ETV Bharat / bharat

Nipah virus: কেৰালাত নিপা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ

author img

By ETV Bharat Assamese Team

Published : Sep 14, 2023, 10:32 PM IST

Nipah virus
কেৰালাত নিপা ভাইৰাছ সংক্ৰমণ ৰোধৰ বাবে যাৱতীয় পদক্ষেপ গ্ৰহণ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ

কেৰালাত নিপা ভাইৰাছৰ পৰ্যালোচনা কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় ৷ কেন্দ্ৰীয় মন্ত্ৰী ড৹ ভাৰতী পাৱাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু স্বাস্থ্যমন্ত্ৰী ড৹ মনসুখ মাণ্ডব্যৰ তত্বাৱধানত প্ৰতিৰোধমূলক ব্যৱস্থা ৰূপায়নৰ লগতে সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণ কৰাত গুৰুত্ব আৰোপ কৰে ।

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ: কেৰালাত নিপা ভাইৰাছৰ ক্ৰমবৰ্ধমান ভাবুকিৰ প্ৰতি সঁহাৰি জনাই কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড৹ ভাৰতী প্ৰবীণ পাৱাৰে কেৰালাৰ কোঝিকোডত ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা পদক্ষেপসমূহৰ সম্যক মূল্যায়ন কৰে । পুনেস্থিত ইণ্ডিয়ান কাউন্সিল অৱ মেডিকেল ৰিচাৰ্চ– নেশ্যনেল ইনষ্টিটিউট অৱ ভাইৰ’লজী (আইচিএমআৰ-এনআইভি)ত বৃহস্পতিবাৰে এই পৰ্যালোচনা কৰা হয় ।

কেন্দ্ৰীয় মন্ত্ৰী ড৹ ভাৰতী পাৱাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড৹ মনসুখ মাণ্ডব্য়ৰ তত্বাৱধানত প্ৰতিৰোধমূলক ব্যৱস্থা ৰূপায়নৰ লগতে সমগ্ৰ পৰিস্থিতিৰ ওপৰত তীক্ষ্ণ নিৰীক্ষণ কৰাত গুৰুত্ব আৰোপ কৰে । বিস্তৃত পৰ্যালোচনাৰ অন্তত ড৹ পাৱাৰে কয়, "ভাৰত চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সক্ষম নেতৃত্বত আৰু স্বাস্থ্যমন্ত্ৰী ডাঃ মনসুখ মাণ্ডব্য়ৰ নিৰ্দেশনাত বিকশিত পৰিস্থিতিৰ সতৰ্কতাৰে নিৰীক্ষণ কৰি আছে আৰু আমি এই ভাইৰাছ আৰু অধিক বিয়পি পৰাত বাধা দিবলৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছো ।"

ডাঃ পাৱাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় আৰু আইচিএমআৰ-এনআইভিৰ(ICMR-NIV) সহযোগিতামূলক প্ৰচেষ্টাৰ ওপৰত আলোকপাত কৰি কয় যে জৈৱ সুৰক্ষা স্তৰ ৩ (বিএছএল-৩) পৰীক্ষাগাৰেৰে সজ্জিত মোবাইল ইউনিটৰ সৈতে উচ্চ পৰ্যায়ৰ দলসমূহ ইতিমধ্যে কোঝিকোডেলৈ প্ৰেৰণ কৰা হৈছে ৷ তেওঁ কোঝিকোড অঞ্চলৰ আক্ৰান্ত গাঁও পঞ্চায়তসমূহক কোৱাৰেণ্টাইন জ’ন হিচাপে নিৰ্ধাৰণ কৰাৰ কথাও ঘোষণা কৰে।

উল্লেখ্য যে, ৰাজ্যখনক নিপা প্ৰাদুৰ্ভাৱৰ ফলপ্ৰসূ পৰীক্ষণ কৰাৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে ডাঃ মালা ছাবড়াৰ নেতৃত্বত এটা বহুবিষয়ক দলক নিয়োগ কৰিছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয় আৰু আইচিএমআৰ-এনআইভিয়ে দৈনিক পৰিস্থিতিৰ ওপৰত নিবিড়ভাৱে নিৰীক্ষণ কৰি আছে বুলি আশ্বাস প্ৰদান কৰে ডাঃ পাৱাৰে । এই ভাইৰাছৰ প্ৰাদুৰ্ভাৱক ফলপ্ৰসূভাৱে মোকাবিলা কৰিবলৈ কেন্দ্ৰই প্ৰয়োজনীয় সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰাৰ কথা তেওঁ জানিবলৈ দিয়ে ৷

কেৰালাত নিপা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পাচত দ্ৰুত সংক্ৰমণৰ আশংকা কৰাৰ হৈছে ৷ মৃত্যুৰ হাৰো অধিক হোৱাৰ সম্ভাৱনা আছে ৷ কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে বিভিন্ন সংস্থা আৰু বিশেষজ্ঞৰ সহযোগত এই সংক্ৰমণ নিয়ন্ত্ৰণ আৰু অধিক হতাহতি ৰোধৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ।

বিএছএল-৩ পৰীক্ষাগাৰেৰে সজ্জিত উচ্চ পৰ্যায়ৰ দল নিয়োগ কৰি অধিক সংক্ৰমণ ৰোধ কৰিবলৈ ৰোগীক দ্ৰুতভাৱে চিনাক্ত আৰু পৃথক কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে । আক্ৰান্ত অঞ্চলসমূহত কোৱাৰেণ্টাইন জ’ন নিৰ্ধাৰণ কৰি সম্প্ৰদায়সমূহৰ ভিতৰত ভাইৰাছৰ সংক্ৰমণ নিয়ন্ত্ৰণৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে ।

লগতে পঢ়ক: Nipah virus : কেৰালাত পুনৰ নিপা ভাইৰাছত আক্ৰান্ত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.