাৱট । কংগ্ৰেছ নেতাগৰাকী সমষ্টিটোৰ পৰা 14,000 তকৈও অধিক ভোটৰ ব্যৱধানত পৰাজিত হয় ৷

15.41 বজালৈক

  • খতিমাৰ পৰা অহা ডাঙৰ খবৰটো অনুসৰি, ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী খতিমাৰ পৰা নিৰ্বাচনত পৰাজিত হৈছে । কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ভুৱন কাপৰিয়ে নিৰ্বাচনত পুষ্কৰ সিং ধামীক পৰাজিত কৰিছে।

লগতে পঢ়ক : পৌৰ নিৰ্বাচনৰ দুটা ৱাৰ্ডত আপৰ প্ৰাৰ্থীৰ জয় : অৰবিন্দ কেজৰিৱালৰ শুভেচ্ছা

Last Updated :Mar 10, 2022, 3:49 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.