ETV Bharat / bharat

US President India visit: ভাৰত ভ্ৰমণৰ বাবে সাজু ৰাষ্ট্ৰপতি জ' বাইডেন

author img

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 10:59 AM IST

US President India visit
ভাৰত ভ্ৰমণৰ বাবে সাজু ৰাষ্ট্ৰপতি জ' বিডেন

জি-২০ বৈঠকত উপস্থিত থাকিব আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন । বৃহস্পতিবাৰে ভাৰত অভিমুখে তেওঁ ৰাওনা হ'ব । ফাৰ্ষ্ট লেডী জিল বাইডেন ক'ভিডত আক্ৰান্ত হোৱাৰ পাছত ৰাষ্ট্ৰপতিগৰাকীৰ ভাৰত ভ্ৰমণক লৈ প্ৰশ্ন উত্থাপন হৈছিল ।

ইণ্টাৰনেশ্যনেল ডেস্ক, ৭ ছেপ্টেম্বৰ : ভাৰত ভ্ৰমণ কৰিবলৈ সাজু হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন । নতুন দিল্লীত অনুষ্ঠিত হ'বলগীয়া জি-২০ বৈঠকত উপস্থিত থাকিব ৰাষ্ট্ৰপতিগৰাকী । হোৱাইট হাউচে ইতিমধ্যে তেওঁৰ উপস্থিতিৰ কথা নিশ্চিত কৰিছে । হোৱাইট হাউচৰ মতে বৈঠকত উপস্থিত থাকি গুৰুত্বপূৰ্ণ পদক্ষেপসমূহৰ বিষয়ে আলোচনা কৰিবলৈ তেওঁ অতি উৎসাহিত হৈ আছে । ইফালে বাইডেনে জি-২০ বৈঠকৰ বাবে ভাৰত ভ্ৰমণৰ সময়ত ৰোগ নিয়ন্ত্ৰণ আৰু প্ৰতিৰোধ কেন্দ্ৰৰ (চিডিচি) ক'ভিড-১৯ নিৰ্দেশনাও অনুসৰণ কৰিব ।

কিয়নো শেহতীয়াকৈ ফাৰ্ষ্ট লেডী ৭২ বছৰীয়া জিল বাইডেন ক'ভিডত আক্ৰান্ত হৈছিল । অৱশ্যে ক'ভিড পৰীক্ষাত জ' বাইডেনক নিগেটিভ পোৱা গৈছে । হোৱাইট হাউচে কোৱা মতে ৰাষ্ট্ৰপতিগৰাকীয়ে দুবাৰকৈ পৰীক্ষা কৰিছে য'ত তেওঁক নিগেটিভ পোৱা গৈছে । যাৰ বাবে তেওঁৰ ভাৰত ভ্ৰমণৰ পৰিকল্পনাত কোনো পৰিৱৰ্তন হোৱা নাই বুলি উল্লেখ কৰা হৈছে ।

শুকুৰবাৰে সন্ধিয়া নতুন দিল্লীত উপস্থিত হোৱাৰ পাছত ৰাষ্ট্ৰপতি বাইডেনে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব । ইফালে জি-২০ বৈঠকৰ সময়ত আৰু মোডী আৰু বিশ্বৰ অন্যান্য নেতাসকলৰ সৈতে তেওঁৰ বৈঠক আৰু বাৰ্তালাপত চিডিচিৰ দ্বাৰা নিৰ্ধাৰণ কৰা ক'ভিড-১৯ প্ৰটোকলৰ দ্বাৰা পৰিচালিত হ'ব ।

উল্লেখ্য যে, আমেৰিকাৰ ফাৰ্ষ্ট লেডীগৰাকী ক'ভিডত আক্ৰান্ত হোৱাৰ পাছত তেওঁৰ ডেলাৱেৰস্থিত বাসগৃহত কোৱাৰেণ্টাইনত আছে আৰু ৰাষ্ট্ৰপতিৰ সৈতে ভাৰত আৰু ভিয়েটনাম ভ্ৰমণো তেওঁ নকৰে ।

ইফালে হোৱাইট হাউচৰ প্ৰেছ সচিব কেৰিন জিন-পিয়েৰে সংবাদ মাধ্যমক কয় যে ৰাষ্ট্ৰপতিগৰাকীৰ দেহত ক'ভিডৰ কোনো লক্ষণ পোৱা হোৱা নাই যিটো এটা ভাল লক্ষণ । ৰাষ্ট্ৰপতিকে ধৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি দলৰ সদস্যসকলক ক'ভিডৰ পৰীক্ষা কৰা হ'ব । বৃহস্পতিবাৰে সন্ধিয়া হোৱাইট হাউচৰ পৰা ভাৰতৰ বাবে প্ৰস্থান কৰাৰ পূৰ্বে বাইডেনৰো ক'ভিড পৰীক্ষা কৰা হ'ব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক :PM Modi in Indonesia: ২০ সংখ্যক এছিয়ান-ভাৰত সন্মিলনৰ বাবে জাকাৰ্টাত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.