ETV Bharat / bharat

India G20 Summit : ভাৰতে জি-২০ সন্মিলনত কণ্ঠহীনসকলৰ হৈ মাত মাতিছে; কেন্দ্ৰীয় মন্ত্ৰী মীনাক্ষি লেখী

author img

By ETV Bharat Assamese Team

Published : Sep 4, 2023, 2:14 PM IST

ভাৰতে অসমৃদ্ধিশালী দেশসমূহে সন্মুখীন হোৱা সমস্যাসমূহৰ ওপৰত আলোকপাত কৰিছে । বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষি লেখীৰ এই মন্তব্য । গ্লোবেল ছাউথ হৈছে অষ্ট্ৰেলিয়া আৰু নিউজীলেণ্ডৰ বাহিৰে আফ্ৰিকা, এছিয়া, লেটিন আমেৰিকা আৰু ওচেনিয়াৰ উন্নয়নশীল বা নিম্নতম বিকশিত দেশবোৰক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ ।

India G20 Summit
India G20 Summit

নিউজ ডেস্ক, ৪ ছেপ্টেম্বৰ : ভাৰতে গ্লোবেল ছাউথৰ দেশসমূহৰ প্ৰায় 'কণ্ঠহীন গ্ৰুপ'ৰ কণ্ঠস্বৰ হিচাপে জি-২০ মঞ্চত আত্মপ্ৰকাশ কৰিছে । লগতে ভাৰতে অসমৃদ্ধিশালী দেশসমূহে সন্মুখীন হোৱা সমস্যাসমূহৰ ওপৰত আলোকপাত কৰিছে । বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী মীনাক্ষি লেখীয়ে এনেদৰে কয় । গ্লোবেল ছাউথক প্ৰতিনিধিত্ব কৰা ভাৰতে জি-২০ ৰাষ্ট্ৰসমূহৰ সৈতে আলোচনা কৰিবলৈ আৰু 'সম্পদেৰে অধিক সমৃদ্ধ' অনুন্নত ৰাষ্ট্ৰসমূহৰ প্ৰয়োজনীয়তাৰ বিষয়ে আলোচনা কৰিবলৈ সঠিক স্থিতিত আছে । লেখীয়ে এএনআইক দিয়া এক বিশেষ সাক্ষাৎকাৰত কয় ।

ভাৰতে বৰ্তমানৰ জি-২০ সভাপতিত্বৰ আৰম্ভণিৰে পৰায়ে গ্লোবেল ছাউথৰ উদ্বেগৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে । উল্লেখ্য যে, গ্লোবেল ছাউথ হৈছে উন্নয়নশীল বা নিম্নতম বিকশিত দেশবোৰক বুজাবলৈ ব্যৱহাৰ কৰা শব্দ । গ্লোবেল ছাউথত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডৰ বাহিৰে বিশ্বজুৰি আফ্ৰিকা, এছিয়া, লেটিন আমেৰিকা আৰু ওচেনিয়াৰ দেশসমূহ অন্তৰ্ভুক্ত হৈ আছে ।

ভাৰত গ্লোবেল ছাউথৰ কণ্ঠস্বৰ হিচাপে প্ৰতিভাত হোৱা সন্দৰ্ভত লেখীয়ে কয় যে জি-২০ হৈছে ২০ খন দেশৰ এক 'অতি গুৰুত্বপূৰ্ণ গ্ৰুপ', যিয়ে বিশ্বজুৰি জিডিপিৰ প্ৰায় ৮৫ শতাংশ, বিশ্ব বাণিজ্যৰ ৭৫ শতাংশতকৈ অধিক আৰু বিশ্বৰ জনসংখ্যাৰ প্ৰায় দুই-তৃতীয়াংশ নিয়ন্ত্ৰণ কৰে । আনহাতে, যাৰ পলিচীৰ সমগ্ৰ বিশ্বক প্ৰভাৱিত কৰাৰ ক্ষমতা আছে । কিন্তু তেওঁলোকৰ হৈ মাত মতা কোনো দেশ নাই । গতিকে (এইটো) ২০ বনাম ১২০ । গতিকে গ্লোবেল ছাউথক প্ৰতিনিধিত্ব কৰা ১২০ খন দেশৰ কণ্ঠস্বৰ এনে স্থানত উপনীত হোৱা নাই, যিয়ে নীতি নিৰ্ধাৰণত জড়িত হ'ব পাৰে ।"

মন্ত্ৰীগৰাকীয়ে আঙুলিয়াই দিয়ে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিশ্চিত কৰিছে যে গ্লোবেল ছাউথৰ উদ্বেগ সমাধানত ভাৰতে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । "সেয়েহে জি-২০ আৰম্ভ হোৱাৰ ঠিক আগতে প্ৰধানমন্ত্ৰী মোদীয়ে এখন দক্ষিণ মঞ্চৰ নেতৃত্ব দিছিল, য'ত তেওঁ গ্লোবেল ছাউথৰ সৈতে বাৰ্তালাপ কৰিছিল ।" চলিত বছৰৰ জানুৱাৰীত ভাৰতে আয়োজন কৰা 'ভইচ অব গ্লোবেল ছাউথ ছামিট'ৰ সন্দৰ্ভত লেখীয়ে এনেদৰে কয় ।

'হেভ-ৱান আৰু হেভ-নট' একত্ৰিত নোহোৱালৈকে কোনো নীতি সফল নহ'ব বুলিও লেখীয়ে কয় । আনহাতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, "গ্লোবেল ছাউথে সন্মুখীন হোৱা সমস্যাসমূহৰ ওপৰত আলোকপাত কৰাৰ ভাৰতৰ পদক্ষেপে জি-২০ মঞ্চত হোৱা আলোচনাত সঠিক সূক্ষ্মতা আনিছে ।" জি-২০ অতি প্ৰাসংগিক হৈ পৰিছে, কিয়নো ভাৰতে বিশ্বজুৰি গ্লোবেল ছাউথৰ নেতৃত্ব প্ৰদৰ্শন কৰিবলৈ বাছি লৈছে বুলি তেওঁ লগতে কয় ।

"গ্লোবেল ছাউথ আৰু এই গোটৰ সকলো নেতা প্ৰায় কণ্ঠহীন গ্ৰুপৰ দৰে আছিল । সেয়েহে ভাৰতে তেওঁলোকৰ কণ্ঠস্বৰক প্ৰতিনিধিত্ব কৰিবলৈ আৰু কণ্ঠহীনসকলৰ কণ্ঠস্বৰ হ'বলৈ বাছি লৈছে । আমি গ্লোবেল ছাউথকো প্ৰতিনিধিত্ব কৰোঁ, কাৰণ আমি মুঠ ১.৪ বিলিয়ন লোক । গতিকে জীৱন, জীৱিকা, মানুহ আৰু সম্পদক প্ৰভাৱিত কৰা নীতিবোৰ আলোচনা কৰিব লাগিব । জলবায়ু পৰিৱৰ্তন, বহনক্ষম উন্নয়ন, সকলোৰে বাবে খাদ্য, খাদ্য সুৰক্ষা, খাদ্য, সাৰ, ইন্ধন সুৰক্ষা এই বিষয়বোৰত ।" লেখীয়ে কয় ।

"ভাৰতে জি-২০ ৰাষ্ট্ৰসমূহৰ সম্পদত যথেষ্ট সমৃদ্ধ কিন্তু অসমৃদ্ধিশালী ৰাষ্ট্ৰসমূহৰ প্ৰয়োজনীয়তাৰ বিষয়ে কথা পাতিবলৈ সঠিক স্থিতিত আছে ।" বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে কয় । উল্লেখ্য যে গ্ৰুপ ২০ৰ গোটটোত থকা ১৯ খন দেশ হৈছে ভাৰত, আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, ব্ৰাজিল, কানাডা, চীন, ফ্ৰান্স, জাৰ্মানী, ইণ্ডোনেছিয়া, ইটালী, জাপান, কোৰিয়া গণৰাজ্য, মেক্সিকো, ৰাছিয়া, চৌডি আৰব, দক্ষিণ আফ্ৰিকা, তুৰস্ক, ব্ৰিটেইন আৰু ইউৰোপীয় ইউনিয়ন ।

লগতে পঢ়ক :Speaking for India podcast: তামিলনাডুত 'দ্ৰাবিড় মডেল'ৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰী ষ্টেলিনৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.