ETV Bharat / bharat

ত্ৰিপুৰাত উপস্থিত বিজেপিৰ দুই কেন্দ্ৰীয় মন্ত্ৰী

author img

By

Published : Aug 27, 2022, 11:13 AM IST

নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ইজনৰ পাছত সিজন কেন্দ্ৰীয় নেতাৰ আগমন হৈছে ত্ৰিপুৰালৈ । পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিং শুকুৰবাৰে উপস্থিত হয় ৰাজ্যখনত (Union minister Giriraj Singh at Tripura)। তেওঁৰ সৈতে কেন্দ্ৰীয় সংখ্যালঘু কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী জন বৰ্লাও উপস্থিত হয় ।

Tripura
ত্ৰিপুৰাত উপস্থিত বিজেপিৰ দুই কেন্দ্ৰীয় মন্ত্ৰী

আগৰতলা,২৭ আগষ্ট : ত্ৰিপুৰাৰ আগন্তুত গাঁও সমিতি আৰু বিধানসভা নিৰ্বাচনৰ বাবে তৎপৰতা আৰম্ভ কৰিছে বিভিন্ন ৰাজনৈতিক দলসমূহে (Tripura upcoming election)। বিৰোধীৰ সমান্তৰালকৈ শাসকীয় বিজেপি দলেও বিভিন্ন ধৰণৰ ৰণনীতি প্ৰস্তুত কৰিছে (Tripura BJP strategy for upcoming election)। নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই বিভিন্ন উন্নয়নমূলক কাম-কাজ পৰিদৰ্শন কৰাৰ লগতে দল সম্পৰ্কীয় বিষয়বোৰ আলোচনা কৰিবলৈ সঘনাই ৰাজ্যখনলৈ ভ্ৰমণ কৰা দেখা গৈছে ।

ইয়াৰ মাজতে শুকুৰবাৰে তিনিদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰাত উপস্থিত হয় কেন্দ্ৰীয় পঞ্চায়ত মন্ত্ৰী গিৰিৰাজ সিং (Union minister Giriraj Singh at Tripura) আৰু কেন্দ্ৰীয় সংখ্যালঘু কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী জন বৰ্লা (Minister John Barla visits Tripura)। কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীক বিমানবন্দৰত আদৰণি জনায় ত্ৰিপুৰাৰ উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মা, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা সাংসদ প্ৰতিমা ভৌমিক আৰু ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক টিংকু ৰয়ে ।

সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত কেন্দ্ৰীয় পঞ্চায়ত মন্ত্ৰী গিৰিৰাজ সিঙে পূৰ্বৰ চিপিআই(এম) চৰকাৰক তীব্ৰ সমালোচনা কৰে (Minister Giriraj Singh slams CPIM)। মন্ত্ৰীগৰাকীয়ে কয় যে ত্ৰিপুৰাত যোৱা ৩০ বছৰত যি কৰা হোৱা নাই, যোৱা চাৰি বছৰত ডাবল ইঞ্জিন চৰকাৰে সেয়া কৰিবলৈ সক্ষম হৈছে । এই উন্নয়নৰ পৰ্যালোচনা কৰা আৰু ইয়াক আগুৱাই লৈ যোৱাৰ উদ্দেশ্যে তেওঁ ত্ৰিপুৰাত উপস্থিত হোৱা বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । তেওঁ লগতে কয় যে যিসকলে পূৰ্বে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাছিল তেওঁলোকক এতিয়া ঘৰ দিয়া হৈছে ।

ইফালে তেওঁ ৰাজ্যিক অতিথিশালাত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত বিভিন্ন কেন্দ্ৰীয় প্ৰকল্পৰ অগ্ৰগতি সম্পৰ্কে এক পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে । বৈঠকত উপ মুখ্যমন্ত্ৰী জিষ্ণু দেৱ বৰ্মা, নগৰ উন্নয়ন, ৰাজহুৱা নিৰ্মাণ বিভাগৰ সচিব কিৰণ গিটে আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে । ইয়াৰ মাজতে কেন্দ্ৰীয় মন্ত্ৰী গিৰিৰাজ সিং আৰু মুখ্যমন্ত্ৰী ডাঃ মানিক সাহাই ৰাজ্যিক অতিথিশালাত এক বৈঠকত মিলিত হয় । দুয়োগৰাকীয়ে ৰাজ্যখনৰ উন্নয়নমূলক কাম-কাজ আৰু দল সম্পৰ্কীয় বিভিন্ন বিষয়ত আলোচনা কৰে ।

ইয়াৰোপৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত বিভিন্ন কেন্দ্ৰীয় প্ৰকল্পৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে আৰু সমস্যাসমূহৰ বিষয়েও বুজ লয় ।

লগতে পঢ়ক :আগন্তুক নিৰ্বাচনৰ ৰণনীতি প্ৰস্তুত CPIM দলৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.