ETV Bharat / bharat

বিএছএফৰ প্ৰতিষ্ঠা দিৱসত শ্বহীদ সেনা নায়কলৈ শ্ৰদ্ধাঞ্জলি অমিত শ্বাহৰ

author img

By ANI

Published : Dec 1, 2023, 11:59 AM IST

Amit Shah attend 59th BSF Raising Day
বিএছএফৰ প্ৰতিষ্ঠা দিৱসত শ্বহীদ সেনা নায়কলৈ শ্ৰদ্ধাঞ্জলি অমিত শ্বাহৰ

ভাৰত চৰকাৰে এক বিশেষ কেন্দ্ৰীয় নিয়ন্ত্ৰিত সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰয়োজনীয়তা অনুভৱ কৰে, যিয়ে সশস্ত্ৰভাৱে আৰু প্ৰশিক্ষণ লাভ কৰি পাকিস্তানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত মোকাবিলা কৰিব । সেই উদ্দেশ্যৰেই সচিব সমিতিৰ পৰামৰ্শৰ ফলস্বৰূপে ১৯৬৫ চনৰ ১ ডিচেম্বৰত সীমান্ত সুৰক্ষা বাহিনী গঠন হয় ।

নিউজ ডেস্ক, ১ ডিচেম্বৰ : শুকুৰবাৰে ঝাৰখণ্ডৰ হাজাৰিবাগ জিলাত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত হয় বিএছএফৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী । বিএছএফৰ ৫৯ সংখ্যক প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে । তেওঁ তাত কৰ্তব্যৰত অৱস্থাত দেশৰ বাবে নিজকে বলিদান দিয়া সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । উল্লেখ্য যে প্ৰায় ২.৫ লাখ জোৱানৰ শক্তিৰে বিশ্বৰ সৰ্ববৃহৎ সীমান্ত ৰক্ষী বাহিনী বিএছএফে প্ৰতি বছৰে ১ ডিচেম্বৰত ইয়াৰ প্ৰতিষ্ঠা দিৱস উদযাপন কৰে ।

ভাৰত-পাকিস্তান আৰু ভাৰত-বাংলাদেশ সীমান্ত সুৰক্ষাৰ বাবে সমৰ্পিত বিএছএফ হৈছে যুদ্ধকালীন আৰু লগতে শান্তিকালীন ভূমিকাৰ সৈতে এক সুস্পষ্টভাৱে নিৰ্ধাৰিত ৰাষ্ট্ৰৰ একমাত্ৰ শক্তি । বিএছফে যুদ্ধ আৰু শান্তিৰ সময়ত তেওঁলোকক প্ৰদান কৰা প্ৰতিটো কাম সফলতাৰে সমাপন কৰিছে আৰু সীমান্তত শান্তি-শৃংখলা নিশ্চিত কৰিছে ।

  • हजारीबाग (झारखंड) में बीएसएफ के 59वें स्थापना दिवस परेड समारोह से लाइव… https://t.co/l2wogkfJpc

    — Amit Shah (@AmitShah) December 1, 2023 " class="align-text-top noRightClick twitterSection" data=" ">

আটাইতকৈ প্ৰত্যাহ্বানপূৰ্ণ ভূখণ্ড আৰু দূৰৱৰ্তী স্থানত নিয়োজিত বিএছএফে পাকিস্তান আৰু বাংলাদেশৰ সৈতে ভাৰতৰ সীমাত অভিভাৱক হিচাপে কাম কৰি আহিছে । ১৯৬৫ চনলৈকে পাকিস্তানৰ সৈতে থকা ভাৰতৰ সীমান্ত ৰাজ্যিক সশস্ত্ৰ আৰক্ষী বেটেলিয়নে পৰিচালনা কৰিছিল । ১৯৬৫ চনৰ ৯ এপ্ৰিলত পাকিস্তানে কচ্ছৰ চৰ্দাৰ পোষ্ট, চাৰ বেট আৰু বেৰিয়া বেটত আক্ৰমণ কৰে ।

এই আক্ৰমণৰ ফলত সশস্ত্ৰ আক্ৰমণৰ সৈতে যুঁজিবলৈ ৰাজ্যিক সশস্ত্ৰ আৰক্ষীৰ অপাৰগতা উন্মোচিত হয় । ফলত ভাৰত চৰকাৰে এক বিশেষ কেন্দ্ৰীয় নিয়ন্ত্ৰিত সীমান্ত সুৰক্ষা বাহিনীৰ প্ৰয়োজনীয়তা অনুভৱ কৰে, যাক পাকিস্তানৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্ত মোকাবিলা কৰিবলৈ সশস্ত্ৰ আৰু প্ৰশিক্ষণ দিয়া হ'ব । সচিব সমিতিৰ পৰামৰ্শৰ ফলস্বৰূপে ১৯৬৫ চনৰ ১ ডিচেম্বৰত সীমান্ত সুৰক্ষা বাহিনী গঠন হয় ।

আৰম্ভণিতে ১৯৬৫ চনত বিএছএফ ২৫ টা বেটেলিয়নেৰে আত্মপ্ৰকাশ কৰিছিল । সময়ৰ লগে লগে পঞ্জাব, জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চলত সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজিবলৈ ৰাষ্ট্ৰৰ প্ৰয়োজনীয়তা অনুসৰি সম্প্ৰসাৰিত কৰা হয় । বৰ্তমান বিএছএফত পাকিস্তান আৰু বাংলাদেশৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্তত পহৰা দি থকা ১৯২ টা (তিনিটা এনডিআৰএফসহ) বেটেলিয়ন আৰু সাতটা বিএছএফ আৰ্টিলাৰী ৰেজিমেণ্ট আছে ।

তদুপৰি, বিএছএফে কাশ্মীৰ উপত্যকাত অনুপ্ৰৱেশ-বিৰোধী ভূমিকা, উত্তৰ-পূৰ্বাঞ্চলত বিদ্ৰোহ-বিৰোধী, ওড়িশা আৰু ছত্তীশগড়ত নক্সালবিৰোধী অভিযান আৰু পাকিস্তান আৰু বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তত একত্ৰিত চেকপোষ্টৰ নিৰাপত্তাৰ ক্ষেত্ৰতো মহান ভূমিকা পালন কৰি আছে ।

লগতে পঢ়ক :আলীগড় মুছলিম বিশ্ববিদ্যালয়ত স্থাপন হ'ব লোকপিয়ল তথ্য গৱেষণা কৰ্মকেন্দ্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.