ETV Bharat / bharat

অমিত শ্বাহৰ ভ্ৰমণক লৈ উৎসাহী ত্ৰিপুৰা বিজেপি

author img

By

Published : Mar 7, 2022, 6:57 PM IST

মঙলবাৰে ত্ৰিপুৰালৈ আহিব অমিত শ্বাহ (Amit Shah to visit Tripura)৷ ইতিমধ্যে প্ৰস্তুতি তুংগত কৰি তুলিছে ত্ৰিপুৰা বিজেপিয়ে ৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে দেওবাৰে বিবেকানন্দ মৈদানত অমিত শ্বাহৰ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয় ৷

Union home minister Amit Shah to visit Tripura
অমিত শ্বাহৰ ভ্ৰমণক লৈ উৎসাহী ত্ৰিপুৰা বিজেপি

আগৰতলা, 1 মাৰ্চ : মঙলবাৰে ত্ৰিপুৰা ভ্ৰমণলৈ আহিব দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ (Amit Shah to visit Tripura)৷ অহা 2023 বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব লগীয়া ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ (Upcoming Tripura election)পূৰ্বে অমিত শ্বাহৰ এই ভ্ৰমণে ৰাজ্যিক আৰু তৃণমূল পৰ্যায়ত বিজেপিক যথেষ্ট উৎসাহিত কৰিব বুলি আশা কৰা হৈছে ৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী প্ৰতিমা ভৌমিকে দেওবাৰে বিবেকানন্দ মৈদানত অমিত শ্বাহৰ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লয় ৷

সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত ভৌমিকে কয় যে, ত্ৰিপুৰাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ নেতৃত্বতেই বিজেপিয়ে চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল ৷ বিজেপিক শাসনলৈ অনাৰ ক্ষেত্ৰত অমিত শ্বাহে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বুলিও উল্লেখ কৰে ভৌমিকে ৷ তেওঁ লগতে কয় যে, অমিত শ্বাহৰ এই ভ্ৰমণ সাফল্য মণ্ডিত কৰাৰ বাবে চেষ্টাৰ কোনো ক্ৰূটি ৰখা নাই ত্ৰিপুৰা বিজেপিয়ে ৷

প্ৰথমেই অমিত শ্বাহে মাতা ত্ৰিপুৰা সুন্দৰী মন্দিৰৰ ৰূপৰ দ্বাৰ মুকলি কৰিব ৷ তাৰ পাচতে মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় ফৰেন্সিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব ৷ আধাৰশিলা স্থাপনৰ পাচতে অমিত শ্বাহে বিবেকানন্দ মৈদানত এক জনসভা সম্বোধন কৰিব ৷ বিজেপি-আই পি এফ টি মিত্ৰজোঁট চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে এই সভাত অংশ ল’ব শ্বাহে ৷

বিগত কিছুমাহ ধৰি ত্ৰিপুৰাত গেৰুৱা দলটো মুখামুখি হৈ থকা কিছু সমস্যা সন্দৰ্ভত আলোচনাৰ বাবে অমিত শ্বাহে দলীয় নেতৃত্বৰ সৈতে বৈঠকত মিলিত হ’ব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক : পেলেষ্টাইনত ভাৰতীয় ৰাষ্ট্ৰদূতৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.